পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


বোলাত নিজে জাবলৈ কবুল নকৰি থেনখামৰ পুত্ৰ খুনলুঙ্গ খুনলাই দুইকে পঠাবলৈ জনালত ইন্দ্ৰে স্বিকাৰ কৰি এই আজ্ঞা কৰিলে বোলে খুনলুঙ্গ, তই বৰ, তয়ে ৰজা হবি। খুনলাই সৰু, তোৰ লগত জুৱৰাজ ৰূপে থাকিব।”

 হৰকান্ত শৰ্মা বৰুৱা (১৮১৩?-১৯০০) সদৰামিনৰ ঘৰ উত্তৰ গুৱাহাটীত; বুৰঞ্জী পুৰাতত্ব বিভাগে উলিওৱা এওঁৰ অসমৰ বুৰঞ্জীৰ ৰচনা কাল ১৮৭০-৮০ খৃঃ। | পাতনিত এওঁ লিখিছে: “শ্ৰীশ্ৰীপুৰন্দৰ সিংহ মহাৰাজ কোম্পানী বাহাদুৰ আমোলত ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণে ধনশিৰি নদীৰ উত্তৰে বিশ্বনাথ দেৱালৰ উজান কচু-জানকে সীমা কৰি উজনি খণ্ড সদিয়া পৰ্যন্ত ৫০,০০০ পঞ্চাশ হাজাৰ টকাত লালবন্দী কৰি ১৭৫৫ শকত প্ৰাপ্ত হোৱাত সেই ৰাজত্তি কৰা সময়ত ৰাজ্যদেৱৰ আজ্ঞাৰে ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ শৰ্মা তামুলী ফুকনে নানা স্থানৰ পৰা বুৰঞ্জীসকল একত্ৰপূৰ্বক সাৰ সংগ্ৰহ কৰি একখানি গ্ৰন্থ চুম্বকমতে কৰিলে। কিন্তু সেই গ্ৰন্থখনিত অনেক আৱশ্যকীয় কথা লিখিবৰ নিতান্ত আৱশ্যক আছিল। বোধ কৰো বাহুল্য হব সেই নিমিত্তে লিখা নহল। এজনা আমি সেই গ্ৰন্থখানিকে আদৰ্শ কৰি আৰো অন্য বুৰঞ্জীত যি পোৱা হৈছিল, তাকো সত্যবাদী আহোম ফুকন বৰুৱাদিৰ মুখে কি কি শ্ৰৱণ হৈছিল, সেই সকল সঙ্কলন কৰি অনেক বিবেচনা ও পৰিশ্ৰমপূৰ্বক এইখানি গ্ৰন্থ লিখিবৰ আৰম্ভ কৰিলোঁ। শ্ৰীহৰকান্ত শৰ্মা বৰুৱা।”

 আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-৫৯) ১৭৫১ শকৰ ৭ আহিন মঙ্গলবাৰে ওপজে; মাক প্ৰসূতী আৰু পিতা হলিৰাম। কুমলীয়া বয়সতে এওঁ মুগ্ধবোেধ ৰত্নমালা। আদি সংস্কৃত ব্যাকৰণ পঢ়ে। আৰু তাৰ লগে লগে বঙলা ভাষাও শিকে। ১৮৩৫ ত গুৱাহাটিত প্ৰথম ইংৰাজী পঢ়াশালি পতাত ১৭৫৯ শকত এওঁ তাত ভৰ্ত্তি হয়। মেথী আৰু জেনকিন্স ছাহাবৰ উদগনি আৰু আশাশুধীয়া যত্নৰ ফলত তেওঁ ইংৰাজী শিক্ষাত বিশেষ উন্নতি দেখুৱায়; আৰু ১৮৪১ ৰ বাৰিষা কলিকতাত পঢ়িবলৈ বুলি নাৱেৰে যাত্ৰা কৰে। ছিৰাজগঞ্জ, ঢাকা আৰু সুন্দৰবনেদি ২৫ দিনত এওঁ এজন লগৰীৰ সৈতে কলিকতা পায়গৈ আৰু তাৰ হিন্দু কলেজৰ জুনিয়ৰ বিভাগৰ তৃতীয় শ্ৰেণীত নাম লগায়গৈ। ১৮৪২ ত এওঁৰ লগৰীয়াজন জ্বৰত ভুগি মৃত্যুৰ গৰাহত পৰে; আৰু ১৮৪৪-ৰ আগভাগত ফুকনে ছিনিয়ৰ বিভাগৰ তৃতীয় শ্ৰেণীলৈ উত্তীৰ্ণ হৈ এই বছৰৰে নৱেম্বৰৰ শেষত আকৌ সুন্দৰনেদি অসমলৈ ওলটে। ১৭৬৭ শকৰ