পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


অতুলচন্দ্ৰক কেন্দ্ৰতকৈ পৰিধিৰ কবি বুলিব পাৰি। ভাব-বৈশিষ্ট্য নহলেও সুন্দৰ শব্দ-গাঁথনি আৰু পদ-লালিত্যেৰে শৈলধৰ, আৰু অলপ অস্পষ্ট হলেও মৌলিক ভাবেৰে কমলেশ্বৰ, প্ৰতিনিধিমূলক কবি। বিশ্ববিদ্যালয়ৰ দুৱাৰ-দলিত ভৰি নিদিয়াকৈও স্বাভাৱিক শক্তিৰে কবি-প্ৰসিদ্ধি লাভ কৰা ত্ৰিমূৰ্ত্তি ৰঘুনাথ-নলিনীবালা-ধৰ্মেশ্বৰী। অলপ বয়সতে কবি-প্ৰসিদ্ধি লভি ৰাজনীতিলৈ যোৱা দেৱকান্ত আৰু আঢ়ৈ কুৰিৰ সিফাললৈকে ৰাজনীতিত থাকি তাৰ পৰা সাহিত্যলৈ অহা নীলমণি, ৰহস্যপূৰ্ণ। নীলমণিৰ সৰহভাগ পদ্য যদি গদ্য হেন, তেওঁৰ সৰহখিনি গদ্য, ভাবৰ কথা এৰি, পদ্য হেন। প্ৰথম যৌৱনৰ ভাব-ভাষাৰ ফেন নৌ মাৰ যাওঁইে “পাপৰি" লেখক গণেশচন্দ্ৰ আদি ঢোপাতে মৰহিল। প্ৰতিনিধিমূলক ভাৱেহে এই কেজনক লৈ আলোচনা মুকলি কৰা হৈছে।

 অসমীয়া গীত-ৰচনাৰ কাহিনীও ৰহস্যজনক; বৰ্তমান কবিতাৰ দৰেই অতীতৰ লগত ইয়াৰ সম্বন্ধ ছিগা; কি ভাব, কি ভাষা, উভয়তে। বৰ্তমানৰ উপযোগী গীত-বচনা আৰম্ভ হয় যোৱা শতিকাৰ আশীবোৰত সত্যনাথৰ গীতাৱলীৰ যোগে, আৰু বেণুধৰে তেওঁক অনুসৰণ কৰে। বৰ্তমান শতিকাৰ প্ৰথম দশকত লক্ষ্মীৰামৰ “সঙ্গীত-সাধনা” আৰু “সঙ্গীত-কোষে’’ৰে বৰ্তমান অসমীয়া গীতৰ উদ্বোধন হয়। আগৰ এসময়ৰ ভাব-সুৰ উভয়তে বঙালীৰ অনুকৰণ কৰাৰ পৰিবৰ্তে হ’ল মৌলিক ভাব, কিন্তু বঙলা সুৰৰ অনুকৰণ; যেনে দ্বিজেন্দ্ৰলাল সুৰৰ অনুকৰণত পদ্মধৰৰ “ফুলনি” আৰু ৰবীন্দ্ৰনাথৰ সুৰৰ অনুকৰণত ডিম্বেশ্বৰৰ সঁফুৰা”, এই শতিকাৰ দ্বিতীয়-তৃতীয় দশকত। কিন্তু এই তৃতীয় দশকৰে শেষ ছোৱত সেই অৱস্থাৰ সামৰণি পেলাই মৌলিক ভাব আৰু অসমীয়া আই-নাম বিয়া-নামৰ সুৰত গীত-ৰচনাৰ পাতনি মেলিলে ঘাইকৈ জ্যোতিপ্ৰসাদে তেওঁৰ “শোণিত কুঁৱৰী”ত। তাৰ পাছত কীৰ্ত্তিনাথ বৰদলৈয়ে “বাসন্তীৰ অভিষেক” আৰু “লুইত কোঁৱৰ”ৰ ভিতৰেদি এই নতুন চেষ্টাক আৰু বৈচিত্ৰময় কৰি অভিনন্দিত কৰিলে। কিন্তু ই বৰ দুখৰ কথা অসমীয়া গীত-ৰচনাৰ এই অভিনৱ চেষ্টা যোৱা দেঢ় কুৰি বছৰত যেনেদৰে আগবাঢ়িব লাগিছিল তেনে হোৱা নাই। বিয়া নাম বা দিহা নামৰ ভাল সুৰ এটাই গীত নহয়, তাৰ কথা অংশ যে আছে সিও পূৰঠ হব লাগিব; তদুপৰি চহা-গীতৰ সুৰ এটাও সঙ্গীত-বিজ্ঞানৰ উচ্চতম খাপত আছে বুলি ধৰিব নালাগিব। অসমীয়া সঙ্গীতৰ দুৰ্ভাগ্য অসমীয়া কবিসকল সাধাৰণতে