পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


কথা সুনি তাৰ পৰিআলৰ বৰ উৰুমি লাগিল। তাৰ কথা স্বৰূপ বুলি পতিআলে এনে নহই, তাৰ মুৰত পগলা বায়ু সোমাই বলিআ কৰা জানিলে।” (অৰুনোদই)। ইয়াত বহুত সুৱলা ঘৰুৱা অসমীয়া শব্দ লগোৱা সত্বেও ই নিশ্চয় জতুৱা ঠাচত নুঠিল। কিন্তু আন ঠাইত এই বিদেশী লেখকৰ ভাষা সহজ সৰল আৰু ঠনা-ধৰা হৈছে; ১৮৪৭ ৰ মাৰ্চৰ “অৰুনোদই”ৰ এজন অজ্ঞাত আমেৰিকাৰ লেখকৰ লিখাত :⸻

 “দেসৰ জি চলিত ভাসা তাক সেই দেসৰ লোকসকলৰ মাত্ৰি ভাসা বোলে, এই মাতৃভাসাৰ সক্তি বৰ আচৰিত, কিয়নো ইয়াক আমি কেতিয়াও নেপাহৰোঁ! কিন্তু কি সোকৰ কথা, এই দেসৰ লোকসকলে ইয়াকে জানিও অনেকে মাত্ৰি ভাসাক অস্ৰধা কৰি বাঙ্গালি ভাসাকহে মান ভাগ দিয়ে। সমনিয়া মানুহৰ সাৰিত সৰু তল মানুহ এটাক মান ভাগ দিলে নোপোআবিলাকে জেনেকৈ দিওঁতা গৰাকিৰ প্ৰতি মনত বেজাৰ কৰে, সেইদৰে আচমিয়া সকলে বঙ্গালিক মান ভাগ দিআত থাকি আমাৰ অচমিয়া ভাষাই বেজাৰ পাইচে। আচমিয়া ভাসা আমাৰ মাত্ৰি ভাসা আৰু মাত্ৰিৰ নিচিনা। সেইদেখিএ মাতৃএ বেজাৰ পোৱা কাম সন্তানসকলৰ পক্ষে অতি অজুগুত, ই সাস্ত্ৰৰ কথা। ইয়াকে জানি অচমিয়া সকলে মাত্ৰি-ভাসাৰ প্ৰতি স্ৰধা আৰু ভক্তি প্ৰকাশ কৰা উচিত। আমাৰ দেসৰ বৰসকলেই পত্ৰ লিখাত অনেক শ্ৰমেৰে অঙ্গিকাৰ কৰিও বঙ্গালি লিখে আৰু ব্যঅহাৰ কৰে। সেই দেখি আমাৰ ইতৰ আৰু ডেকা-ডুমা সকলেও লব, তাত কি সংসয় আচে। এতেকে আমাৰ দেসৰ বৰবিলাকক বঙ্গালি ভাসাক অচমিয়াতকৈ মান্য কৰা ৰোগৰ পৰা মুকুত কৰিব পাৰিলে সাধাৰণ লোকসকলক পৰা জাই। কিন্তু ই ৰোগৰ ঔষধ একো নাই, সকলোএ আপোন মৰ্জদা চালেই কাজ আহে। আপোনাৰ ৰোগ আপুনি গুচাব লাগে। মুখৰ অগ্নি মুখে নুনুমালে কোনে নুমাব? এই নিমিত্তে অচমিয়া সকলে একমত হৈ থাকিলেই হই। অধিক কি লিখিম।”

 উনৈশ শতিকাৰ সাহিত্যৰ বাট-দেখাওঁতাসকল। “অৰুনোদই”ৰ মেৰৰ ভিতৰ বা বাহিৰৰ পৰা যিসকল অসমীয়াই বৰ্ত্তমান সাহিত্যৰ বাবে আৰিয়া দাঙি ধৰিছিল, সেই সকল জাতিৰ চিৰ নমস্য। সেইসকলৰ কেজনমানৰ চিনাকি।⸺

 যাদুৰাম বৰুৱা (১৮০১-৬৯) ১৭২৩ শকৰ ৩৮ চ'তত যোৰহাটত ওপজে। এওঁৰ পিতাক কৃষ্ণদাস ভঁৰালী বৰুৱা চন্দ্ৰকান্ত সিংহৰ সম-সাময়িক আছিল। চাৰি ককাই-ভাইৰ ভিতৰত এওঁ বৰ-মাজুঃ সৰুতে তেনেই লাহি আছিল গুণে এওঁক