পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


“বদন বৰফুকনৰ গীত”, “মণিৰাম দেৱানৰ গীত" আদি অনেক "গীত" আছে। কিন্তু অকল “গীত” বুলিলে ইয়াৰ সম্পূৰ্ণ অৰ্থ নোলায়, আৰু সাধাৰণ গীতৰ পৰা ইয়াৰ পাৰ্থক্য বুজিব নোৱাৰি। ইংৰাজীত এনেবোৰ ৰচনাক বেলেড্ বোলে; এইবোৰ অকল গীত নহয়, কাব্যও। কাব্যৰ দৰে ইয়াত একোটা কাহিনী বা বুৰঞ্জীমলক ঘটনা বৰ্ণোৱা হয়, কিন্তু তাকে গোৱাও হয় : এই দুই ভাব বুজাবলৈ সেইদেখি ইয়াক গীত-কাব্য বোলা হৈছে। ইফালে আকৌ ইংৰাজীত লীৰিক্ বোলা এজাতি কবিতা আছে; এপিক্ বা মহাকাব্যৰ বিপৰীতে এই জাতিৰ কবিতাই ৰচয়িতা বা কবিৰ গাইগুটীয়া হৰ্ষ-বিষাদ ৰুচি-অৰুচি প্ৰকাশ কৰে। ইংৰাজী 'লায়াৰ' (বীণ) মূলৰ পৰা এই শব্দটো ওলাইছে; কিয়নো হাত বীণ লৈ নিজৰ সুখ-দুখ বৰ্ণোৱা এজাতি কবি ইউৰ'পত আদিতে আছিল; তেওঁলোকৰ ৰচনাকে তেতিয়া লীৰিক্ বোলা হৈছিল; কিন্তু কালক্ৰমত হাতত বীণ লৈ নাগালেও বা সেইদৰে গাব পৰা ৰচনা নহলেও অকল গাইগুটীয়া ভাব প্ৰকাশ কৰা কবিতা মাত্ৰকে লীৰিক্‌ বোলা হ'ল। সেইহে বেলেড্ জাতিক গীত-কাব্য বুলিলে, তাৰ পৰা পথক বুজাবলৈ, লীৰিক্ জাতিক গীতি-কবিতা বোলা হৈছে।

 ইংৰাজী বেলেড্ শব্দৰ মূল ফৰাছী শব্দ বেলাৰ, অৰ্থ নচা; ই আদিতে গায়ক এদলে নাচোঁতে গোৱা গীত বুজাইছিল। এতিয়া দুশাৰীৰ বা চাৰি শাৰীৰ চমু চমু ফাকিৰে পোনপটীয়া ছন্দত সহজ অথচ সৰলভাৱে, সৰল কিন্তু জ্বলজ্বল-পট্ পট্ কৈ বিশদৰূপে বৰ্ণোৱা কবিতাকে বেলেড্ বোলে : আৰু ই অসমীয়া গীত-কাব্যবোৰৰ লগত সম্পূৰ্ণ একে। গীতি-কবিতা যেনে মাৰ্জিত আৰু কৃত্ৰিম, গীত-কাব্য তেনে চহা আৰু স্বাভাবিক। গীতি-কবিতা এটাৰ এজন বিশেষ লেখক আছে, কাপ-কাঠি ধৰি চাকিয়ে চাকিয়ে তেল পুৰি হলেও তেওঁ তাক লিখিছে; গতিকে তাত তেওঁৰ ব্যক্তিত্ব বা অভিন্নত্বৰ ৰহন, তাৰ ভাব- ভাষা আৰু ৰচনা-ৰীতি, জিলিকি উঠিবই লাগিব। কিন্তু গীত-কাব্যৰ লেখক নাই, কাপ-কাঠিৰ লগত তাৰ সম্পৰ্ক নাই : যদিও অৱশ্যে এই মৈলাম-তুলাপাতৰ দিনত কলীয়া আখৰকেইটাৰ পৰা আঁতৰি আহি সাহিত্যৰ ধাৰণা কৰাই ডাঙৰ মানসিক যুজ-বাগৰৰ কথা। কিয়নো আজি-কালি শিক্ষা বুলিলেই যেনেকৈ লিখা, পঢ়া আৰু অঙ্ক কৰা : শিক্ষিত বুলিলেই সেইদৰে মসিজীৱী অৰ্থাৎ কলম পিহি খোৱা জীৱ-বিশেষ !