পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৫
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


জ্ঞাতি-অজ্ঞাতিৰ   বিচাৰ গুচালে   সকলো একাকাৰ হল॥
শূদিৰে জপিলে   সন্ধিয়া গায়ত্ৰী   বামুণে ৰাখিলে ডাঢ়ি।
আগৰ পুৰণি   শুদ্ধ ৰীতি-নীতি   সকলোকে নিলে কাঢ়ি॥
এনে উদ্ভণ্ডালি   দেখিব নোৱাৰি   ৰুষিল অসম দেশ।
চিলিম ধোঁৱাখোৱা   আছাৰি পেলাই   ধৰিলে বীৰৰ বেশ॥
বান্ধিলে টঙালি   মেৰাই মেৰাই, মূৰত মথুৰা পাগ।
হাতত তুলি ললে   কোৰ-চিপ্‌ৰাং   হ'ল সমৰলৈ আগ॥
উঠিল ডিব্‌ৰু,   উঠিল তেজপুৰ,   ৰঙ্‌পুৰ সাৰথি হল
গুৱাহাটী নগাঁও   লগত ওলাই   সভ্যতা ভেটিবলৈ গল॥
ধুবুৰীৰ সিমূৰে   জুমুৰি পাতিলে,   ভেটিলে সভ্যতাৰ বান।
মূৰৰ সমানকৈ   মথাউৰি বান্ধিলে,   ৰাখিলে অসমৰ মান॥
উজাবৰ উপায়   নাপাই সভ্যতা   উভতি ভটিয়াই গল।
উজনি নামনি   গোটেই অসম   আগৰ দৰেই ৰল॥

অসমীয়া নৱন্যাসৰ কবিতা আৰু হোতাসকল

 এলিজাবেথ যুগৰ লগত যেনেকৈ ইংৰাজী সাহিত্যৰ নৱন্যাস যুগ (১৮০০-৫০) দ্বিতীয় সৃজনমূলক প্ৰতিভাৰ যুগ বুলিব পাৰি, তেনেকৈ বৈষ্ণব সাহিত্যৰ তুলনাত বৰ্ত্তমান সাহিত্যৰ ঢেকিয়াল ফুকনৰ জন্মৰ পৰা বেজবৰুৱাৰ শেষ কাললৈকে প্ৰথম এশ বছৰ (১৮৩০-১৯৩০) সাধাৰণভাৱে তেনে সৃজনমূলক যুগ বুলিব লাগিলে ই আগতে ক’বৰ দৰে সমুদ্ৰৰ বৃহৎ জোৱাৰৰ লগত ব্ৰহ্মপুত্ৰৰ ক্ষুদ্ৰ ঢৌৰ তুলনা হয়। জোৱাৰেই হওক বা ঢৌৱেই হওক, তাৰ শিৰ অৱশ্যে শেষৰ দুকুৰি বছৰ (১৮৯০-১৯৩০); অৰ্থাৎ “জোনাকী” আৰু “আৱাহন” কাকতৰ মাজৰ অসমীয়া নৱন্যাসৰ কালছোৱা। ইংলণ্ডৰ নৱন্যাসৰ দৰেই অসমৰ নৱন্যাসো কবিত্বপ্ৰধান, আৰু তাৰ পৰা উপচি উপন্যাস আৰু নাটকলৈ বৈছে; বৰদলৈৰ “মিৰিজীয়ৰী” উপন্যাস আৰু বেজবৰুৱাৰ “জয়মতী” নাটলৈ উদাহৰণ ৰূপে আঙুলিয়াব পাৰি।

 চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) ইংৰাজী নৱন্যাসৰ ত্ৰিমূৰ্ত্তি