পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য ২৯১ ব্যাকৰণ উলিয়ায়। ইয়াৰ বাহিৰেও ১৮৪৪ ত ববিঞ্চনৰ অসমৰ বিৱৰল, ১৮৯৪ ত লনৰ এলেন কম্পেনীয়ে উলিওৱা নিকলৰ অসমীয়াৰ সৈতে বলা বাণ, আৰু ১৮৯ ত কলিকতাৰ পৰা এগুবনে উলিওৱা অসমীয়া আৰু বঙলা' আনি বিষয়ৰ ইংৰাজী পুথি উল্লেখযোগ্য। ‘খৃষ্টীয় অসমীয়া সাহিত্য কথাটো স্বৰূপতে তেনে নিন্দাসূচকভাৱে ধৰিব নালাগে। হেমচন্দ্ৰ গোস্বামীয়ে কবৰ দৰে সাত-সাগৰ তেল-নদী পাৰ হৈ অহা এই পাত্ৰীসকলে দহ-বাৰ বছৰৰ ভিতৰত ততৈয়াকৈ অসমীয়া ভাষা আয়ত্ত কৰি লিখিব লগা হোৱাত তাত এটা আচহুৱা স্বভাৱ থাকিবই; আৰু তাত যিমান ত্ৰুটিয়েই থাওক, তাত দোষতকৈ গুণব ভাগ নিশ্চয় অতন্তৰূপে অধিক হব। ঘাইকৈ তেওঁলোকে অসমীয়া জন-গণৰ মাত-কথা অনুকৰণ কৰি লিখাৰ বাবে তেওঁলোকৰ ভাষা কেচুৱাৰ থুনুক-থানাক মাতৰ দৰে মিঠা আৰু স্বাভাৱিক; কিন্তু ইংৰাজী ভাব-ভাষা যেতিয়াই কেনোজনে গোটে-পাতে অসমীয়াত ভৰাবলৈ গৈছে, তেতিয়াই সেই সাহিত্যৰ পৰা এটা অহীয়া গোন্ধ ওলাইছে। উদাহৰণ ৰূপে, ১৮৫৭ ৰ খুনৰ ১২শ বছৰ ষষ্ঠ সংখ্যা “অৰুনোদই"ত ওলোৱা “ম, ব, ব’ৰ “সৰু চিমুএল” পদ্যটি। সক চিমুএল যি সমই নিসাত সুনি প্ৰভুৰ মাত, আনন্দ জগিল তাৰ বিই মানি ইসুৰ আচিল তাত। জেনে সুখৰ ভাগি সি, প্ৰভুৰ প্ৰিয় সন্তানটি, যদি দয়াল প্ৰভু জন মোত সুনাব সুখ বানি। গুচাই পাশ পৰাক্ৰম দিব তাৰ পৰা মুক্তি; তেওঁলৈ প্ৰেম পাপল ভই, মোৰ মন জুৰিচে নিই।” ই স্বাভাবিক অসমীয়া পদ্য নিশ্চয় নহয়; সেইদৰে “জাত্ৰিক জাত্ৰা"ৰ গান: “এনে অৱস্থা হলত সেই মানুহ ঘৰলৈ গৈ আপোনাৰ পেতত দুখ দমনকৈ ৰাখি থৈছিল। কিন্তু অসন্তোষ বাহি গলত সৰহ কাল ৰাখিব নোৱাৰিলে, এই হেতুকে ক্ৰমে তিৰোতা আৰু লৰাৰ আগত পেত ভাঙ্গি এইৰূপে কবলৈ ধৰিলে বোলে ‘অ মোৰ প্ৰিয়া আৰু মোৰ পেতৰ লৰাটিত তোমালোকৰ অতি বেথাৰ মিতিৰ জি মই, মই সৰ্বনাস হৈচে, কিয়নো মোৰ ওপৰত এটা বোজাই হেচি ধৰিছে আৰু মই বৰ তান পাই স্বৰূপকৈ জানিচো আমাৰ এই নগৰ চৰগৰ জুইৰ পুৰি জাব। এই