সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৯
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ আসমীয়া সাহিত্য


 মাধৱচন্দ্ৰ বৰদলৈ (১৮৪৭-১৯০৭) ১৭৬৮ শকৰ মাঘত উত্তৰ গুৱাহাটীত এওঁৰ জন্ম; পিতাক কল্পনাথ আৰু মাক পদ্মাৱতী। স্বনামধন্য আনন্দৰাম বৰুৱা, কৰ্ণেল শিৱৰাম বৰা আৰু জালনুৰ আহ্মাদ আদিৰে একেলগে এওঁ ১৮৬৪ত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু যথাসময়ত বি.-এ মহলাত উঠিব নোৱাৰি কাকতী আৰু শিক্ষকৰ কাম কৰি শেষত এল এল পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীত ওকালতি কৰে, আৰ তাৰ পৰাই এওঁ শেষত একষ্ট্ৰা এছিষ্টেণ্ট কমিস্যনাৰ আৰু ডেপুটি মেজিষ্ট্ৰেট হৈ অৱসৰ লৈ ১৯০৭ ৰ ১০ অক্টোবৰত ঢুকায়। মাধৱ কন্দলীৰ অসমীয়া পাঁচ কাণ্ড ৰামায়ণ, মাধৱদেৱৰ আদিকাণ্ড আৰু শঙ্কৰদেৱৰ উত্তৰা কাণ্ডৰে এৱেঁই জয়ে জয়ে সুসম্পাদিত কৰি উলিয়ায়। মৌলিক কোনো গ্ৰন্থ নিলিখিলেও এই ৰামায়ণৰ বহুমূলীয়া পাতনিখনেই এওঁক অসমীয়া সাহিত্যত স্মৰণীয় কৰি ৰাখিব। বহুত দিনৰ বাদ-বিসম্বাদৰ বিষয় পুৰুষোত্তম গজপতিৰ “দীপিকা-ছন্দ” (দীপিকা-চন্দ্ৰ?) পুথিখনিও এৱেঁই পোনতে প্ৰকাশ কৰে। লক্ষেশ্বৰ শৰ্মা নামৰ এজনো এই দৰেই অসমীয়া অষ্টাদশ পৰ্ব মহাভাৰত ছপাবলৈ যো-জা কৰোঁতেই ঢুকায়।

পূৰ্ব-আধুনিক আৰু আধুনিক কবিতাৰ বিকাশ


 “আধুনিক” কথাটো অকল কাল-গতই নহয়, দেশ-গতও। দেশৰ লগত দেশৰ আৰু জাতিৰ লগত জাতিৰ যি আন্তৰিক সমিল-মিল আৰু সলনা-সলনি আৰু তাৰ ফলত এই দেশ আৰু জাতিসমূহৰ হৃদয়ত যি এটি নতুন প্ৰাণৰ সন্ধান, নৱ জাতীয় ৰূপ বা অভিনৱ যুগ-ধৰ্মৰ বাৰ্ত্তা, সেয়ে আধুনিকতাৰ বিশিষ্ট পৰিচয়। মুঠতে বিশ্ব-মানৱৰ মাজত ব্যাপকতৰ গভীৰতৰ আৰু নিষ্ঠতৰ কল্যাণতে আধুনিকতাৰ জন্ম হৈছে; আৰু ইউৰপেই এই আধুনিকতাৰ পৰশ-মণি স্বৰূপ। ৰবীন্দ্ৰনাথৰ ভাষাৰে, “পশ্চিমে আজ খুলিয়াছে দ্বাৰ, সেথা হ’তে সৱে আনে উপহাৰ; দিবে আৰ নিবে, মিলিবে মিলাবে, যাবে না ফিৰে; এই ভাৰতে মহামানৱেৰ সাগৰ-তীৰে।” এই পৰশ-মণিৰ পৰশৰ বাবেই জাপান কেতিয়াবাৰে পৰা আধুনিক আছিল, আৰু তাৰ অবিহনে সৌ সিদিনালৈকে চীন দেশ আধুনিক নাছিল। ভাৰতীয় সাহিত্যৰ ইউৰপীয়, ঘাইকৈ আধুনিক ইউৰপীয়, চেতনাৰ মূল উপলব্ধিটিয়েই ইয়াৰ বিশিষ্ট ঘাই দান। সেই মূল উপলব্ধিটি হৈছে এই চীন