১৯৩০ত “ৰহদৈ লিগিৰী” উপন্যাস ওলায়। ইয়াৰ বাহিৰে ১৮৯৬ত এওঁৰ শিশুপাঠ্য
“জ্ঞান-সোপান”, আৰু আলোচনীত “ভোলাই শৰ্মা” ছদ্মনামৰ আৰু নিজ নামৰ
বহুত ধেমেলীয়া আৰু বুৰঞ্জীমূলক প্ৰবন্ধ প্ৰকাশিত হয়। ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ
স্কট্ আৰু বঙলাত বঙ্কিমচন্দ্ৰৰ দৰে অসমীয়া সাহিত্যত সদায় বৰদলৈৰ বাবে এখনি
ওখ আসন আছে; উপন্যাস লিখাৰ ৰীতি আদিত সম্পূৰ্ণ আধুনিক নহলেও মানৰ
দিনৰ অসমীয়া সমাজৰ চিত্ৰ অঙ্কন আৰু মানৱ চৰিত্ৰৰ উদাৰ অধ্যয়নতো বৰদলৈৰ
অসমীয়া সাহিত্যলৈ বৰঙণি অসামান্য নিশ্চয়। “মিৰি জীয়ৰী’’ৰ মৌলিক “দালিমী"
চৰিত্ৰই বেজবৰুৱাৰ “জয়মতী কুঁৱৰী’’ৰ “ডালিমী” ৰূপে পূৰ্ণতা লাভ কৰিছে বুলিব
লাগিব; “সতৰাম নৰকী’’ৰ চৰিত্ৰও বৰদলৈৰ উপন্যাসত উদাৰ মানৱীয় সহানুভূতিৰ
পোহৰতহে প্ৰকাশ পাইছে। নিৰ্মল ভকতৰ মহান আত্মত্যাগ, মনোমতী, ৰঙ্গিলী,
ৰহদৈ, আদি চৰিত্ৰৰ পৱিত্ৰতা আৰু বুদ্ধিৰ বিচক্ষণতাই অসমীয়া জাতীয় চৰিত্ৰৰো
প্ৰতিভা প্ৰকাশ কৰিছে। “নিৰ্ম্মল ভকত” আৰু “ৰহদৈ লিগিৰী’’ত বৰদলৈয়ে বৰ্ত্তমান
সমাজৰ বাবে সত্ৰ আৰু আশ্ৰমৰ সংস্কাৰ আৰু আৱশ্যকতা আদি বিষয়ৰৰ অৱতাৰণা
কৰি, আৰু “ৰঙ্গিলী” আদিত অসম ৰজাৰ দিনত বিহুৰ ৰীতি-নীতি আৰু সামাজিক
ব্যৱহাৰৰ বৰ্ণনা দি বৰ্ত্তমান জীৱনৰ লগত সম্পৰ্কিত কৰিছে। বৰদলৈৰ ব্যক্তিত্বৰ
মোহেও এওঁৰ সাহিত্যক ৰঙীন কৰি তুলিছে।
পদ্মনাথ গোহাই বৰুৱা (১৮৭১-১৯৪৫) ১৭৯৩ শকৰ ৯ আঘোণত উত্তৰ লখীমপুৰৰ নকাঁৰী গাঁৱত ওপজে; এওঁৰ পিতাক ঘিণাৰাম। তাৰ পৰা ছাত্ৰবৃত্তি মহলাত উঠি এওঁ শিৱসাগৰৰ ইংৰাজী পঢ়াশালিত নাম লগায়, কিন্তু মাজতে তাৰ পৰা গৈ মণ্ডল-মৌজাদাৰৰ শিক্ষাৰ বাবে ছাৰ্ভে পঢ়ে। ১৮৯০ত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ এওঁ ক্ৰমে এফ-এ আৰু এ-এল পৰীক্ষাৰ বাবে পঢ়ি এটাতো কৃতকাৰ্য্য হব নোৱাৰি ঘৰলৈ ওলটে। তাৰ পাছত কহিমা মজলীয়া ইংৰাজী পঢ়াশালিৰ ঘাই শিক্ষক আৰু যোৰহাট আদিত সহকাৰী শিক্ষক ৰূপে কিছুকাল চাকৰি কৰি এওঁ অসময়তে তাৰ পৰা আজৰি হয়। কলিকতীয়া ছাত্ৰ জীৱনতে এওঁ অসমীয়া সাহিত্য-চৰ্চ্চাত যোগ দিয়ে আৰু অলপ দিন “বিজুলী”ৰ সম্পাদক হয়। ১৮৯২ত এই কাকতত ওলোৱা এওঁৰ “ভানুমতী” প্ৰথম অসমীয়া স্বকথিত উপন্যাস; ইয়াৰ পাছত এওঁৰ “লাহৰী" উপন্যাস ওলায়। ১৮২১ শকত প্ৰথমা পত্নীৰ বিয়োগ উপলক্ষে এওঁৰ “লিীলা”