পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৫
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


জ্যোতিপ্ৰসাদৰ নাট, দেৱকান্ত আৰু নলিনীবালাৰ কবিতা ৰচিত হৈছে; কিন্তু এওঁলোকে স্বৰূপতে সেই নৱন্যাসৰ দ্বিতীয় সুতিটোকে ধৰি আহিছে। আগতে কোৱা হৈছে, অসমীয়া নৱন্যাসৰ প্ৰথম সুতিতকৈ দ্বিতীয় সুতি বহুত তৰাং, তাৰ প্ৰমাণ, চন্দ্ৰকুমাৰৰ “প্ৰতিমা” বীণবৰাগী” আৰু লক্ষ্মীনাথৰ “কদম-কলি"ৰ অন্তত: শ্ৰেষ্ঠ কবিতাখিনিৰ সমতুল্য ৰচনা পাছৰ যুগত সাধাৰণতে নাই। আকৌ ভাবৰ তেনে গভীৰতা নহলেও, বৰ্ণনা-মাধুৰ্য্যত ৰঘুনাথৰ “সাদৰী”, “কেতেকী’’ৰ যোৰ তেওঁৰে “দহিকতৰা” আদিয়ে নাপায়। ওজঃ গুণত অম্বিকাগিৰিৰ বৈশিষ্টা সদায় থাকিলেও, “তুমি”ত মাধুৰ্য্যৰো যি সমাবেশ আছিল, তেওঁৰ পাছৰ ৰচনাত সি নাই।

 অমৰ ওমৰক যেনেকৈ ফিজ্জাৰেল্ডে আদখনীয়া কৰিলে, যতীন্দ্ৰনাথেও তেনেকৈ ফিজ্জাৰেল্ডক আদখনীয়া কৰিলে; কাণত সুত-লগা শব্দ-বাচনি আৰু পদ-লালিত্য তেওঁৰ চিৰ বৈশিষ্ট্য হলেও ভাবৰ গম্ভীৰতা আৰু বৈচিত্ৰ্য প্ৰকাশ কৰিব পৰা শক্তিৰ দৈন্যই “ওমৰ-তীৰ্থ’’ক ক্ষুন্ন নকৰি থকা নাই। ত্ৰিশবোৰত আৰু পঞ্চাশবোৰৰ ভিতৰত প্ৰকাশিত তেওঁৰ “আপোন সুৰ”, “বনফুল” আদিৰ প্ৰকৃততে অতি সৰহখিনিয়েই তেওঁৰ ১৯০৯-২৯ৰ ভিতৰৰ ৰচনা; কিন্তু বাস্তৱতে কুৰি শতিকাৰ তৃতীয় দশকৰ আগতেই তেওঁৰ কবিতাৰ উহ শুকাই যোৱা বুলি ধৰিব পাৰি, কিনো “নাৱৰীয়া” আদি কবিতাৰ সৃজনী-প্ৰতিভা পাছৰ কবিতাবোৰত বিৰল। যি দৰ্শনকে আৰোপ কৰা হওক, তেওঁৰ পাছৰ কবিতাবোৰত তেওঁৰ সেই চিৰকুমাৰ, নিৰ্জন, তিৰুতাসুলভ আৰু হতাশ জীৱনৰ হা-হুমুনিয়াহেই প্ৰতিফলিত হৈছে যে সন্দেহ নাই।

 যতীন্দ্ৰনাথৰ দৰে কবিতা-দেবীৰ বাবে উছৰ্গাকৰা জীৱন আৰু নলিনীবালাৰ নিচিনাকৈ ৰবীন্দ্ৰ কাব্য-দৰ্শন গ্ৰহণ কৰোঁতা ৰত্নকান্ত বৰকাকতীৰ কবি-জীৱন বিঘিনিশূন্য নহয়। ইংৰাজী সাহিত্যত “জিন গিলপিন” কবিতাৰ দৰে দণ্ডিনাথৰ দুই-চাইটি কবিতা অসমীয়া সাহিত্যত চিৰ-উপভোগ্য হৈ ৰব বুলি আশা কৰিব পাৰি। বুৰঞ্জী আদি বিভিন্ন ক্ষেত্ৰৰ খ্যাতি নোলোৱা হলে “নিৰ্ম্মালি”ৰ কেইটিমান বিতোপন কবিতাৰ বাবে সূৰ্য্যকুমাৰে কবি-খ্যাতি নিৰ্ব্ৱিবাদে ভোগ কৰি থাকিলহেতেন। “অসমা” আৰু “বিচিত্ৰা” পুথি দুখনিৰ আলোচনাত দুজন অন-অসমীয়া বিশ্ব-বিশ্ৰুত পণ্ডিতে ডিম্বেশ্বৰৰ কবিত্ব-শক্তিৰ উচ্চ প্ৰশংসা কৰিছে। আবেগৰ স্বাভাবিক উত্তাপ নাথাকিলেও জাতীয় ছন্দত লিখা বিনন্দৰ “গড়গাঁও” আদি দুই এটি কবিতা দীৰ্ঘজীৱী হব বুলি আশা কৰিব পাৰি।