পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

সজোৱা বা বৰ্ণোৱা কৌশলত আড়ম্বৰ-হীনতা বা অমায়িকতাও গীত-কাব্যৰ অন্যতম বিশিষ্টতা। জনা গাভৰুৰ গীত, বদন বৰফুকনৰ গীত আদি আধুনিক যুগৰ গীত-কাব্য দুই এটিত সৰস্বতী-তুতি যি দুই-চাইটি দিয়া হয়, তাৰ লগত গীতকেইটিৰ কোনো তেজ-মঙহৰ সম্বন্ধ নাই; ই বন-ঘোষা আদিৰ পৰাও ধাৰ কৰা হব পাৰে। ইয়াৰ উপৰি, “কি চৰাই মাৰিবৰ বগ,” “মাছৰ কুমলীয়া শল", “পোৱালি হাতীৰে শূড়" আদি কিছুমান উপমাৰ মোচৰা-গাঁঠি এই গীত- কাব্যবোৰত থাকি বৰ্ণনাৰ স্বাভাবিকতা বঢ়ায়। জন-সাধাৰণৰ ছাঁটোৰ দৰে ৰচয়িতাজনে এইবোৰ বৰ্ণাই যায় বাবে আধুনিক কবি-শিল্পীৰ দৰে তেওঁৰ কোনো আগলি-বাতৰি বা অভিনবত্ব নাথাকে; জন-মতেই তাৰ প্ৰাণবস্তু।—

“জোনবাইৰ আগৰে একেটি তৰা। আয়ে বিয়া দিলে গ’ঠীয়া দৰা॥
হেৰ তই গ'ঠীয় নাপাৰ গালি। আইৰ ঘৰলৈ-যমেগৈ ভৰি পখালি॥
আয়ে বুলিব, মোৰ জী আহিছে, ভাল ভাত এগালি ৰান্ধো।
বোপায়ে বুলিব, মোৰ জী আহিছে, চুকৰে হাঁহিনী মাৰোঁ॥
ককায়ে বুলিব, মোৰ ভনী আহিছে, ভাল তামোল এঠুকি পাৰোঁ।
বৌৱে বুলিব, মোৰ ননদ আহিছে, মূৰতে তলিয়া ফালোঁ॥.....
বোপাইলৈ আনিছোঁ শালৰ ববকাপোৰ, আইলৈ আনিছোঁ খাৰ।
ককাইলৈ আনিছোঁ পাটৰে টঙালি, বৌলৈ বাঢ়নিটাঁৰ!"

 বিস্ময় মনিব লাগে, ইংলণ্ড-স্কটলন্ডতো প্ৰচলিত প্ৰায় সাইলাখ এনে ভাবৰ এটি গীত আছে (অধ্যয়ন, ১৩ পিঃ)।

২। ধৰ্মমূলক সাহিত্য-(১) তান্ত্ৰিক প্ৰভাৱ

 ভাৰত-প্ৰসিদ্ধ কামাখ্যা পীঠ বুকত লৈ পুৰণি কামৰপ ৰাজ্য অতীজৰে পৰা শাক্ত ধৰ্মৰ এক অজেয় দুৰ্গ আছিল যে সন্দেহ নাই। সমগ্ৰ ভাৰত ব্যাপি পৰা শাক্ত ধৰ্মৰ কম্পন-কেন্দ্ৰ এই কামৰূপেই বুলি বহুত পণ্ডিতে অনুমান কৰে, অৱশ্যে যদিও কাশ্মীৰেও কামৰূপৰ সৈতে এই দাবীত যোগ দিয়ে। খৃষ্টীয় দশম আৰু পঞ্চদশ শতিকা মানত এই কামৰূপ ৰাজ্যতে ৰচিত বুলি পৰিগণিত যথাক্ৰমে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত সমসাময়িক কামৰূপৰ যি সামাজিক চিত্ৰ পাওঁহক তাত ঘাইকৈ শাক্ত ধৰ্মৰ প্ৰাধান্যৰ প্ৰমাণ পোৱা হয়।