সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৩
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


অকাল মৃত্যুৰ বাবে এওঁৰ হাতে-লিখা আধৰুৱা “আনন্দৰাম বৰুৱাৰ জীৱন চৰিত’’, “সমাজ-দৰ্পণ নাটক”, “ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ”, “ভূগোল বিদ্যা” আদিয়ে পোহৰৰ মুখ দেখিবলৈ নাপালে। তদুপৰি “জোনাকী’’ত প্ৰকাশিত প্ৰথম বছৰত “গান”, দ্বিতীয়-তৃতীয় বছৰত “অসমীয়া ভাষাৰ আখৰ-জোটনি", চতুৰ্থ বছৰত উপন্যাস আৰু আত্মহত্যা", আসাম-তৰা কাকতত “বিয়াৰ খৰচ", "অলঙ্কাৰ আৰু দৰ্কাৰ”; “আসাম-বন্ধু”ত “সদানন্দৰ কলাঘুমটি”; “আসাম-নিউচত” “বেগাৰ ধৰা’’ আদি ভালেখিনি মূল্যবান প্ৰবন্ধও প্ৰায় হেৰাল।

 বৰ্তমান অসমীয়া কথা-ৰীতিত লম্বোদৰ বৰঙণিৰ মূল্য কোনমতেই আওকাণ কৰিব নোৱাৰি; সৰহ নালাগে, এওঁৰ পঢ়াশলীয়া পুথিকেখনৰ গদ্যতো এওঁৰ স্বদেশ-প্ৰেমৰ মহৎ অনুপ্ৰেৰণাৰ উমি উমি তাপ অনুভৱ কৰিব পাৰিঃ “আমি অসমীয়া মানুহ। অসম দেশ আমাৰ জন্মভূমি। এই কাৰণে আমি এই দেশক নিজৰ মাতৃ আৰু স্বৰ্গতকৈও বেছি ভালপোৱা উচিত। প্ৰত্যেক অসমীয়াই জন্মভূমিৰ সেৱা কৰিবলৈ শিকা কৰ্তব্য। যেতিয়াই আমাৰ মনত দেশানুৰাগ সোমাব, দেশৰ দুৰ্দশা আমাৰ চকুত পৰি দেশৰ দুখত আমাৰ চকুপানী ওলাব, দেশৰ মানুহক আমাৰ ভাই-ককাই বুলি জ্ঞান কৰিব পাৰিম, তেতিয়াই এই দেশৰ উন্নতি হব। ...জনমভূমিৰ ঘোৰ দুৰৱস্থা, অসমীয়াৰ ঘোৰ টোপনি! ইয়াতকৈ ধিক্কাৰৰ কথা একো নাই। এতেকে আহাঁ, দেশৰ নিমিত্তে নিজক পাহৰোঁ, দেশৰ নিমিত্তে নিজৰ অৰ্থ, শক্তি, সময়, বিদ্যা, বুদ্ধি, সকলোকে উৎসৰ্গ কৰোঁহঁক, জন্মভূমিৰ গৌৰৱ হওক, অসমীয়া জাতিয়ে উন্নতিৰ জখলাত আগবাঢ়োক, আমাৰ সামান্য জীৱনো সাৰ্থক হওক।” (জ্ঞানোদয়)। ঠিক একে বিষয়ে গুণাভিৰাম বৰুৱাই লিখা : “এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছোঁ, ইয়াতেই শিক্ষা পাইছোঁ; এই দেশৰ নামেই আমি সংসাৰ-হাটত বিকা হই আছোঁ। জননী যেনে আদৰণীয়া আৰু পূজনীয়া, এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেৱাৰ থলী। যাক যি ভাল পায়, তাক সি বৰকৈ শলাগে; সেই শলাগিবলগীয়া বস্তুৰ যিমানেই দুৰ্বলতা থাওক, যিমানেই অসোৱাহ থাওক, সেইবোৰ সেইজনে নেদেখে। এনে ভাব দুৰ্বল আৰু স্বাৰ্থপৰ হলেও ই অতি মনোৰম।” (সৌমাৰ-ভ্ৰমণ)। এই দুই আৰ্হি মিলাই চলেই দেখি গুণাভিৰামৰ ভাষা যেনে সৰল, অনুভৱো তেনে জুৰ; কিন্তু লম্বোদৰৰ ভাষা সৰল হলেও ভাবত