পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


কৰিব পৰা কথা নহয়। এই আটাইকেখন নাটকৰ ভিতৰত, ইংৰাজ-চাহবাৰীৰ অসমীয়া মহৰিৰ চিত্ৰ এই আঢ়ৈকুৰি বছৰৰ ওপৰ কাল আটাইৰে আদৰণীয়া হৈ আছে।

 বেণুধৰ ৰাজখোৱা (১৮৭২-১৯৫৫) ১১ ডিছেম্বৰত ডিব্ৰুগড় মহকুমাৰ দিহিং নৈৰ পাৰত পিতা সুচান্দৰাম মৌজাদাৰৰ খোৱাং মৌজাত জন্মে, আৰু ২২ জুনত ডিব্ৰুগড় নগৰৰ নিজ ঘৰত ঢুকায়। জয়পুৰত মজলীয়া ইংৰাজী পঢ়া সাং কৰি এওঁ ডিব্ৰুগড়ৰ ওখ ইংৰাজী পঢ়াশালিৰ পৰা ১৮৮৯ত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ কলিকতাৰ প্ৰেছিডেন্সী কলেজত এফ-এ শ্ৰেণীত নাম লগায়; কিন্তু ঘৰুৱা কাৰণত তেওঁ ১৮৯২ ত ছিটী কলেযজৰ পৰা এফ-এ আৰু ১৮৯৬তহে বি-এ মহলাত উঠে। তাৰ পাছত কলিকতাতে তেওঁ এম-এ আৰু বি-এ পঢ়িবলৈ ধৰে; কিন্তু ১৮৯৯ ত মাটি-হাকিম পদ পাই তাত ভৰ্ত্তি হয়। এই পদৰ পৰাই তেওঁ মুন্সুফ কামলৈ উঠি আৰু শেষত শিৱসাগৰ জিলাৰ অস্থায়ী ডেপুটী কমিশ্যনৰ পদবীলৈ উন্নীত হৈ ১৯৩১ত ৰজাঘৰীয়া বিষয়-বাবৰ পৰা আজৰি হয়। অতি কেমল বয়সৰ পৰাই ৰাজখোৱাই সাহিত্য-চৰ্চ্চা কৰে, আৰু প্ৰথম বছৰৰ “জোনাকী”ত পঢ়াশলীয়া “ছাত্ৰ ৰচনা” ৰূপে তেওঁৰ প্ৰৱন্ধ প্ৰকাশিত হয়। ১৮৮৯ত নীতিপাঠ, ১৮৯৫ত সাহিত্য-প্ৰবেশ, লৰা-পুথি আদি এওঁ উলিয়ায়; ১৮২১ত এওঁৰ সম্পাদিত অসমীয়া আদিকাণ্ড ৰামায়ণ গণেশৰাম আগৰৱালাৰ দ্বাৰা প্ৰকাশিত হয়। আকৌ ১৮৯৪ত এওঁৰ চন্দ্ৰসম্ভৱ কাব্য, ১৮৯৫ত পঞ্চকবিতা, ১৮৯৯ দশগীত আৰু সৰু লৰাৰ গান, ১৯০১ত অসমীয়া ভাই, ১৯০৬ত বাঁহী আদি কবিতা আৰু গানৰ পুথি ওলায়। ইয়াৰ বাহিৰেও এওঁ ইংৰাজীত ভালেমান পুথি লিখে। ১৯২৯-৩০ত এওঁৰ দেহাৰ প্ৰলয়, জীৱন-সন্ধিয়া, সিপুৰীৰ বাতৰি আদি পদ-পুথি ওলায়। গীতৰ দৰে বৰ্ত্তমান নাট-ৰচনাতো এওঁ অগ্ৰণী আছিল। এওঁৰ ১৮৮৯ত ডেকা-গাভৰু, ১৮৯৪ত সেউতী-কিৰণ, ১৯০৩ত দুৰ্যোধনৰ উৰুভঙ্গ, ১৯০৮ত দক্ষ-যজ্ঞ আদি সামাজিক আৰু পৌৰাণিক নাটক ওলায়। ১৯১১-১২ত এওঁ কলিযুগ, দৰবাৰ, কুৰি-শতিকাৰ সভ্যতা আদি, আৰু চতুৰ্থ দশকত ‘তিনি ঘৈণী’, ‘অশিক্ষিতা ঘৈণী”, “চোৰৰ সৃষ্টি, ‘যমপুৰী, আদি নাটক লিখে। লখিমী-তিৰোতা” আদি পুথিৰ উপৰিও এওঁৰ “খণ্ডবাক্যকোষ” অসমীয়া ভাষাৰ এটি কীৰ্ত্তিস্তম্ভ৷