পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰ বৰ্তমান আৰু ভবিষ্যত


মহাৰাণী ভিক্টৰিয়াৰ মৃত্যুৰ দহ-পোন্ধৰ বছৰৰ আগৰ পৰা যেনেকৈ ভিক্টৰিয়া যুগৰ নৈষ্ঠিকতা লাহে লাহে জহি-খহি যাবলৈ ধৰিছিল, লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ ন-দহ বছৰৰ আগৰ পৰা সেইদৰে অসমীয়া সাহিত্যৰ বেজবৰুৱা যুগৰ নীতি-নিয়মবোৰ ভাগিব-ছিগিবলৈ আৰম্ভ কৰিছিল, আৰু ১৯২৯কে আমি তাৰ প্ৰাৰম্ভ কাল বুলিছোঁ। এহাতে ইংৰাজী আৰু বঙলা সাহিত্যৰ ভিতৰেদি অহা ঘাইকৈ মোপাছা আৰু ফ্ৰয়েদীয় প্ৰভাৱ আৰু ইহাতে দলীয় ৰাজনীতিৰ হেচা লগ লাগি আগৰ বেজবৰুৱাৰ নৈতিক শাসনৰ বিৰুদ্ধবাদী দলটোক এতিয়া উচটনি দিলে; আৰু গুৱাহাটিৰ পৰা নকৈ ওলোৱা দুই-এখন আলোচনীৰ আশে-পাশে তেওঁলোকে ৰণচালি পাতিলে। ইয়াৰ বেয়া-ভাল দুইটা ফলেই অচিৰে দেখা দিলে; বেয়াৰ ফালত বিশেষ অধ্যয়ন-একাগ্ৰতা নোহোৱাকৈও যেয়ে সেয়ে সাহিত্য-ক্ষেত্ৰত নামিবলৈ লাই পালে, আৰু ভালৰ ফালত অলপ অচৰপ চৰ্চ্চা থাকিলেও নিন্দাৰ ভয়ত কুচিমুচি থকা এচাম লেখক আগবাঢ়ি ওলাই আহিল। এই নতুন প্ৰচেষ্টাৰ আটাইতকৈ লেখত ল'ব লগা গুণ হ’ল এতিয়াৰ পৰা অভাৱনীয়ৰূপে অসমীয়া সাহিত্যৰ পৰিসৰ বাঢ়িল; আৰু তাৰ লগৰীয়া সৱাতকৈ বৰ দোষৰ ভিতৰত হ’ল ভাষা-সাহিত্যৰ তেনেই তৰাং জ্ঞান লৈও নতুন দুটা কৌশল-কিটিপ শিকিয়ে নিজক সাহিত্যৰ অধিকাৰী বুলি ভবা এটা অহম্মিকা বহুতৰ গাত লম্ভিবলৈ ধৰিলে।

 এই অৱস্থাৰ সোতৰ-ওঠৰ বছৰৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হোৱাত তাতো অসমীয়া পাঠ্য-আদি লৈ এটা উপদল গঠিত হ’ল। অসমীয়া সাহিত্যত আগতে কোন বিষয়ত কি কাম হৈছে-নহৈছে তাক নাজানি আৰু জানিবৰ যত্ন নকৰি 'গৱেষণা' কাৰ্য চলোৱাত সৰহভাগ কাম চৰ্বিত-চৰ্বণ’ হলেও ইয়াৰ যোগে এতিয়াও যথেষ্ট লাগতিয়াল কাম কৰিব পাৰি। অসমৰ বিশ্ববিদ্যালয়ত অসমীয়া সাহিত্য-চৰ্চ্চাৰ মানদণ্ড যেনে উন্নত হব লাগিছিল তেনে নোহোৱাৰ কাৰণবোৰ দূৰ কৰি এতিয়াও জাতিৰ উন্নতি সাধনত ব্ৰতী হবৰ উপায় আছে। গৱেষণাৰ দৰে অসমীয়া সাহিত্য সমালোচনা-ক্ষেত্ৰতো এই বিশ্ববিদ্যালয়ৰ পৰা যেনে গধুৰ বৰঙণি পাব লাগিছিল তাৰ পৰা অসমীয়া সাহিত্য