পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


নখাটিয়া আছিলেক। বৈদ্যাধিপ পাতিলেক। শুনা সভাসদ লোক। হৰি হৰি ঘুষিয়োক॥ বুৰঞ্জী পুৰাতত্ত্ব বিভাগে উলিওৱা এওঁৰ পদ্য-বুৰঞ্জীত ১৭৯২-১৮১৯ৰ অসমৰ কাহিনী বৰ্ণোৱা আছে। আধৰুৱা এই পুথিখন লেখকে সম্ভৱ পুৰন্দৰ সিংহৰ ৰাজ-আজ্ঞামতে ১৮৩৩ মানত আৰম্ভ কৰি ১৮৪৬ৰ ভিতৰত সমাপ্ত কৰিছিল! বৈষয়িক কথা হলেও ইয়াৰ ভাব-ভাষা সকলো বৈষ্ণৱ আদৰ্শৰঃ “শ্বেত ছত্ৰ যাৰ শিৰ উপৰে চৰাইল। কালৰ বিক্ৰমে এক তিলকে উৰাইল॥” এনে মন্তব্য এই “বেলি--মাৰৰ বুৰঞ্জী”ত বিৰল নহয়। চলিত পদ, দুলড়ি, লেচাৰীৰ বাহিৰেও ইয়াত মুক্তাৱলী, বিদগ্ধ লেচাৰী আদিৰে নানা ছন্দ-বৈচিত্ৰ্য পোৱা হয়। পূৰ্ণানন্দৰ পত্নীসকলৰ বিলাপ আদিৰ পৰাও

লেখকৰ কবিত্বৰ প্ৰমাণ পোৱা হয় :—
“হ্য হৰি হৰি!   স্বামী গৈল মৰি
আইলোঁ ৰাজ্য এৰি, পাইলোঁ কামপুৰী এ,
ধন-তান-বাৰী সকলো তৈতে থাকিলা।
তোমাৰ সমান,   মন্ত্ৰী নাহি আন;
শত্ৰু স্থানে স্থানে   কৰিলা নিৰ্য্যাণ এ,
অকণ্টকা কৰি সমস্ত ভূমি পালিলা॥
তোমাৰ বিয়োগে   বঞ্চিলেক ভোগে
দৈৱৰ সংযোগে   পাইল মহাৰোগ এ,
বিপত্তি কালত আপুনি তুমি মৰিলা।
বিধি বিড়ম্বিলে   মানেও খেদিলে,
যুদ্ধলে হাৰিলে   বলে নোৱাৰিলে এ,
আমাৰ কপালে বিধাতা হেন লিখিলা।

 দুতিৰাম হাজৰিকা (১৮০৬-১৯০১), কলি-ভাৰত নামৰ আন এখন পদ-বুৰঞ্জীৰ লেখক, যোৰহাটৰ বনীয়া সম্প্ৰদায়ৰ লোক আৰু সম্ভৱ পুৰন্দৰ সিংহৰ সোণাৰী আছিল; পুথিখন ১৮৬২ত সম্পূৰ্ণ কৰা বুলি ঘটনাৰ বিৱৰণৰ পৰা বুজিব পাৰি। কবিত্বত এওঁ বিশ্বেশ্বৰৰ সমকক্ষ; কৈৰ কোন লোক আসে এহেৰ-তেহেৰ। সিও মোত কথা কহে ঠেহেৰ ঠেহেৰ॥” এনে ধৰণৰ মাত-কথাও ইয়াৰ বহুত ঠাইত আছে। এই বৈষয়িক কাহিনী কওঁতে এওঁ বিষয়ৰ অসাৰতহে প্ৰতিপন্ন কৰিবৰ প্ৰয়াস পাইছে।