নিঃকিনলৈ কিয় দুখতে দুৰ্দ্দশা, নিৰ্দয় বিধান ইটো?
দুৰ্বলীৰ গতি জীৱন্তে মৰণ, কিয় নখণ্ডিব সিটো?
নেলাগে কুটিল সংসাৰৰ পথ, নেলাগে চাপৰ ওখ;
আলেখৰ লেখ নেলাগে সম্পদ, নেলাগে বিষয় সুখ।”
ষষ্ঠত, ইংৰাজী নৱন্যাসে স্কটলেণ্ডৰ জাতীয় গীত-কাব্যলৈ ঢাল খুউৱাৰ দৰে চন্দ্ৰকুমাৰে বীণ-বৰাগী আৰু তেজীমলা কবিতা আদিৰে সেই জন-সাহিত্যলৈ আঙুলিয়াইছিল। ইংলণ্ডৰ ৰেষ্টৰেসান যুগৰ পৰা লুপ্ত হোৱা আৰু ৰবাৰ্ট বাৰ্নছে পুনৰুদ্ধাৰ কৰা গুটীয়া প্ৰেমৰ ভাব তাৰ দৰে সপ্তম গুণ ৰূপে চদ্ৰকুমাৰত প্ৰকাশ পাইছে, “সুধা মুখ” আৰু অতুলন “মাধুৰী আদিৰ ভিতৰেদি :
“ফুলো নে নুফুলোকৈ কুমলীয়া কলিটি। ওঠত লাজেৰে ৰৈ মিচিকিয়া হাঁহিটি॥
সামৰি পাহৰি গৈ মেলি আধা প্ৰাণটি। উদঙাই ঢাকি থৈ উঠি অহা বুকুটি॥
সোলকাই মোকলাই এধা বন্ধ খোপাটি। হয় নে নহয় কৈ এধা-ফুটা মাতটি॥
শুনো কি নুশুনো ঐ উটি অহা গীতটি। ৰিণিকি ৰিণিকিকৈ কৰবাৰ বাঁহীটি॥
উচুপি নিচুকি গৈ খন্তেকীয়া ঠেহটি। লুকুৱা-ভুমুকাকৈ ছঁয়াময়া পেঁচটি॥
হাঁহোঁৱেইনে কান্দোকৈ চলচলীয়া চকুটি। ধেমালি খঙৰ নৈ মিঠা গাঁঠি খোপাটি॥
ওলাওঁ-নোলাওঁকৈ মনমোহা ঠগটি। ন যযৌ ন তস্থৌ অগা-পিছা ভৰিটি॥
সান- মিহলিৰলৈ ওভতনি সোতটি। সাঁথৰ-ভাঙনি হৈ পানীমিঠৈ গোটটি॥
চাওঁনে নেচাওঁকৈ মৰমৰ দেহীটি। দেবী নে মানৱী ঐ মাধুৰীৰ ছবিটি॥
কিন্ত নৱন্যাস কবিসকলত বিৰল আৰু ডন্ আদি ইংৰাজ মনস্তাত্ত্বিক কবিসকলৰ (১৬৩৭-১৭৩১) দৰে আধ্যাত্মিকতা চন্দ্ৰকুমাৰৰ কবিতাৰ অষ্টম গুণ; তেওঁৰ “বিশ্বভাৱৰীয়া”, “মই” আদি কবিতা এই শাৰীৰ। কিন্তু এই মনস্তাত্ত্বিক কবিসকলৰ দৰেই চন্দ্ৰকুমাৰৰ ভাব কেতিয়াবা অস্পষ্ট হয়, আৰু ছন্দ কেতিয়াবা থোৰায়। তাৰ পৰা চন্দ্ৰকুমাৰ শিল্পীতকৈ কবি বুলিহে বুজিব পাৰি; কিয়নো স্বাভাবিক গতিত তেওঁৰ কবিতাই চূড়ান্ত লভিছে। স্বৰূপতে চন্দ্ৰকুমাৰ বৰ্তমান সাহিত্যৰ এজন বিশিষ্ট বাণী-সম্পন্ন শ্ৰেষ্ঠতম কবি; বাণীৰ উপৰিও এনে কাব্যৰ মহত্ব (ছব্লিমিটী) গুণেৰে গুণী কবি বৰ্তমান সাহিত্যত বিৰল। উদাহৰণ স্বৰূপে, ভাব-ভাষা উভয়তে মহত্ত্বৰ গগন-স্পৰ্শী কবিতা “আশীৰ্বাদ”।