ওলায়; ১৮৮০ ত এওঁৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ পুথি ওলায়;
লেখকৰ পাতনিৰ ভাষাৰেই “আমাৰ ভাষাত আধুনিক জীৱন-চৰিত্ৰৰ এই পুস্তকেই
প্ৰথম। (১১ ভাদ, ১৮০২ শক)”। অকল সেয়ে নহয়; বছৱেলে লিখা জন্সৰ
জীৱনীৰ দৰে সেই বিষয়ত সি আজিলৈকে আদৰ্শনীয় হৈও ৰৈছে। ১৮৩৬ শকত
ইয়াৰ দ্বিতীয় তাঙৰণ ওলায়। ১৮৮৪ত নিউ আৰ্য্য প্ৰেছৰ পৰা আধুনিক ৰীতিত
লিখা এওঁৰ অসম বুৰঞ্জী প্ৰকাশিত হয়; স্বৰূপতে ইও এই বিষয়ৰ পথপ্ৰদৰ্শক পৃথি।
১৮৫৮ত এওঁ বিধৱা-বিবাহৰ সমৰ্থনকাৰী ৰাম-নৱমী নামৰ মৌলিক সামাজিক নাটক
লিখে। নৱমী নামৰ বিধৱা ছোৱালী এটিৰ লগত ৰামচন্দ্ৰ নামৰ এজন ডেকাৰ গুপ্ত
প্ৰণয় হয়; এই কথা সদৰি হলত গোসাঁয়ে তেওঁলোকক এঘৰীয়া কৰে। ৰাতি এই
গোসাঁয়ে এটি সপোন দেখি তাৰ বাতৰি ভকতসকলক কয়—“কালি ৰাতি এজন
ক’লাকৈ চুটি-চাপৰ বামুণে বহুত হুল থকা এখন বগা কাপোৰ পিন্ধি আহি মোক
কলে, ‘হেৰা গোসাঁঁই, চোৱাচোন বাৰু, মোৰ কাপোৰত কিমান হুল! তুমি নতুনকৈ
আকৌ এটা কিয়া বিন্ধিলা?" এই বামুণজন অৱশ্যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। গুণাভিৰামে
নিজে যে বিধৱা বিয়া কৰাইছিলেই, আপোনাৰ বিধৱা কন্যা স্বৰ্ণলতাক পুনৰ্বিবাহ
দিছিল, গুণাভিৰাম কলিকতাত থাকোতেই ১৮৫৬ত বিধৱা-বিবাহ বিধিবদ্ধ হয়; আৰু
এই মতে কলিকতাৰ ছুকীয়া ষ্ট্ৰীটত হোৱা প্ৰধম বিধবা বিবাহ আৰু আন দুই তিনিখন
তেনে বিয়াত তেওঁ নিজে উপস্থিত আছিল। “শুনিবাহা সভাসদগণ। ৰাম-নৱমীৰ
বিৱৰণ॥” বুলি নাটৰ সামৰণি গীতটিত আটায়ে যোগ দিছে; কিন্তু অনুতপ্ত হৈয়ো
গোসাঁয়ে লোকাচাৰৰ ভয়ত যোগ নিদিলে।
১৮৮৫ (মাঘ, ১৮০৬) কলিকতাৰ ১০০নং বহুবাজাৰ ষ্ট্ৰীটৰ পৰা গুণাভিৰামৰ সম্পাদিত মাহেকীয়া আলোচনী “আসাম বন্ধু” প্ৰকাশিত হয়। সাহিত্য, বিজ্ঞান, বুৰঞ্জী আদি বিবিধ বিষয়ৰ সাৰুৱা প্ৰৱন্ধ আৰু সত্যনাথ বৰা হেমচন্দ্ৰ গোস্বামী আদিৰ নতুন ধৰণৰ কবিতাৰ সম্ভাৰেৰে এই কাকতৰ ষোল্ল সংখ্যা মাথোন ওলায়। নতুন লেখক-শ্ৰেণী গঢ়ি তোলাই আসাম-বন্ধুৰ বিশেষ কীৰ্ত্তি; তদুপৰি “আসাম—অতীত আৰু বৰ্তমান” বোলা সম্পাদকৰ নিজা বহুমূলীয়া প্ৰৱন্ধটি ধাৰাবাহিককৈ ওলাই থাকোঁতেই এই কাকত হঠাৎ বন্ধ হয়। ১৮৯০ত “বিজুলী” কাকতত ওলোৱা এওঁৰ “কঠিন শব্দৰ ৰহস্য ব্যাখ্যা”, খুহুটীয়া কথাৰ প্ৰৱন্ধখিনি, ১৮৩৩ত পুথিৰ আকাৰে