বৰ্তমান গদ্যৰ চানেকি দেখুৱাই অহা হৈছে। বিশেষ গঢ় বা ৰূপত খণ্ড-ৰচনা বা
প্ৰৱন্ধ খণ্ড-কবিতাৰ দৰেই অসমীয়া আদি ভাৰতীয় সাহিত্যলৈ ইংৰাজী সাহিত্যৰ অন্যতম
অৱদান। কোনো নিৰ্দিষ্ট বিষয়ৰ চমু আলোচনা, বিশেষ নামেৰে নহলেও, ইংৰাজীত
ষোল শতিকা বা তাৰ আগৰে পৰা আছিল; তথাপি তাৰ বিশিষ্ট প্ৰথম নিদৰ্শনৰ
লগত বেকনৰ নাম সবিশেষভাৱে সংশ্লিষ্ট। ইংৰাজীত টেছিটছৰ অনুসৰণত লিখা
চুটি আৰু চোকা খণ্ডবাক্য আৰু তেনে গধুৰ সাৰগৰ্ভ বাক্যবিন্যাসৰ জনক বেকনেই;
এই বিষয়ৰ ধাৰণা বেকনে সম্ভৱতঃ আগৰ ইংৰাজী সাহিত্যতকৈ মন্টেন্ আদি ফৰাছী
সাহিত্যিকসকলৰ বিখ্যাত ৰচনাবোৰৰ পৰা পোৱা। সপ্তদশ শতিকাৰ ইংৰাজীত এই
বিধ সাহিত্যৰ বিশেষ শ্ৰীবৃদ্ধি হয় ফুলাৰ, ব্ৰাউন, মিল্টন, কাউলি আদি
গদ্য-লেখকসকলৰ হাতত। তেতিয়াৰ পৰা বৰ্তমানলৈকে ওঠৰ শতিকাৰ ষ্টীল, এডিসান্
আদি সুপ্ৰসিদ্ধ গদ্য-লেখকসকলৰ আলোচনী-সাহিত্যৰ ভিতৰেদি তাৰ সোত আপুনি
বলি আহিছে। সাধু-উপন্যাস নহয়, কিন্তু তেনে পাতল অথচ শিক্ষাপ্ৰদ কোনো বিষয়ৰ
লিখা পঢ়িবৰ ধাউতি এই ৰচনা-সাহিত্যইহে পূৰণ কৰে। অসমীয়াত বৰ্তমান যুগৰ
আগত এনে বিধ সাহিত্য দেখা পোৱা নহয়; “অৰুনোদই'’তে ইয়াৰ প্ৰথম অভ্যুদয়
বুলিব পাৰি। এই সম্পৰ্কত আগতে দেখুৱাই অহা ঢেকিয়াল ফুকনৰ “ইংলণ্ডৰ বিৱৰণ”,
গুণাভিৰামৰ “সৌমাৰ ভ্ৰমণ", হেমচন্দ্ৰৰ “আত্মজীৱনী'ৰ উপৰিও কমলাকান্তৰ
“গুটিদিয়েক চিন্তাৰ ঢৌ” আদিৰ পাছত আন কেইবাজনো প্ৰসিদ্ধ গদ্যলেখকৰ ৰচনাৰে
বৰ্তমান অসমীয়া সাহিত্য সমৃদ্ধিশালী হৈ উঠে।
লম্বোদৰ বৰা (১৮৬০-৯২) তেজপুৰ মহকুমাৰ গমিৰি (হেলেম) মৌজাৰ থালীপুখুৰীয়া গাঁৱত ওপজে। এজন সাধাৰণ অথচ ওখমনা সজ খেতিয়কৰ ঘৰত জন্মি চুটি জীৱন গোটেইটো দৰিদ্ৰতাৰ লগত যুজি চিৰৰুগীয়া শৰীৰেৰে এওঁ অসমীয়া সাহিত্যক যিখিনি বৰঙণি শোধালে, দেখি তবধ মানিব লাগে। এওঁ ছাত্ৰবৃত্তি শ্ৰেণীত পঢ়াৰে পৰা “আসাম-বিলাসিনী”লৈ প্ৰবন্ধ-পাতি দিয়ে, আৰু বি-এ পৰীক্ষা দি আহিয়ে “লৰা-বোধ” নামৰ পঢ়াশলীয়া পুথি লিখে। তাৰ পাছত এবছৰ মান কহিমা মজলীয়া ইংৰাজী পঢ়াশালিত প্ৰধান শিক্ষকৰ কাম কৰে; আৰু তেতিয়াই কালিদাসৰ “শকুন্তলা’’ নাটকৰ ভাঙনি লিখি উলিয়ায়। তাৰ পাছত বি-এ মহলা দি উত্তীৰ্ণ হৈ তেজপুৰত ওকালতি কৰে, আৰু সেই কালতে “জ্ঞানোদয়” নামৰ পঢ়াশলীয়া পুথি প্ৰকাশ কৰে।