পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
নতুন পোহৰত অসমীয়া বুৰঞ্জী

এই আৰ্য্য-অনাৰ্য্য শক্তি-পূজাৰ ওপৰা-উপৰিয়েই এই তান্ত্ৰিক ধৰ্মৰ এই দেশত উৎপত্তি হোৱা কথাৰ সাক্ষ্য দাঙি ধৰে।

 “দৰং ৰাজবংশাৱলী’’ৰ (৩৩৬-৩৭ পদ) পৰা স্পষ্টকৈ বুজিব পাৰি অন্ততঃ নৰনাৰায়ণৰ ৰাজত্বলৈকে (১৫৪০-৮৪ খৃঃ) এই আৰ্য্য-অনাৰ্য্য পদ্ধতিৰে পূজা বলেৰে নিয়ন্ত্ৰিত কৰিব লগা হৈছিল।—

'শপত খুৱাই ৰাজা বুলিলা বচন। শুনিয়ো সমস্তে মোৰ বাক্য-নিবন্ধন॥
গোঁহাই কমল আলি মধ্য সীমা কৰি। উত্তৰৰ ফালে আছে যতেক কছাৰী॥
সেহি ফালে দেৱালয় আছে যত তত। কোচে মেচে পূজিবেক মোহোৰ বাক্যত॥
দক্ষিণৰ ফালে পূজা ব্ৰাহ্মণে কৰিব। এহি নিবন্ধনে সবে ধৰ্মে প্ৰৱৰ্তিব॥”

 সেই কালত তান্ত্ৰিক ধৰ্মৰ নামত সমাজত কেনে অদ্ভুত ব্যৱহাৰ চলিছিল আৰু কামৰূপ ৰাজ্য কেনেকৈ তাৰ তপত খোলা হৈ পৰিছিল, প্ৰায় দশম শতিকাৰ কালিকা পুৰাণ তাৰ জীৱন্ত সাক্ষী।—

“কামৰূপং মহাপীঠং গুহ্যাদ্ গুহ্যতৰং পৰম্।
সদাসন্নিহিতস্তত্ৰ পাৰ্বত্যা সহ শঙ্কৰঃ॥৬৪।
কৰতোয়া নদী পূৰ্বং যাবন্দীকৰবাসিনীম্।
ত্ৰিংশদ্ যোজনবিস্তীৰ্ণং যোজনৈক শত যতম্ ৬৪।
ত্ৰিকোণং কৃষ্ণবৰ্ণঞ্চ প্ৰভুতাচল পূবিতম্।
নদীশতসমযুক্তং কামৰূপং প্ৰকীৰ্ত্তিতম॥৬৬।
শম্ভোঃ নেত্ৰাগ্নিৰ্দগ্ধঃ কামঃ, শম্ভোৰনুগ্ৰহাং।
তত্ৰ ৰূপং যতঃ প্ৰাপ্তং কামৰূপং ততোহভৱং॥৬৭৷
অপৰে চাশ্ৰমাঃ সন্তি হৰগৌৰ্য্যাঃ সদাতনাঃ।
নৈতয়ে সদৃশঃ কোহপি বিদ্যতে শঙ্কৰাশ্ৰমঃ॥৬৯। (৫১ অধ্যায়)

যথেষ্টমাংসমদ্যাদি ভোজনাৰ্থং ময়া ধৃতঃ।
মহাভৈৰৱকায়োহয়ম্, তথা স্ত্ৰী-ৰতিসঙ্গমম্॥
আয়ন্তু বাম্যভাবেন পূজ্যো মদ্যাদিভিঃ সদা।
বামঃ কায়ো ব্ৰহ্মাণোহপি মাংসমদ্যাদি ভুক্তয়ে॥
কৃতো মহামোহনামা চাৰ্বাকাদি প্ৰৱৰ্ত্তকঃ৷...
মদ্যমাংসানো ভোগী লোলুপঃ স্ত্ৰীষু সৰ্বদা॥" (৭৪ অধ্যায়)