সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


সদায় এটা স্বাভাৱিকতাৰ আৰু অপূৰ্ব মোহৰ প্ৰমাণ পাব। এটি কৰিত্ৰাত ভৈৰৱী দেৱালয়ৰ বৰ্ণনা জীৱন্ত হৈ উঠিছে (অধ্যয়ন, ২০১-০৪ পদ)—

“ই মহাভৈৰৱ, বিষাদে মলিন;   এই দেৱালয় ভগন কিয়।
উষাৰ পূজিত তুমি ইষ্টদেৱ   আছিল এদিন কুঁৱৰী-প্ৰিয়॥
কোৱাঁ দেবী কোৱাঁ সুধিছো এবাৰ,   সুন্দৰী উষাৰ নগৰ নে ই।
শ্ৰদ্ধা-ভকতিৰে তোমাক পূজিলে   সদায় যতনে বাণৰ জী।
কি কুটিলা গতি নিষ্ঠুৰ কালৰ!   আজি ক'ত উষা দেবী, পশুপতি!
লাজ নাইকিয়া, আঁছা কিয় তুমি   লভি অপমান ই হেন দুৰ্গতি?
কেনে ৰম্যপুৰ আছিল মন্দিৰ   বেষ্টিত চৌপাশে সুন্দৰ প্ৰাচীৰ।
আজি ভগা ছিনে দেখায় সৱাকে   শত্ৰু-ইতিকিং বেৰ ৰেখাটিৰ॥
কিন্তু আজি দেৱ তোমাৰ দূৰ্গতি   দেখিলে বিষাদে বিদাৰে হিয়া।
ক'ত উষা বাণ ৰজা আজি,   কাৰো ঘৰ-বাৰী চিন নাইকিয়া।

 ভোলানাথ দাস (১৮৫৮–১৯২৯) জুলাই মাহত নগাঁৱত জন্মে; এওঁৰ মাক পদ্মাৱতী, পিতক বাপীৰাম। এওঁলোক বিখ্যাত বাখৰ বৰাৰ ঘৰৰ, ভোলানাথ মাক-বাপেকৰ একেটি সন্তান। ১৮৭৯ত নগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উঠি এওঁ কলিকতাৰ মেট্ৰপলিটান কলেজত নাম লগায়; কিন্তু মাকৰ নৰিয়াৰ বাবে সোণকালে ঘৰলৈ উলটি আহে। তাৰ পাছত এওঁ নগাঁৱৰ জিলা ছৰ্ভেয়ৰ পদত নিযুক্ত হয়, আৰু তাৰ কঠোৰ পৰিশ্ৰমে নুশুজাত এওঁ সেই কাম এৰি দিয়ে। এইবাৰ এওঁ নগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ তলৰ শিক্ষক পদত মকৰল হৈ তাৰ পৰা ক্ৰমে শিক্ষা বিভাগৰ কাকতী আৰু নগাঁও আৰু শিৱসাগৰৰ জৰিপ পঢ়াশালিৰ শিক্ষকৰ পদ গ্ৰহণ কৰে। শেষত ছবৰ্ডিনেট ছিভিল ছাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৮৮ ত এওঁ মাটি-হকিম হয়। ইয়াত ক্ৰমোন্নতি কৰি পাছত এওঁ প্ৰথম শ্ৰেণীৰ কৰ্মচাৰী আৰু দ্বিতীয় শ্ৰেণীৰ মেজিষ্টেটৰ ক্ষমতা পাই সহকাৰী ছেটল্‌মেন্ট বিষয়া নিযুক্ত হৈছিল; আৰু গুৱাহাটী ছহৰৰ জৰিপ আৰু পুনৰ ছেটল্‌মেন্টৰ কাম সমাধা কৰি ১৯১২ৰ ১২ দিশেম্বৰত ৰজাঘৰীয়া কামৰ পৰা আজৰি হয়। ইয়াৰ পাছতো নানা ৰজাঘৰীয়া আৰু ৰাজহুৱা কামত ১৯২৭ লৈকে লগাৰ পাছত ১৯২৯ৰ ২ জুলাইত গুৱাহাটীৰ উজান বজাৰৰ নিজ ঘৰত এপপ্লেক্সী ৰোগত এওঁ ঢুকায়। স্বৰূপতে আধুনিক অসমীয়া খণ্ড কবিতাৰ ভোলানাথ এজন প্ৰথম আৰু প্ৰধান প্ৰৱৰ্ত্তক।