পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬১
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


দুই মাত্ৰা ধৰি মাত্ৰিক পৰ্ব্ব প্ৰবৰ্তন কৰিব পাৰে। এই মাত্ৰা-পৰ্ব্বৰ বহুল বিচিত্ৰ সমাবেশতেই মাত্ৰাবৃত্ত ছন্দৰ সৃষ্টি; ধ্বনি-পৰিমাণ তত্ত্বই ইয়াৰ মূল, আৰু সুৰ-প্ৰাধান্যই ইয়াৰ বৈশিষ্ট্য। বঙলা সাহিত্যত এই ছন্দৰ দানৰ বাবে ৰবীন্দ্ৰনাথ বিশেষ সুপ্ৰসিদ্ধ। যুগ্ম-ধ্বনিক বিচিত্ৰ আৰু তৰঙ্গায়িত কৰি প্ৰয়োজন মতে যুগ্ম-ধ্বনিৰ বস্তু-কৰতালি বজাই সুৰ-সঞ্চাৰেৰে গীতি-কবিতাৰ উপযোগী সুৰ-মাধুৰ্য্য সৃষ্টি কৰাত ৰবীন্দ্ৰনাথৰ সহজাত ৰূপ-নৈপুণ্য অতুলন। বৰ্তমান অসমীয়া সাহিত্যত এই ছন্দৰ প্ৰচলন মাজে-সময়ে দেখা পোৱা হয়।

 আখৰ-সমাবেশ বিধি বা আখৰ-গণনাৰে হোৱা বাবে অক্ষৰবৃত্ত ছন্দ এই নাম। সচা; পিছে ধ্বনি-বিচাৰ-বৰ্জ্জিত আখৰ-সংখ্যা কোনো ছন্দৰে মৌলিক নীতি হব নোৱাৰে। অক্ষৰবৃত্ত ছন্দৰ প্ৰত্যেক শব্দৰ শেষ অংশৰ প্ৰকৃতি মাত্ৰিক, আৰু বাকী অংশৰ প্ৰকৃতি স্বৰ-সংখ্যক; গতিকে এই ছন্দক মাত্ৰাবৃত্ত আৰু সুৰবৃত্তৰ যৌগিক বা মিশ্ৰ ছন্দও বুলিব পাৰি। ধ্বনিৰ একক নিৰ্ণয়ৰ এই তিনটি ধাৰা; ছন্দৰ ধ্বনি-প্ৰবাহৰ দুটি যতিৰ মাজৰ অংশই ছন্দৰ পৰ্ব্ব (ফুট্)। ছন্দৰ যতি-স্থাপনৰ বিভিন্ন পদ্ধতিৰ পৰা বিভিন্ন প্ৰকাৰ পৰ্ব্বৰ উৎপত্তি; এই পৰ্ব্বগঠন পদ্ধতিৰ উদ্ভাৱন, পৰিবৰ্ত্তন আৰু পৰিবৰ্দ্ধন বা সুসঙ্গতিকৰণ আদি শ্ৰেষ্ঠ ছন্দ-শিল্পী-সকলৰ দান।

 অক্ষৰবৃত্ত ছন্দ-গঠনৰ মূল উপাদান চাৰি আখৰৰ পৰ্ব্ব; এয়ে পূৰ্ণ পৰ্ব্ব। এনে আৰু এটি পূৰ্ণ পৰ্ব্ব লগ লাগি আঠ আখৰৰ এক গাম্ভীৰ্যপূৰ্ণ যুক্ত পৰ্ব্ব; বা আৰু দুই আখৰৰ অৰ্দ্ধ পৰ্ব্বৰ সংযোগত ছয় আখৰৰ এক সাৰ্দ্ধপৰ্ব্ব—এই পূৰ্ণ, যুক্ত আৰু সাৰ্দ্ধ পৰ্ব্বৰ তিনটি উপাদানেৰেই সদৌ অক্ষৰবৃত্ত ছন্দ ৰচিত। কিন্তু পৰ্ব্ব-গঠন, যতিস্থাপন আদিৰ বিধিত সুদক্ষ নহলে শ্ৰেষ্ঠ কবি-শিল্পীৰো ছন্দ পতন ঘটে। অক্ষৰবৃত্তত অসম সংখ্যক আখৰত তিস্থাপন সদায় প্ৰকৃতি-বিৰুদ্ধ। ৪+৪, ৩+৩+২ এয়ে অক্ষৰবৃত্তৰ আখৰ-সমাবেশৰ ৰীতি; ৩+২+৩, ২+৩+৩ এনে পৰ্য্যায়ৰ শব্দ-বিন্যাসত সঙ্গতি নষ্ট হয় আৰু শ্ৰুতিকটুতা দোষত ছন্দ দুষ্ট হয়। সাধাৰণ পদ বা পয়াৰৰ চৈধ্য আখৰৰ প্ৰথম আঠ আখৰৰ পিছত বিৰাম স্বাভাবিক; কিন্তু এই আঠ আখৰত যদি শব্দটো শেষ নহয়, বা পিছৰ ছয় আখৰৰ শেষলৈ যুক্তবৰ্ণ তথা যুগ্মধ্বনি থাকে, তেতিয়াও ছন্দৰ লটিঘটি হয়। কিন্তু ছয় আখৰৰ পিছে পিছে দুবাৰ যতিস্থাপন কৰি শেষলৈ দুই আখৰ থলে তাত এক অভিনৱ ছন্দৰ উৎপত্তি হয়—“পোনতে যিদিনা,