পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


অসমীয়া আলোচনী আৰু বাতৰি কাকতৰ বাবে এনে গ্ৰাহক-সংখ্যা আকাঙক্ষাৰ কৰা। আছিল। ইয়াত প্ৰকাশিত অসংখ্য বহুমূলীয়া প্ৰবন্ধৰ ভিতৰত চুটিয়া বুৰঞ্জী, আহোম বুৰঞ্জী আৰু দেশ-বিদেশৰ বুৰঞ্জী কেখনমান, আৰু লেখকসকলৰ ভিতৰত ঢেকিয়াল, ফুকন, হেমচন্দ্ৰ বৰুৱা আমি কেজনমান চিৰস্মৰণীয়। ৩৯ বছৰ কাল মহা পয়োভৰেৰে চলি ১৮৮২, মানত এই কাকত ওলাবলৈ এৰে; ইয়াৰ ভিতৰতে ব্ৰাউন, ডেনফৰ্থ হুইটিং প্ৰভৃতি কেইবাজনো সম্পাদক সলনি হয়।

 আমেৰিকাৰ বেপটিষ্ট মিস্যনৰ প্ৰকাশিত অন্যান্য পুথিৰ ভিতৰত (ক) পঢ়ালীয়া পাঠ্য – বাৰে-মতৰা, প্ৰথম কিতাপ, সাধু কথা, প্ৰথম গণনা, দুতিয় গণনা, পদাৰ্থ বিদ্যা; (খ) বিবিধ ⸻ ফুলমনি আৰু কৰুণা, মাক-জীয়েক, হেনৰী আৰু তেওঁৰ লগুৱা, জাত্ৰিকৰ জাত্ৰা, অপৰিমিতাচাৰৰ পৰিণাম, জোচেফৰ কাহিনী, আমেৰিকা আবিষ্কাৰ, বৰ্ণবিচাৰ; (গ) ধৰ্মপুথি ⸻ আমাৰ ত্ৰাণকৰ্ত্তা যিচু খৃষ্টৰ নতুন নিয়ম, খৃষ্টৰ বিৱৰণ আৰু সুভ বাৰ্ত্তা, ডেভিডৰ গীত, নিস্তাৰৰ উপায়, কথোপকথন প্ৰথম আৰু দুতিয়, সৃষ্টি আৰু সংহাৰ-প্ৰলয়, অসমীয়ালৈ ধৰ্ম-সম্ভাষণ, পৱিত্ৰ অৱতাৰ, মুচলমান সকললৈ চিঠি, মুক্তিৰ বাট, পণ্ডিত আৰু ধৰ্মপ্ৰচাৰক, জাত্ৰিকৰ প্ৰমণ, ভুলৰ প্ৰতিবাদ, তুাতিগন (২১০টি), ডক্টৰ বাৰ্থৰ, বাইবলৰ সাধু; (গ) শিশু পাঠ্য⸻ শুৱনী সাজ, আফ্ৰিকাৰ কোৱঁৰ, বুঢ়া চল, যুদ্ধনায়ক, ৰামগতিৰ কাহিনী, ৰেবিৰ কাহিনী, ধাৰ্মিক চহা, বেজৰ কাহিনী, সৰু কালৰ ধৰ্ম, মাউৰী ছোৱালী, ঈগলৰ বাহ। ইয়াৰ বাহিৰে ১৮৪০ ত কট্টৰৰ মেমে উলিওৱা ২৫৬ পিঠীয়া অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য, ৰবিচন্দ্ৰ ডেকা বৰুৱাৰ অসম দণ্ডবিধি আইন, ১৮৪৫ ত ব্ৰাউনে উলিওৱা বকুল কায়স্থৰ পদগণিত আৰু লীলাৱতীৰ ভাঙনি; ১৮৪৯ ত মুৰেৰ বিশ্বকোষৰ সহায়ত লিখা অসমীয়া লৰাৰ মিত্ৰৰ ১৭৭ পিঠীয়া ভূগোল-শিক্ষক আৰু ২২২ পিঠীয়া অসমীয়া শিক্ষক, আৰু বিজ্ঞান আদি বিষয়ক সমাচাৰ চন্দ্ৰিকা যন্ত্ৰত ছপোৱা পেটাৰ পাৰ্লিৰ অনুকৰণত লিখা ব্ৰাউনৰ মেমৰ প্ৰথম ভাগ ভূগোল; ১৮৬৪ -ত ওলোৱা ৱাৰ্ডৰ মেমৰ ইংৰাজী-অসমীয়া শব্দকোষ, ১৮৭৭ ত বি, এল কট্টৰ ইংৰাজী-অসমীয়া খণ্ডবাক্য ওলায়। ৱিলিয়ামৱাৰ্ড নিজে কবি আৰু বাইবোলৰ সঙ্গীত-অনুবাদক; গাৰ্ণী হিব্ৰু ভাষাৰ পণ্ডিত, আৰু ভালেখিনি পৰিশ্ৰমৰ ফলৰূপে ১৮৯৯ ত তেওঁৰ অল্ড টেষ্টামেন্টৰ অসমীয়া ভাঙনি ওলায়; এই মিস্যনেই ১৮৫৯ ত হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া