পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


আজিও বঞ্চিত। অৱশ্যে জগত জুৰি বাতৰি-কাকতৰ প্ৰভাৱ বিয়পি পৰাৰ হেতুকে তাৰ ভাল বেয়া স্বভাৱো জগতৰ সাহিত্যৰ ওপৰত পৰিছে, আৰু অসমীয়া সাহিত্যও তাৰ দোষ-গুণৰ ভাগী নহৈ পৰা নাই। বাতৰিকাকতৰ প্ৰভাৱৰ দোষৰ ভিতৰত যেনেকৈ চেলেং-পেটেং সমালোচনা আৰু হৈ-চৈ কৰা স্বভাৱ, তাৰ গুণৰ ভিতৰত ধুঁৱলি-কুঁৱলি। বিৱৰণৰ ঠাইত বস্তুমুখী দৃষ্টিৰ প্ৰভাৱ। বাতৰিকাকতৰ দোষ এৰি গুণৰ ভাগ যাতে অসমীয়া সাহিত্যত সোমাব পাৰে তাৰ যত্নৰ প্ৰয়োজন। তদুপৰি বাতৰি কাকতৰ এটা বিশেষ স্বভাৱ হল তাৰ ক্ষণস্থায়িত্ব; তাৰ এই প্ৰভাৱত বৰ্তমান অসমীয়া সৰহখিনি সাহিত্যই তেনে জাতৰ হৈছে; কিন্তু আশা কৰিব পাৰি বিশেষ গুণী লেখকৰ হাতত এই সাহিত্যৰ এটি ভাগে তুলনাত স্থায়ী ৰূপ পাব।

 নতুন কবিতা ৰচনাত হেম বৰুৱা, নৱ বৰুৱা আদি কেইবাজনো লেখকে যথেষ্ট কৃতিত্ব দেখুৱাইছে, যদিও তেওঁলোকৰ লগত শাৰী পতা বহুত লেখকৰে আৱশ্যকীয় চৰ্চ্চাৰ অভাৱ লক্ষ্য কৰিব পাৰি। নতুন কবিতাৰ কল-কৌশলত জ্ঞান-বিজ্ঞান উভয়েই আছে; গতিকে তাৰ প্ৰকৃত ধ্যান-ধাৰণা লাভ কৰিবলৈ যি আয়াস আৰু একাগ্ৰতা লাগে, বহুতৰে সি নোহোৱাত “দেখাক দেখি কৰ্ম। শুনাক শুনি ধৰ্ম॥” কৰিবলৈ যোৱাৰ দৰে হয়। তদুপৰি নতুন কবিতাৰ কল-কৌশল বিদেশী হলেও তাক অসমীয়া জাতীয় জীৱনত খাপ খুৱাবলৈও ভালেখিনি বুদ্ধিৰ প্ৰয়োজন; সেই বুদ্ধিও অৱশ্যে উপাৰ্জন কৰি লব লাগিব। বিদেশী কল-কৌশল ব্যৱহাৰৰ কৃতকাৰ্য্যতা প্ৰমাণ হ’ল তাক বিদেশী বুলি সতকাই গম ধৰিব পৰা হব নালাগিব। ইংৰাজী নৱন্যাস ব্যৱহাৰ কৰা ইয়াৰ পূৰ্বযুগৰ কবিসকলেই তাৰ প্ৰমাণ দিয়ে। আন কথাৰে কবলৈ হ'লে, বিজাতীয় বস্তু জাতীয় বা অঘৰী কথা ঘৰচীয়া নহলে সি গ্ৰহণীয়া নহয়।

 নতুন চুটিসাধু লেখকৰ ভিতৰত পুৰণি চামৰ হেমচন্দ্ৰ বৰুৱা আদি নতুন চামৰ আব্দুল মালিক প্ৰভৃতি লেখত লবলগীয়া। ভাব-ভাষা কল-কৌশল আদি সকলো পিনে চৰ্চ্চাৰ প্ৰমাণ দেখুৱালেও এই পিছৰ লেখকৰ আগৰ ৰচনাত মোপাছাৰ অপৰিপক্ক গল্পৰ প্ৰভাৱ যথেষ্ট আছিল; সুখৰ বিষয়, বৰ্তমান তেওঁৰ লিখাই মাজে মাজে ক্ৰম-পৰিণতিৰ চিন দেখুৱাইছে। এওঁৰ আগৰ-পিছৰ প্ৰায় লেখকতে কল-কৌশলত হওক-নহওক, ভাব-ভাষা বিষয়ত আৱশ্যকীয় অধিকাৰ নোহোৱা হেতুকে শিল্পীৰূপে তেওঁলোকৰ সিদ্ধি নিশ্চিত নহয়। এওঁলোকৰ সৰহ-খিনিয়েই সমাজ আৰু চৰিত্ৰ অধ্যয়নতকৈ অকল