১৮৮২ আৰু ১৮৮৩ ত যথাক্ৰমে এওঁৰ কবিতা-মালা' আগ-ছোৱা আৰু শেষ-ছোৱা
ওলায়; “আসাম বন্ধু’’ত ইয়াৰ ভালেখিনি কবিতা আগতে প্ৰকাশিত হৈছিল আৰু তেতিয়াই
ভোলানাথে কবি বুলি যশ লভিছিল। ১৮৮৪ত এওঁৰ চিন্তা-তৰঙ্গিণী নামৰ কবিতা পুথিৰ
দুটি খণ্ড ওলায়; আৰু উচ্চ পাঠ্যৰূপে অসমৰ পঢ়াশালিত বহুত দিন চলে; “কিয়নো
নাজাগে আমাৰ মন”, “মেঘ” আদি ইয়াৰ ভালেমান কবিতাত নতুন যুগৰ এই নতুন
কবিৰ নতুনত্ব ফুটি উঠিছিল। “মেঘ’’ কবিতাৰ আৰম্ভণঃ
“কি ভাবি হে মেঘ, আজি শ্বেত কলেৱৰ;
শ্বেত যেন তুলা ৰাশি কিবা বৰফৰ ৰাশি
অতি ক্ষুদ্ৰ আয়তনে সুদূৰ অম্বৰে
হইলা উদয় কোৱা কি ভাবি অন্তৰে?”
ইংৰাজ কৰি গ্ৰেৰ “ইলেজী” আদিত আগন্তুক নৱন্যাসৰ বাৰ্ত্তা পোৱা দৰে এনে
কবিতাত “জোনাকী’’ যুগৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ” আদিৰ আগজাননী পোৱা
হেন লাগে; অথচ ইয়াত প্ৰাচীন সাহিত্যৰ গাম্ভীৰ্য্য এটিৰো উমান পোৱা হয়। এই সময়তে
এওঁ সীতাহৰণ কাব্য ৰচি তেতিয়াৰ আউনিআটি ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা প্ৰকাশিত “আসাম
বিলাসিনী”ত (১৮৭১-৮৩) ছোৱা ছোৱাকৈ উলিয়াই ১৮৮৮ ত ইয়াক পুথিৰ আকাৰে
প্ৰকাশ কৰে। তাৰ সূচনা⸻
“প্ৰভাতিলা নিশা উষা আশু গতি ধৰি
আসিলা; কুৰুলি দিলা সুদীৰ্ঘে পেঁচক;
বায়স কৰিলা কা-কা; যেন হেৰুৱাই
লঙ্কা লঙ্কা-প্ৰিয় পক্ষী কুক্কুট পুছিলা
‘লঙ্কা পুৰ ক'ত' বুলি; গাইলা চৌদিশে
প্ৰভাতীয় গীত যত প্ৰভাতী বিহঙ্গ;
বৃকধূৰ্ত্ত দল হুৱা ধ্বনি দূৰে।"
ৰমাকান্ত আৰু ভোলানাথ, সমসাময়িক এই দুজন কবিয়ে জয়ে জয়ে অসমীয়াত এই ছন্দৰ প্ৰৱৰ্ত্তন কৰোঁতে কবিত্বৰ লগত যথেষ্ট কৃতিত্বৰ প্ৰমাণ দিয়ে। ৰমাকান্তৰ ভাষা নিখুত আৰু প্ৰাঞ্জলঃ ভোলানাথৰ কবিত্ব আৰু বৰ্ণনা-চতুৰ্য্য বিপুলঃ কিন্তু এওঁ মাইকেল মধুসূদনৰ ছন্দৰ লগতে ভাষাও অন্ধৰূপে নহলেও ঘনিষ্ঠভাৱে অনুকৰণ কৰিবলৈ যাওঁতে