পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


উমি উমি তাপ এটা সহজে অনুভূত হয়।

 প্ৰথম ভাগ প্ৰথম সংখ্যা “আসাম-বন্ধু”ত প্ৰকাশিত “সদানন্দৰ কলাঘুমটি” প্ৰৱন্ধতঃ “কেতিয়াবা কাণি-টিকিৰাৰ ছাট মাৰি ধোঁৱাৰে ঘৰ গোটেইটো ভৰাই দিছিলোঁ; কেতিয়াবা টিকিৰা এৰি পায়স, কুঁহিয়াৰ, গুড়, গাখীৰ, মাললোগ কল, বৰা চাউলৰ পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলোঁ; ...কেতিয়াবা কেতিয়াবা ধপাত, তামোল, ভাঙ্গ, হলে ব্ৰাহ্মণ-সেৱালৈ অনা এটুপি ব্ৰাণ্ডী, অভাৱত দুচকল “চৰাই’’ৰ ভজা মঙ্গহ আদি বিবিধ দেৱ-পূজাৰ দ্ৰব্যেৰেও দশ ইন্দ্ৰিয়ৰ পূজা কৰা হৈছিল; মাজে মাজে কলা-ঘুমতিৰে মিত্ৰতা কৰি, কেতিয়াবা হলি, কেতিয়াবা পড়ি, কেতিয়াবা বৰশি বাই, ঘামি, কাহি, হাঁহি হামিয়াই সংসাৰৰ লেঠালৈ একেবাৰে পিঠি দি পৰমানন্দ সাগৰত বুৰ মাৰিছিলোঁ। আহ! কেনে সুখ, কেনে আনন্দ, কেনে দেৱ-দুৰ্লভ জীৱন! আহা! কেনে ঘুমটি! কেনে সুখৰ কলাঘুমটি। যাক দেৱতায়ো নাপায়, কিন্তু বিধাতাৰ বৰত, কানিৰ গুণত, অসমীয়াৰ ঘৰে ঘৰে। যি এই সুখৰ পৰা বঞ্চিত হৈছে, সি গাৰ্ভতে নমৰিল কিয়? উপজিলেও আত্মঘাতী নহল কিয়?” হেমচন্দ্ৰৰ কোৱা-ভাতুৰীৰ ব্যঙ্গৰ ঘোৰ নিষ্ঠুৰ মূৰ্তি ইয়াত নাই; তুলনাত ই যেনে সাম্য তেনে ক্ৰীড়াশীল গদ্য।

 “যেতিয়া প্ৰায় গোটেইখন পৃথিবী অজ্ঞান আন্ধাৰৰ ক'লা ঢাকনিয়ে ঢাকি থৈছিল, যেতিয়া প্ৰায় সকলো মানুহে উলঙ্গ বেশে পৰ্ব্বতৰ গাতত বাস কৰি হাবিৰ পহু আৰু গছৰ ফল-মূল খাই জীৱন-ধাৰণ কৰিছিল, তেতিয়াও এই পুণ্যভূমি ভাৰতবৰ্ষ জ্ঞানৰ পোহৰেৰে ভোটা তৰাৰ দৰে জিলিকি আছিল।” (আনন্দৰাম বৰুৱাৰ জীৱনীৰ পাতনি)। নিপুণ শিল্পীৰ হাতৰ, ইংৰাজী লেখক মেকলেৰ দৰে, এনে ধ্বনিপূৰ্ণ অলঙ্কাৰযুক্ত ভাষা লম্বোদৰৰ আগত অসমীয়াত দেখা পোৱা নহয়; এই বিষয়ত এওঁৰ একমাত্ৰ বংশধৰ আৰু তেজৰ সম্পৰ্কতো আত্মীয় আনন্দচন্দ্ৰৰ গদ্যত মাত্ৰ ইয়াৰ অনুকৰণ দেখিবলৈ পোৱা হয় : “ক্ষমা স্বৰ্গীয় বস্তু। ক্ষমা মানুহৰ সুখ, জগতৰ শান্তি। ক্ষমা তেজস্বীসকলৰ তেজ, তাপসসকলৰ বেদ, সত্য-পৰায়ণৰ সত্য; ক্ষমা দয়াময় পিতাৰ কণ্ঠমালা। সকলো মানুহ, প্ৰকৃত ক্ষমাশীল হোৱা হলে এই পৃথিবী সোণৰ হলহেতেন; দুখ-কুঁৱলীয়ে আৱৰি থকা এই পৃথিবীত স্বৰ্গৰ জেউতি পৰিলহেতেন।” এই আটকধুনীয়া কথা-ৰীতিয়ে অসমীয়া গদ্যক এক নতুন প্ৰেৰণা দিলে সচা, কিন্তু ই সৰহ কাল নিটিকিল; প্ৰায় সকলো সাহিত্যতে এনে অলঙ্কাৰশালী গদ্যৰীতিৰ