পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


জগতত গদ্যৰ আদৰ আৰু মহিমা যে বাঢ়িছে অতি-আধুনিক কবিতাত গদ্যৰ হেচাই তাৰ প্ৰমাণ। আগতে কোৱাৰ দৰে, কবিতা প্ৰায় সৰহ ভাগেই প্ৰকৃতিৰ সৃষ্টি, কিন্তু কথাৰীতি যোল অনাই কলাবিদ্যা; গতিকেই মানুহৰ অনুশীলন আৰু অধ্যৱসায়ৰ ফল। দুখ লগা কথা, এই সত্যৰ উপলব্ধি আৰু সেই অনুসাৰে আৱশ্যকীয় নেৰা-নেপেৰা চেষ্টা অসমীয়া গদ্যত অন্ততঃ এই শতিকাৰ প্ৰথম-দ্বিতীয় দশকৰ পৰাই নাই বুলিব পাৰি। শঙ্কৰদেৱ-মাধৱদেৱসকলৰ অঙ্কীয়া গদ্যতে পদ্যক গদ্যলৈ ভাঙনি কৰাৰ স্পষ্ট আভাস তাৰ পদ আৰু কথাত আছে; বৈকুণ্ঠনাথ ৰঘুনাথ আদিৰ ভিতৰেদি পদ্যৰ এই গদ্য-ভাঙনি চলি আহি বৰ্ত্তমান অৱস্থা পাইছে। এটাতকৈ অধিক শব্দৰ উচ্চাৰণ কৰোঁতে শ্বাসবায়ু য'ত আপুনি নামি আহে, তাতে গদ্যৰ যতি পৰে। বৰ্ত্তমান কমা, ছেমিকলন, কলন আদি বিৰাম চিনবোৰ গদ্যত সঙ্গীতৰ তাল বা পদ্যৰ ছন্দ দেখুৱাবৰ সামান্য চেষ্টা মাত্ৰ। বৰ্ত্তমানৰ বিৰাম-চিনৰ এই বহুলতা, ভাৰসাম্য (বেলেঞ্চড্) বাক্য, ওজস্বিতা বা গদ্য-লালিত্য আধুনিক চেষ্টাৰ ফল। ইংৰাজী সাহিত্যৰ মেকলে বা বঙ্গীয় সাহিত্যৰ ঈশ্বৰচন্দ্ৰৰ দৰে, অসমীয়া গদ্যত ছন্দ আৰু তালৰ ছেও আদি স্পষ্টকৈ প্ৰথম ধৰা পৰে লম্বোদৰৰ গদ্যত; অথচ ইয়াক কেতিয়াও ইংৰাজী-ভজুৱা, সংস্কৃতীয়া, বা বঙলুৱা বুলিব নোৱাৰি। অসমীয়া গদ্যত ঢেকিয়াল ফুকনেই পোনতে ইংৰাজী কথা-ৰীতিৰ আৰু বাক্যবিন্যাসৰ, আৰু হেমচন্দ্ৰই ইংৰাজী খণ্ডবাক্যৰ ভাঁজ সুমুৱায়; ইয়াৰ নিয়মিত ব্যৱহাৰে অৱশ্যে অসমীয়া গদ্যক এক নতুন বল দিছিল। লম্বোদৰৰ পাছত আনন্দচন্দ্ৰ আৰু হেম গোস্বামীয়ে অসমীয়া গদ্য বিশেষ অধ্যয়ন আৰু যত্নেৰে লিখা যেন লাগে; সত্যনাথৰ গদ্য চেষ্টাযুক্ত হলেও বৰ গতিশীল নহয়। লক্ষ্মীনাথৰ গদ্যও যত্নশীল বা চৰ্চামূলকতকৈ স্বাভাৱিকহে বুলিব পাৰি; পদ্মনাথৰ গদ্য যত্নশীল হলেও অলপ অস্বাভাৱিক আৰু শব্দবহুল। এইসকলৰ উপৰি গুণাভিৰাম, কমলাকান্ত, বেণুধৰ, ৰজনীকান্ত আদিয়ে ৰচনা, নাটক, উপন্যাস আদিৰ ভিতৰেদি অসমীয়া গদ্য-মথনত বিশেষ যত্ন কৰি গৈছে; কিন্তু সেই মথনৰ পৰা অমৃত ওলাবলৈ হলে পৰবৰ্তী চেষ্টা যথেষ্ট আৱশাক হৈছে।

 সাহিত্যত উপন্যাস ঘাইকৈ ওঠৰ শতিকাৰ সৃষ্টি; ইংলণ্ডই যদিও ইয়াৰ প্ৰথম আবিষ্কাৰৰ গৌৰৱ কৰে, তথাপি স্বৰূপতে আধুনিক ভাবে উপন্যাস ইংলণ্ড, ফ্ৰাঞ্চ, আৰু জাৰ্মানী দেশত প্ৰায় একে সময়তে ওলায়। বৌদ্ধ জাতক বা ঈছপৰ গছগছনি