বৰ্ডৰ্ছৱৰ্থ-কলেৰীজ্-ছাদীৰ দৰে অসমীয়া নৱন্যাসৰ ত্ৰিমূৰ্ত্তিৰ প্ৰথমটি আৰু স্বৰূপতে প্ৰধানটিও। ১৮৬৭ৰ ২৮ নৱেম্বৰত তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মাজানত হৰিবিলাস আগৰৱালাৰ দ্বিতীয় পুত্ৰ চন্দ্ৰকুমাৰৰ জন্ম হয়। এফালে তীক্ষ্ম বুদ্ধি আৰু স্বাধীনচিতীয়া, ইফালে লাজকুৰীয়া আৰু কবিসুলভ প্ৰকৃতি; এই বিষম আৰু পৰম্পৰ-বিৰোধী স্বভাৱেই চন্দ্ৰকুমাৰক ল'ৰা কালৰ পৰা বুঢ়া কাললৈকে নেৰিছিল। বিচক্ষণ ব্যৱসায়ী আগৰৱালাই যে “প্ৰতিমা”ৰ পাকৈত খনিকৰ, এদিন-দুদিন দেখাসকলৰ চকু আৰু মনৰ এই দ্বন্দ্ সহজে নাভাগে। সামাজিক ব্যৱহাৰত তেওঁক সৰবৰহী বুলিব যে নোৱাৰিয়েই, সাধাৰণ কথাবাৰ্ত্তাতো তেওঁ নিশ্চয় নিমজ হব নোৱাৰিছিল; বাস্তৱ জীৱনত বেজবৰুৱাৰ বাহিৰে তেওঁৰ হৃদয়-দুৱাৰ আৰু দুই চাৰিজনতকৈ সৰহৰ আগত মেল নাখাইছিল। সাহিত্যতো, ইংৰাজ কবি গ্ৰেৰ দৰে, এওঁ সম্পূৰ্ণ হদয়-ভাণ্ডাৰ মেলি নিদিয়া বাৰে কেৱল দুখনি সৰু পুথিহে এওঁৰ পৰা এওঁ যেন নিজে এওঁৰ কবিতাৰ “অকলই উৰি ফুৰে প্ৰাণৰ পখীটি!" বিশ্ববিদ্যালয়ৰ উপাধি বা ৰজাঘৰীয়া খিতাপ একোলৈকে আকাঙ্খা নথকাত পঢ়াশলীয়া জীৱনৰে পৰা বহুত বছৰ ব্যৱসায়ী পিতাকৰ লগত কলিকতাত আৰ্মেনিয়ান ষ্ট্ৰীটৰ নিজা ঘৰবাৰীত থাকি এণ্টেন্স আৰু ফাষ্ট্ৰ আৰ্টছ্ মহলাত উঠি দুবছৰ অধিক কাল প্ৰেছডেন্সী কলেজত বি-এ শ্ৰেণীত থাকিও নিৰুপাধিক হৈ শেষত অসমলৈ ওলটে আৰু চাহ খেতি আদি পৈতৃক ব্যৱসায়ত লাগে। কলিকতাত পঢ়া কালতেই নিজ খোৱা খৰচৰ পৰা ধন সাঁচি তাৰে প্ৰথম বছৰ নিজে সম্পাদক থাকি, আৰু তাৰ পাছত বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক সম্পাদকৰ বাব দি, ১৮৮৯ৰ জানুৱাৰীত পোনতে “জোনাকী” উলিয়ায়। প্ৰেছিডেন্সী কলেজত পঢ়া কালত বঙ্গ দেশৰ অমৰ নেতা চিত্তৰঞ্জন দাস এওঁৰ সহপাঠি আছিল। বেজবৰুৱাই তেওঁৰ “জীৱন সোঁৱৰণত আগৰৱালাৰ প্ৰথম বছৰৰ “জোনাকী"ৰ অপূৰ্ব গদ্যৰীতিৰ বিষয়ে কওঁতে কৈছে বোলে কলিকতাৰ উচ্চ আদালতৰ প্ৰধান বিচাৰপতি ছাৰ আশুতোষ চৌধুৰীৰ “ পৰাধীন জাতিৰ ৰাজনীতি নাই” বোলা যিটি কথা শুনি সকলো চমৎকৃত হৈছে, তাৰ মৰ্ম “জোনাকী”ৰ “আত্মকথা”ত ছাত্ৰ-সম্পাদক চন্দ্ৰকুমাৰে তাৰ বহুত আগতে কৈছিল। কবিতাৰ বিষয়ে কওঁতেও লিখিছে বোলে সেই বছৰৰ “জোনাকী”ত ওলোৱা “নকুঁৱৰী” আদি কবিতা পঢ়িহে অসমীয়া ঘৰুৱা মাত-কথাৰেও ওখ ধৰণৰ কবিতা