পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৩
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


লেখকে তেনে উল্লেখযোগ্য চেষ্টা কৰা নাই। ৰবীন্দ্ৰনাথে বঙলাৰ প্ৰচলিত মৌখিক গীত-কবিতাৰ ছাঁ লৈও ৰস-সাহিত্যৰ উপযোগী ভালেখিনি ছন্দ আবিষ্কাৰ কৰিছে। অসমীয়াতো তেনে চেষ্টাৰ বাবে যে ঠাই আৰু আহল-বহল, ই নিশ্চয়; কিন্তু এনে চেষ্টা সূৰৰ কথা, সাধাৰণ অক্ষৰ-বৃত্তৰ ছন্দৰ নিয়মকে আয়ত্ত কৰিব নোৱৰাকৈ লিখা পদ্যৰ নমুনা অনেক আগশাৰীত ঠাই বিচৰা পদ পুথিতো প্ৰায়ে পোৱা হয়; ই সচাকৈয়ে অমাৰ্জ্জনীয়। অসমীয়া কাবা-সাহিত্যৰ আন আন বিভাগৰ দৰে ছন্দ-শিল্পৰো বিশেষ চৰ্চ্চা প্ৰয়োজনীয়। (মহেন্দ্ৰ বৰাৰ “অসমীয়া কবিতাৰ ছন্দ” চাওক)।


অসমীয়া সাহিত্যৰ অতি-আধুনিক সুতি


 অসমীয়া সাহিত্যৰ বুৰঞ্জী কিছুমান ৯ অঙ্কৰ বৈশিষ্ট্যেৰে পূৰ্ণ; ১৪৪৯ত শঙ্কৰদেৱৰ জন্ম। ১৭৮৯ত আৰম্ভ হোৱা ফৰাছী বিপ্লৱৰ প্ৰভাৱত ইংৰাজী সাহিত্যৰ যি নৱন্যাস যুগ আৰম্ভ হয়, তাৰ প্ৰভাৱতে ঠিক তাৰ পাঁচ কুৰি বছৰৰ পাছত ১৮৮৯ত অসমীয়া নৱন্যাস আন্দোলনৰ জনম-দিওঁতা “জোনাকী” কাকত ওলায়। ইয়াৰ ঠিক তিনি কুৰি বছৰৰ আগতে অসমীয়া সাহিত্যৰ আধুনিক যুগৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হয় ১৮২৯ত। “জোনাকী’'ৰ জন্মৰ পূৰা একুৰি বছৰৰ পাছত অসমীয়া নৱন্যাসৰ পৰবৰ্তী সুতিৰ জনম দিওঁতা “বাঁহী” কাকতৰ জন্ম হয় ১৯০৯ত। ইয়াৰ আকৌ পূৰা কুৰি বছৰৰ পাছত অসমীয়া সাহিত্যৰ বৰ্তমান বেমেজলি যুগৰ জনম-দিওঁতা “আৱাহন” কাকতৰ জন্ম হয় ১৯২৯ ত।

 আগৰ “জোনাকী” আৰু পাছৰ “বাঁহী”ৰ যুগৰ দুই সুতি ধৰি অসমীয়া নৱন্যাসৰ জীৱন-কাল পূৰা দুকুৰি বছৰ; এই দুকুৰি বছৰেই লক্ষ্মীনাথ বেজবৰুৱাৰো অধিনায়কত্বৰ কাল। ইয়াৰ পাছত আৰু ৬/৭ বছৰ জীয়াই থাকিলেও, তেতিয়াৰ পৰাই তেওঁৰ লিখনিও শিথিল হয় আৰু “বাহী”ও তেওঁৰ হাতৰ পৰা সৰি পৰে। “জোনাকী’’ত নৱন্যাসৰ সুতি চন্দ্ৰকুমাৰ-লক্ষ্মীনাথৰ লিখনিয়েদি যিমান দ-কৈ বৈছিল, “বাঁহী’’ত যতীন্দ্ৰনাথ আদিৰ লিখনিয়েদি সি তুলনাত তৰাং হৈ আহি শেষত সি প্ৰায় শুকাই গ'ল বুলিব পাৰি। আনফালে ইংৰাজী সাহিত্যৰ ভিক্টৰীয়া যুগৰ দৰে অসমীয়া সাহিত্যত নীতি, ভাব, ভাষা আদিত যি চিৰাচৰিত নৈষ্ঠিকতা আছিল, প্ৰতি পদে তাক ভাঙিবলৈ