পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


বৰ-বজাৰৰ আৰ্মেনীয়া ষ্ট্ৰীটৰ নিজা ঘৰ-দুৱাৰ আৰু ডিব্ৰুগড়ৰ মাটি-ভেটি বেচিবলৈ তৎ এৰিলে। এওঁ ৰবৰ আৰু হাতী ধৰা কাৰবাৰ কৰিছিল, আৰু ডিব্ৰুগড়ৰ লাহোৱালত বিখ্যাত তামোলবাৰী চাহ-বাৰী পাতে; এই চাহবাৰীকে বঢ়াই তেওঁৰ পুতেক-নাতিয়েকহঁতে চাহ-ব্যৱসায়ত যথেষ্ট উন্নতি কৰিলে। বিষ্ণুপ্ৰসাদ, চন্দ্ৰকুমাৰ, পৰমানন্দ, কৃষ্ণ প্ৰসাদ আৰু গোপালচন্দ্ৰ, এওঁৰ এই পাঁচটি পুত্ৰৰ ভিতৰত বৰ-মাজু চন্দ্ৰকুমাৰ কুৰি শতিকাৰ অসমীয়া কবিসকলৰ অগ্ৰণী এজন।

 অসমীয়া পুৰণি পুথিৰ সংগ্ৰহত নেথন ব্ৰাউনৰ নেতৃত্বৰ উল্লেখ কৰি অহা হৈছে। তেওঁৰ প্ৰায় তিনি কুৰি বছৰৰ নিমাও-মাও অৱস্থাৰ পাছত ছাৰ আৰ্চডেল আৰ্লৰ আমোলত এই বিষয়ৰ আকৌ সহাৰি পোৱা হয়। ১৯১২ত কৰ্ণেল গৰ্ডনৰ নেতৃত্বত হেমচন্দ্ৰ গোস্বামীয়ে ৭৭খন সংস্কৃত আৰু ১৫৬খন অসমীয়া পুথি গোটায়ঃ অসমীয়া পটন্তৰ ৪, গণিত ৪, জ্যোতিষ ১, চৰিত ১২, বুৰঞ্জী ১০, নাটক ১৪, কাব্য ৩৯, আখ্যান ১, আহোম শব্দকোষ ১ , মন্ত্ৰ ১০, ঔষধ ২, বিবিধ ২, পুৰাণ ১৬, ধৰ্মপুথি ৩৪, ফকৰা ১, গীতকাব্য ৪, তন্ত্ৰ ১। এইবোৰৰ ভিতৰত নৈষ্ঠিক মতৰ লগত যুক্তি ঘাইকৈ ধৰ্মপুথিবোৰ ছপাবলৈ পুঁজি আৰু সৎসাহ ক’ত? ১৮৭৬ত সাঁচিপতীয়া পুথিৰ পৰা জয়ে জয়ে হৰিবিলাসেই সকলো প্ৰাৰে সাহ কৰি শঙ্কৰদেৱৰ কীৰ্তন-ঘোষা কলিকতাত ছপাই আনে। এৱেঁই আকৌ ভাগৱতৰ আদি, মধ্য আৰু শেষ ছোৱাৰ দশম স্কন্ধ, তাৰ পাছত একাদশ স্কন্ধ আৰু লাহে লাহে, প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্কন্ধ প্ৰকাশ কৰে। ইয়াৰ বাহিৰেও উনৈশ শতিকাৰ ভিতৰতে এওঁ শঙ্কৰদেৱৰ সীতা-স্বয়ম্বৰ অঙ্ক, গুণমালা, ভট্টিমা, বৰগীত আদি উলিয়ায়, আৰু পুৰুষোত্তম ঠাকুৰ বিদ্যাবাগীশৰ 'প্ৰয়োগ ৰত্নমালা ব্যাকৰণ’ ছপায়। ভক্তি-ৰত্নাৱলী, দৈত্যৰি ঠাকুৰৰ গুৰুচৰিত, ৰিপুঞ্জয় স্মৃতি, সাৰ-নিত্যক্ৰিয়া আদি পুথিও এৱেঁ পোনতে উলিয়ায়। এওঁৰ উদ্যোগ আৰু অৰ্থ-সাহায্যৰ গৰিলা লৈয়ে গুণাভিৰামে পুৰণি সাহিত্যৰ কিছুমান সুন্দৰ ভণিতা গোটাই তেওঁৰ 'কাব্য-কুসুম’ পুথি উলিয়ায়। এওঁ নিজে অসমীয়া গদ্যৰ ভাল লেখক আছিল; তাৰ সাক্ষী স্বৰূপে তেজপুৰৰ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ কোনো অধিবেশনত পঢ়া এওঁৰ লম্বোদৰ বৰাৰ জীৱনীখন মাত্ৰ আছে। হৰিবিলাসৰ আন নহলেও আশাশুধীয়া সাহিত্য-পৃষ্ঠপোষকতাৰ বাবে চিৰ স্মৰণীয় হবৰ নিসন্দেহ দাবী আছেই।