আকৰ্ষণ তীব্ৰ কিন্তু ক্ষণস্থায়ী হয়।
সত্যনাথ বৰা (১৮৬০-১৯২৫) ১৭৮২ শকত গুৱাহাটীৰ ভৰলুমুখত ওপজে; এওঁৰ উপৰিপুৰুষ তেজপুৰৰ নদুৱাৰ অঞ্চলৰ হেৰাপোৱা গাঁৱত আছিল। পিতাক দয়ানাথ আৰু মাক অময়াক এওঁ ক্ৰমে সাত আৰু ন বছৰমান বয়সতে হেৰুৱায়; আৰ্থিক অৱস্থা কোনো প্ৰকাৰে স্বচ্ছল নথকাত কোনোমতে দদায়েকৰ আৰ্থিক সাহায্যৰ ওপৰত পঢ়া-শুনা কৰে। এওঁ ১৮৮১ত প্ৰবেশিকা, ১৮৮৬ত বি-এ, আৰু ১৮৮৯ত বি- এল পৰীক্ষাত উত্তীৰ্ণ হয়; ইয়াৰ ভিতৰতে এবছৰ মানৰ কাৰণে এওঁ ফৰিদপুৰ জিলাৰ হিন্দু একাডেমীৰ প্ৰধান শিক্ষক হৈ পৰীক্ষাৰ খৰচ উলিয়ায়। ওকালতিৰ শেষ কালতো এওঁ গুৱাহাটীৰ কটন কলেজৰ অসমীয়া আৰু আৰ্ল ল কলেজৰ আইন লেকস্যৰৰ আছিল। ১৯২৫ৰ ১৩ দিশেম্বৰত এওঁ স্বৰ্গী হয়। “আসামবন্ধু”ত এওঁৰ ভালেখিনি ধুনীয়া কবিতা ওলাইছিল আৰু ১৮৮৩ ত এওঁ বৰ্ত্তমান অসমীয়া ভাষাৰ প্ৰথম গান কিতাপ “গীতাৱলী" প্ৰকাশ কৰিছিল। স্বভাৱতে সত্যনাথৰ প্ৰতিভা পদ্যতকৈ গদ্যৰ ফালেহে আছিল; আৰু বৰ্ত্তমান যুগৰ এজন শ্ৰেষ্ঠতম গদ্যলেখক ৰূপেহে এওঁক ভবিষ্যত বংশধৰসকলে মনত পেলাব। “বহল ব্যাকৰণ’’ৰ বাহিৰেও এওঁ “সাৰথি”, “সাহিত্য-বিচাৰ”, “আকাশ-ৰহস্য” আদি কথা-পুথি উলিয়ায়; এখন প্ৰথম খণ্ড-ৰচনাৰ পুথি ৰূপে ‘'সাৰথি” আৰু এখন প্ৰথম সমালোচনাৰ পুথি ৰূপে ‘'সাহিত্য-বিচাৰ”ৰ একোটা মূল্য থাকিলেও প্ৰায়ে তেওঁৰ যুক্তি আৰু সিদ্ধান্ত এমূৰীয়া বাবে সেইবোৰ টিকিব পৰা নাই। কিন্তু বিদ্যা উদগতিৰ খাই আহিলা।” “বিদ্যা মানৱ মনৰ দীপ্তি।” “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।” “চিন্তা মানৱ মনৰ জেউতি।” বেকনৰ লিখাৰ দৰে চুটি জ্ঞানগৰ্ভ বাক্যেৰে লিখা সত্যনাথৰ এনে অপূৰ্ব গদ্য-ৰীতিৰ সোৱাদ পঢ়োঁতাই বহুত কাললৈকে পাহৰিব নোৱাৰিব নিশ্চয়। লম্বোদৰৰ ধ্বনি আৰু অলঙ্কাৰপূৰ্ণ ৰীতি বা সত্যনাথৰ চুটি জ্ঞানগৰ্ভ নীতি উভয়েই অসমীয়া সাহিত্যৰ বতৰ-ৰখীয়া ৰূপেহে থাকিল, তাৰ আদৰ্শ স্থায়ী নহল।
বৰ্ত্তমান দিনত সকলো ক্ষেত্ৰতে সৰলতাৰ দৰে মিতব্যয়িতাও মূলমন্ত্ৰৰ দৰে হৈছে; আৰু গদ্য-পদ্য উভয় সাহিত্যতে ই কেনেদৰে জেউতি চৰাইছে ৰবীন্দ্ৰনাথৰ সাহিত্যলৈ লক্ষ্য কৰিলেই তাক বুজিব পাৰি। ভাষাৰ বৰ-নাও চলি যায়, কিন্তু ভাবৰ ঢৌ তেতিয়াও থাকে; এয়ে যেন সাহিত্যৰ শেষৰ মাজত অশেষ, সীমাৰ মাজত অসীম। বৰ্ত্তমান