স্থূল বা ইন্দ্ৰিয়গ্ৰাহ্য জগতক বৰণ। যদি এয়ে হয়, তেন্তে কালিদাস আদিৰ ভাৰতীয়
সাহিত্যতেই বা ইন্দ্ৰিয়ালুতা কি হীন? তেনেহলে কব লাগিব, প্ৰাচ্য বা আদি-ভাৰতীয়
আৰু পাশ্চাত্য বা আধুনিক ইউৰপীয় ভাব-ধাৰাৰ মূলগত পাৰ্থক্যখিনি ইন্দ্ৰিয়গত জগতক
আলিঙ্গন কৰা বা নকৰাত নহয়, তাক আলিঙ্গন কৰা নীতিত। স্থূলক একান্ত স্থূলভাৱে
গ্ৰহণ কৰাই ইউৰপৰ ‘প্ৰফেন’ বা ‘পেগান' নীতি; শৰীৰৰ লগত শৰীৰৰ মিলনৰ
যি সৰসতা আৰু তৃপ্তিৰ উপভোগ, সেয়ে এই ‘ছেকুলাৰ’ বা বৈষয়িক নীতি। কিন্তু
ভাৰতৰ অধ্যাত্ম অতীন্দ্ৰিয় নীতিত পাৰ্থিৱ সম্বন্ধৰ মাজতে সকলো ওৰ নপৰে, আৰু
ইন্দ্ৰিয়গত বিষয়ানুভূতিও নিজস্ব মূল্যতকৈ বেলেগ এটি সত্যৰ প্ৰতীক ৰূপেহে ধৰা
হয়; পতি-পত্নী, পুত্ৰ-কন্যা, বিষয়-বাসনা আদি ধন্য আৰু মান্য হব পাৰে আত্মাৰ
আনন্দ স্বৰূপেহে, শাৰীৰিক ৰা পাৰ্থিৱ গুণত নহয়। এই বাবেই ইউৰপীয় কবিৰ
“সি দুটি চকুৰে পিয়া মাথোঁ তুমি, পিম মই বুকু ভৰি”, বৈষয়িক; কিন্তু ভাৰতীয়
কবিৰ “জনম অৱধি হাম ৰূপ নেহাৰনু, নয়ন ন তিৰপিত ভেল। লাখ লাখ যুগ
হিঅ হি ৰাখনু, তইও হিঅ জুড়ন ন গেল।’’ আধ্যাত্মিক। তদুপৰি, মৰৰ ওপৰত
অমৰৰ, বা জড়ৰ ওপৰত চৈতন্যৰ, অধ্যাত্ম উপলব্ধি অকল ভাৰতীয়ৰ আৰু তাৰ
বিপৰীত ভাব ইউৰপীয়ৰ একস্বত্ব নহয়। উভয় দেশৰ বতাহ-পানীৰ লগত নিজ নিজ
গুণ বিয়পি থাকি ই সৰ্বসাধাৰণক প্ৰভাৱান্বিত কৰে; তথাপি শ্ৰেষ্ঠতম শিল্পীসকল
উভয় মহাদেশতে সদায় ইয়াৰ ওপৰলৈ উঠে।
স্বৰূপতে ইংৰাজ অমোলৰ লগে লগেই পুৰণি অসমীয়া জীৱনৰ, গতিকে অসমীয়া সাহিত্যৰ লগত বৰ্তমানৰ যোগসূত্ৰ প্ৰায় ছিগিল। কিন্তু ই এদিন, এমাহ, এবছৰ বা এযুগৰ কথা নহয়; ইংৰাজ শাসনৰ লগে লগে তেওঁলোকৰ হাব-ভাব, চলন-ফুৰণ, সাজ-পাৰ, মাত-কথা, আদৰ্শ আদিৰ প্ৰতি লক্ষ্য, আকৰ্ষণ, অনুৰাগ বঢ়াৰ পৰিণাম ৰূপে শেষত জ্ঞাতসাৰে আৰু অজ্ঞাতসাৰে সেইবোৰৰ গ্ৰহণ হবলৈ ধৰিলে। সাহিত্যতো এই গতি যেনে ধীৰ-স্থিৰ, তেনে সুনিশ্চিত। পোনতে বিশ্বেশ্বৰ, দুৰ্তিৰাম, পূৰ্ণকান্ত আদিত এই যুগৰ সহাৰিকে পাবলৈ নাই; তাৰ পাছত ৰমাকান্ত, ভোলানাথ আদিত সাজ-পাৰৰ সলনি অৰ্থাৎ মূৰৰ মথুৰা পাগ, গাৰ এৰীয়া বা গুণাকটা ফুলাম খনীয়া আৰু টিকাৰ খম্ খমীয়া মুগাৰ বৰ চুৰিয়া সলাই হেট্ নেকটাই ঠেঙা পিন্ধা দেখা পাওঁ সচা, কিন্তু হেটৰ তলত টিকনি আৰু ঠেঙাৰ তলত তিয়নি তেতিয়াও আছিল; কেৱল