পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


সাহিত্যৰ সমালোচক! আকৌ হেমচন্দ্ৰ, গুণাভিৰাম, লক্ষ্মীনাথকে ধৰি আগৰ আলোচনী-সম্পাদক আহিছিল অধিনায়কৰ সম্মানিত আসনৰ পৰা; আৰু এই কালছোৱাত সাধাৰণতে সেই ঠাই পূৰণ কৰিছে ব্যৱসায়-প্ৰয়াসী বা জীৱিকাৰ্থীয়ে। গতিকে ভাষা বা সাহিত্য সম্পৰ্কে পৰিচালনা সমালোচনা কোন দৰৰ হৰ তাক সহজে অনুমান কৰিব পাৰি। লোণে আৰু ক'ৰ পৰা ব্যঞ্জন সোৱাদ কৰিব লোণতেই যেতিয়া সোৱাদ নাই৷

 বৰ্তমান অসমীয়া সাহিত্যৰ প্ৰধান অভিশাপ হ’ল ৰাজ্যিক পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে সকলোতে প্ৰকৃত সৃজনীমূলক প্ৰতিভাক এফলীয়া কবি দ্বিতীয়-তৃতীয় শ্ৰেণীৰ লেখক বা সাহিত্য-জীৱিকাৰ্থীৰ দ্বাৰা পৰস্পৰ-শলাগনিৰ 'প্ৰাইভেট লিমিটেড, কম্পেনী’ গঠন। সাহিত্য-ব্যৱসায়ো তেনে লোকেই একস্বত্বীয়া কৰি লোৱাৰ ফলত পবিত্ৰ জ্ঞান-সাধনা আৰু সত্য-অন্বেষণ সাহিত্যৰ মূলধন ৰূপে বিলুপ্ত হৈ সাহিত্যক্ষেত্ৰ সত্যৰ অপলাপৰ আৰু অসত্যৰ প্ৰচাৰৰ ঠাই হৈ পৰিছেঃ এই বিষয়ে সমাজ-বিবেক জগ্ৰত হব কাল কেতিয়াবাই আহিল।

 প্লেটই তেওঁৰ আদৰ্শ ৰাষ্ট্ৰৰ পৰা কবিতাক নিৰ্বাসন দিছিল, যদিও তেওঁ নিজে এজন লেখৰ কবি আছিল আৰু এটি কৱিতাৰে তেওঁৰ সেই বিষয়ৰ গ্ৰন্থৰ সামৰণি মাৰিছিল। তেওঁ আসোঁৱাহ ধৰিছিল, কবিতা তথা সাহিত্যই সাধাৰণতে অসত্যক আশ্ৰয় দিয়ে আৰু তাৰ পৰা সমাজ পতনমুখী হয়। ভাৰতীয় তথা অসমীয়া সাহিত্যই আজি সেই পতন-মুখী বাটত ৰাষ্ট্ৰক পৰিচালিত কৰিছেঃ ৰাষ্ট্ৰই এতিয়া তলৈ চকু দিবৰ হল।

 পাৰস্যীয় সাহিত্যৰ যশস্বী ঐতিহাসিক এডৱাৰ্ড ব্ৰাউনে সকলো সাহিত্যৰ বাবে এটি অতি লাগতিয়াল ইঙ্গিত বা সঙ্কেত-বাণী শুনাইছে বোলে ভাষাৰ শুদ্ধতাৰ হ্ৰাস আৰু জাতিৰ অৱনতিৰ মাজত কিবা অন্তৰঙ্গ সম্পৰ্ক থকা সদায় দেখিবলৈ পোৱা হয়। হেষ্টিংছৰ যুদ্ধৰ আগত এংলো-ছেক্সন ভাষা প্ৰায়ে শুদ্ধৰুপে লিখা নহৈছিল, আৰু নৰ্মান্ মাৰনৰ আগে আগে সেই ভাষাত ভালকৈয়ে ক্ষয়ৰোগ সোমাইছিল। ঠিক তেনেকৈয়ে আৱেষ্টাৰ প্ৰাচীন পাৰস্যী ভাষা লেৰেলি যোৱাৰ লগে লগে মজদীয়া ধৰ্মৰ অধঃপতন আৰম্ভ হল, কঠোৰ একশৰণ মজদীয়া ধৰ্মত অহুৰ মজদা আৰু একেশ্বৰ হৈ নাথাকিল—মিথ্ৰ (সূৰ্য), উহিত (শুক্ৰ) আদি অন্য দেৱতাই অহুৰ মজদাৰ লগত শাৰী পাতিলে! এই ঘটনাৰ লগত অসমীয়া ভাষা আৰু মহাপুৰুষীয়া ধৰ্মৰ ৰিজনি বঢ়িয়াকৈ খাটে; বৰ্তমান অসমীয়া ভাষাৰ শুদ্ধতা হ্ৰাসৰ সৈতে মহাপুৰুষৰ লগত অন্য দেৱী-দেৱ সুমুৱাবৰ পুনঃ পুনঃ অপচেষ্টা মন কৰিব লগীয়া। চাপৰিলে মেঘ নেৰায়ঃ ই নিৰ্দয় হলেও অটুট সত্য৷