পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অদি মধ্যযুগৰ অসমীয়া সাহিত্য

 ইয়াতকৈও আচৰিত যেন লাগিব, এই গীত-কাব্যবোৰৰ লেখক কিয়, কোনো ৰচয়িতাই নাই বুলিও কোৱা হয়; কৰ্ত্তাহীন কৰ্ম, ইও জানো এলা-পেচা কথা! জেমছ্ গ্ৰীমৰ মতে এই গীত-কাব্য তথা চহা-সাহিত্য এক সমূহীয়া ভাবৰ অভিব্যক্তি আৰু একোটা জাতিৰ ৰাজহুৱা সম্পত্তি; যি কালত বৰ্ত্তমানৰ দৰে শিক্ষিত-অশিক্ষিত বুলি দুটা জাতি নাছিল, যি যুগত হুজুৱাৰ পৰা ৰজালৈকে সমাজত সদৌৰে মানসিক সম্পৰ্কবোৰ এক আৰু অভিন্ন আছিল, চহা সাহিত্য সেই সময়ৰ সৃষ্টি। ফৰাছীসকলে কবৰ দৰে ই মৌখিক সাহিত্য; লিখা-পঢ়াৰ লগত যেন ইয়াৰ অৰি-ষড়ষ্টক! যেতিয়াৰ পৰাই লিখা-পঢ়াৰ চৰ্চা সমাজত ব্যাপক হল আৰু সমাজত এই লিখা-পঢ়া জনা-নজনাৰ মাজত এটা ফাঁট ওলাল, তেতিয়াই ইয়াৰ দূৰ্গতি আহিল; তেতিয়াৰ পৰাই সি জাকৰুৱা সম্পত্তি গুচি এদলৰ এদনীয়া হবলৈ ধৰিলে। অকল সেয়ে নহয়, এক ঠেক চুকত ই ঠিহনি লাগি মুকলি বায়ুৰ আঁটকত উৰণীয়া মুকলি-মূৰীয়া এই চহা সাহিত্যই শেষ নিশাহ এৰিবলৈ ধৰিলে।

 তথাপি কিন্তু অন্ততঃ পোনতে এজন ৰচয়িতা নোহোৱাকৈ একোটি গীত্‌ ৰচিত হোৱা কথাটো মনত ঠাই দিয়া টান। এটি চহা-গীত বা গীত-কাব্যৰ কথা যে ৰাজহুৱা সৰবৰহী ভাব, এবাৰ ওপজাৰ পাছত যে সমূহ-তন্ত্ৰবাদী সমাজৰ সন্তানৰ দৰে সি ৰাজহুৱা সম্পত্তি হৈ পৰে, এই সকলোখিনি কথা জানিবাঁ মানি ল'ব পাৰি; কিন্তু গুৰিত এজন গুটীয়া লোক নোহোৱাকৈ জন- সাধাৰণে জাকৰুৱাকৈ একে জোলোকাতে এনে একোটি মৌলিক গীত উলিয়াই দিব পৰা কথা মনত ঠাই দিয়া কঠিন। তেন্তে ইয়াকে থিৰ কৰিব পাৰি, দহৰ কথা, এজনৰ ভাষা', এয়ে চহা-গীতৰ মূল ৰহস্য; শিমলু তুলাৰ দৰে বতাহত উৰি কমাই ফুৰা ভাববোৰ ধৰি একো-একোজনে তাক ৰূপ দিয়ে, আৰু এবাৰ ৰূপ পোৱাৰ পাছত মুখে মুখে যুগে যুগে এনেদৰে তাৰ ৰূপান্তৰ হবলৈ ধৰে যে আদি জনক-জননীয়েই শেষত তাক চিনিব নোৱৰা হয়গৈ। গতিকে কোনোবাই ইয়াৰ ৰচয়িতা কোন বুলি সুধিলে আকৌ তাকেই কব লগা হয় তাৰ ৰচয়িতা নাই, সম্ভৱতঃ নাছিলেই : অগত্যা এজনক দেখুৱাই নিদিলে নহলে শেষত যিজনৰ মুখৰ পৰা শুনি তাক লিপিবদ্ধ কৰা হয় তেওঁলৈকে আঙুলিয়াব লাগিব।

 গীতি-কবিতাৰ লগত গীত-কাব্যৰ আন পাৰ্থক্য হল ইয়াৰ ৰচয়িতাৰ অশৰীৰীত্ব বা ব্যক্তিত্ব-নিৰপেক্ষতা (ইম্পাৰছনেলিটি)। কোনো কাহিনী