পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৭
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


আৰু জীৱ-জন্তুৰ সাধু, অপ্সৰী আৰু জলকুঁৱৰী-বনকুঁৱৰীৰ সাধু, পুৰাণৰ দেৱ-দেৱীৰ সাধু, আৰবী উপন্যাস আৰু ৰবিঞ্ছন ক্ৰুছোৰ দৰে গাৰ নোম শিয়ৰোৱা অসাধাৰণ কাহিনী, আৰু শেষত আমাৰ আশে-পাশে থকা মানুহৰ দিনেকীয়া জীৱনত ঘটা সাধাৰণ কথা-বাৰ্ত্তা; এয়ে উপন্যাসৰ ক্ৰম-বিৱৰ্তন। জীৱনেই মহৎ সত্য আৰু বৃহৎ সাথৰ, আৰু মানুহৰ চৰিত্ৰ আৰু দিনেকীয়া কাৰ্য্যাৱলীয়েই কেতিয়াবা মহৎ আশ্চৰ্য্য; ইয়াকে লক্ষ্য কৰি জীৱনৰ ব্যাখ্যা, সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিত চৰিত্ৰ-অঙ্কন আৰু সমস্যা-অধ্যয়ন আদিয়েই বৰ্ত্তমান উপন্যাসৰ ঘাই কথা। এনে বিচাৰত ১৭৪০ত প্ৰকাশিত ৰিচাৰ্দছনৰ ইংৰাজী “পামেলা' উপন্যাসেই সেই সকলো উপন্যাস সাহিত্যৰ ভিতৰত প্ৰথম; অসমীয়াত সেই অনুসাৰে তাৰ দেঢ় শ মান বছৰৰ পাছত পদ্মাৱতী ফুকননীৰ সুধৰ্ম্মাৰ উপাখ্যান ১৮৮০ ত প্ৰকাশিত হয়, যদিও ইয়াক অৱশ্যে সাধুৰ দৰেই লিখা হৈছে। তাৰ পাছত ১৮৯২ত পদ্মনাথৰ “ভানুমতী” আৰু ১৮৯৩ত “লাহৰী”, ১৮৯৫ত ৰজনীকান্তৰ জীয়ৰী", ১৮৯৯ত হৰেশ্বৰ শৰ্ম্মা বৰুৱাৰ “কুসুম কুমাৰী”, ১৯০০ত ৰজনীকান্তৰ “মনোমতী”, ১৯০৫ত লক্ষ্মীনাথৰ “পদুম কুঁৱৰী’’ আদি সামাজিক উপন্যাস ওলায়।

 ৰজনীকান্ত বৰদলৈ (১৮৬৭-১৯৩৯) গুৱাহাটী নগৰৰ চেনিকুঠিত জন্মে। এওঁৰ ককাক তুৱাৰাম মান-ভগনত উজনিৰ পৰা আহি কামৰূপ জিলাৰ বজালিত থাকেহি; তাতে এওঁৰ পিতাক নৰকান্ত ওপজে আৰু পাছত ৰজাঘৰীয়া কামত গুৱাহাটীলৈ আহে। ১৮৮৫ত ৰজনীকান্তই প্ৰবেশিকা পৰীক্ষাত উঠি কলিকতাৰ মেট্ৰপলিটান ইনষ্টিটিউস্যনত (বৰ্ত্তমান বিদ্যাসাগৰ কলেজ) নাম লগাই তাৰ পৰা ১৮৮৭ত প্ৰথম বিভাগত এফ-এ ত উত্তীৰ্ণ হৈ ছিটী কলেজত বি-এ আৰু মেডিকেল কলেজত ডাক্তৰি পঢ়ে। ১৮৮৯ত এওঁ বি-এ ডিগ্ৰী লভি গুৱাহাটীৰ জিলা-অধিপতিৰ অফিছত কাকতী কামত সোমায়, আৰু ১৮৯১ত মাটি-হাকিম হয়। ১৯০১ত এওঁ মুন্সুফ পদলৈ উন্নীত হয় আৰু ১৯১৮ত ৰজাঘৰীয়া বিষয়ৰ পৰা আজৰি হয়। উত্তৰ লখীমপুৰত মাটি-হাকিম হৈ থাকোঁতেই মিৰি সমাজৰ অভিজ্ঞতা গোটাই নি ১৮৯৫ত বৰপেটাত এওঁ প্ৰথম অসমীয়া নৱন্যাসমূলক উপন্যাস “মিৰি-জীয়ৰী” লিখে। ইয়াৰ বাহিৰে ১৯০০ ত বুৰঞ্জীমূলক উপন্যাস “মনোমতী", ১৯০৯ত “দুন্দুৱা-দ্ৰোহ”, ১৯২৫ত “ৰাধাৰুক্মিণী” আৰু “ৰঙ্গিলী”, ১৯২৬ত “নিৰ্ম্মল ভকত” আৰু “তাম্ৰেশ্বৰী মন্দিৰ”,