পিন্ধালা তোমাৰ, মালা। মনত পৰিল, কোনোবা ত্ৰিদিব, বালা।” (মালা, “ইন্দ্ৰধনু”)।
প্ৰতি পৰ্ব্বত ক্ৰমে চাৰি, পাঁচ, ছয়, সাত মাত্ৰা দিও বিভিন্ন মাত্ৰাবৃত্ত ছন্দ ৰচিত হয়। “প্ৰাণ বীণটী, বজাই কত, শুনালোঁ গান। জানো নুশুনিলাঁ, সেই আশঙ্কাত, কঁপিল প্ৰাণ।” (বিবহমেলা, “মালতী')—ই এনে এটি ষম্মাত্ৰিক মাত্ৰাবৃত্ত ছন্দ। স্বৰবৃত্ত ছন্দত চতুঃস্বৰপৰ্ব্ব অবলম্বন সাধাৰণ; কিন্তু দ্বিস্বৰ আদিৰে এই ছন্দ-গঠন বৈচিত্ৰা-বহুল কৰিব পাৰি।
অমিত্ৰাক্ষৰ ছন্দৰো অমিত্ৰাক্ষৰেই মূল কথা নহয়; পয়াৰ ছন্দৰ অমিল ঘটোৱাই এই ছন্দৰ প্ৰবৰ্ত্তকসকলৰ কৃতিত্ব হোৱা হলে ই তেওঁলোকৰ অতি অকিঞ্চিৎকৰ কীৰ্ত্তি হলহেতেন; কিন্তু সি নহয়। অমিত্ৰাক্ষৰতা নিশ্চয় তাৰ অচ্ছেদ্য অঙ্গ নহয়ঃ মিলৰ অভাৱ বা সদ্ভাৱে তাৰ স্বৰূপত কোনো পাৰ্থক্য নঘটায়। পদ বা পয়াৰৰ দুৰ্ব্বলতা আছিল তাৰ পৰ্ব্ব-গঠন আৰু যতিস্থাপনত বৈচিত্ৰহীনতা; মুঠেই দুটি পংক্তিৰ ভিতৰত দুটি ভাব সমাপ্তিৰ অধীনতা আৰু পংক্তিৰ অন্তত পূৰ্ণ যতিস্থাপন। মিত্ৰাক্ষৰত পংক্তি যত শেষ হয়, ভাব আৰু ছন্দৰ প্ৰবাহো তাতে বিৰত হয়; অমিত্ৰাক্ষৰৰ কৃতিত্ব পৰ্ব্ব-গঠন আৰু যতি-স্থাপনত বৈচিত্ৰ্য-সাধন, মুঠেই দুটি পংক্তিৰ ভিতৰৰ পৰা ভাবক মুক্তিদান আৰু প্ৰতি পংক্তিৰ অন্তত পূৰ্ণ যতি-স্থাপন বিষয়ত স্বাধীনতা। এনে নিয়ম পালি, অমিত্ৰাক্ষৰক ইচ্ছামতে অমিল বা সমিল কৰিব পাৰি, কিন্তু পংক্তিৰ পৰা পংক্তিলৈ ভাব আৰু ছন্দৰ সোত বোৱাই দিয়াই (এনজাম্বেমেট) ইয়াৰ প্ৰাণ-বস্তু, গতিকে ইয়াক প্ৰকৃততে প্ৰবাহমান ছন্দ বোলা উচিত।
পদ বা পয়াৰক চৌধ আখৰত আৱদ্ধ নাৰাখি ষোল বা ওঠৰ আখৰেৰেও বৰ্দ্ধিত পয়াৰ ৰচনা কৰি তাকো প্ৰবাহমান কৰিব পৰা হয়। পৰ্ব্বগঠন-ৰীতি আৰু যতিস্থাপন-পদ্ধতি বন্ধনযুক্ত হলেও ই ছন্দৰ প্ৰাণ বা মূলতত্ত্ব; কিন্তু ছন্দই যেতিয়া প্ৰতি পংক্তিৰ শেষত থকা বিৰাম, যতি আৰু আখৰ-সংখ্যা অতিক্ৰম কৰি পংক্তিৰ পিছত পংক্তি বুৰাই আৰু ওপচাই ৰৈ যাব পাৰে, তেতিয়া প্ৰতি পংক্তিৰ নিৰ্দিষ্ট আখৰ সংখ্যাত আৱদ্ধ থাকিবৰ কোনো অপৰিহাৰ্য্য কাৰণ নাথাকে। ৰবীন্দ্ৰনাথে বঙলা সাহিত্যত এই তত্ত্বকে লৈ ইংৰাজী ভাৰ্ছ লিবাৰ”ৰ অনুকৰণত অক্ষৰবৃত্তৰ এক মুক্তক ছন্দ ব্যৱহাৰ কৰিছে।
অসমীয়া সাহিত্যত এনে দৰে ছন্দ-ৰাজ্যৰ সম্ভাব্যতাৰ পৰিসৰ বঢ়াবলৈ কোনো