লিখিব পাৰি বুলি মানুহে ভাবিব পাৰিছিল। স্বৰূপতে অসমীয়া নৱন্যাস যজ্ঞৰ চন্দ্ৰকুমাৰেই
ঘাই হোতা। ৱৰ্ডৰ্ছ্ৰ্থৰ দৰে পোনতে, চন্দ্ৰকুমাৰৰ ভাষা যে অত্যন্ত ঘৰুৱা সৰল
আৰু সোৱাদ তেওঁৰ সকলো কবিতাতে ইয়াৰ প্ৰমাণ পোৱা হয়। দ্বিতীয়ত, ৱৰ্ডৰ্ছ্ৰ্থৰ
দৰেই প্ৰকৃতিৰ লগত এওঁৰ সম্পৰ্ক পোন-পটীয়া, আওপকীয়া নহয়; এওঁৰ অনুপম
‘ফুলা সৰিয়হ ডৰা’, ‘নিয়ৰ ’ আদিয়েই তাৰ উদাহৰণ:
“মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা;
নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা।
নিজম আকাশৰ নিচুক কথাটি হিয়াত থইছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি?
ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰই গল মণি,
ৰঙিলীৰ ভাৱ হাঁহি-নাচোনৰ ৰ’ল চিন এইকণি।
ৰাতিৰ ধেমালি জোনৰ নিফুট হাঁহিৰে থইছে সানি;
পুৱাব হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী।
নিয়ৰ কলিৰে শোভে ফুল জুপি চাইছে ভাবতে ভাহি;
হায়, কি বিষম পেলালি বায়ুৱে জোকাৰি ফুলৰ পাহি!”
তৃতীয়ত, জাতি-বৰ্ণ নিৰ্বিশেষে মানুহ মানুহ-স্বৰূপেই এওঁৰ কবিতাৰ ঘাই বিষয় আছিল; “বিশ্ব-ভাৱৰীয়া”, “মানৱ বন্দনা,” আৰু “বীণ-বৰাগী” কবিতাৱলীত (অধ্যয়ন,২০৫-১৮) :—
“আহিছে মানুহ, গইছে মাই, মানুহ ময়াপী জীব;
মানুহ সোঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়?”
“হাঁহিছে মানুহে, কান্দিছে মানুহ, পাতিছে মানুহে প্ৰেম।
ধূলিতে উদয়, ধূলিতে বিলয় ধূলিও স্বৰ্গীয় হেম॥”
চতুৰ্থত, কলেৰীজৰ ভাগত পৰা আৰু তেওঁৰ পুৰণি নাৱিক কবিতাত প্ৰকাশ পোৱা অতি-প্ৰাকৃতিক কথাও এওঁ নিজে বন-কুঁৱৰী, জল-কুঁৱৰী আদিৰ ভিতৰেদি প্ৰকাশ কৰিছে। পঞ্চমত, দুখীয়াৰ দুখত গভীৰ সহানুভুতি ইংৰাজী নৱন্যাসৰ দৰে চন্দ্ৰকুমাৰেও ঘাইকৈ তেওঁৰ বীণ-বৰাগী কবিতা-সমূহত, আৰু সমাজৰ অসমতাৰ বিৰুদ্ধেও অতি তীব্ৰভাবে, বিদ্ৰোহী ৰূপে প্ৰকাশ কৰিছে।—