পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


গৰ্ভধাৰণ। সাহিত্যনামা গৰ্ভস্থ সন্তানৰ নাড়িৰ লগত যদি সমাজৰূপা মাতৃ- নাড়ি সম্পৰ্ক নাই, ই প্ৰকৃত গৰ্ভধাৰণ হৱ নোৱাৰে; একে প্ৰাণ-স্পন্দনত সাহিত্য আৰু সমাজ স্পন্দিত নহলে জাতীয় সাহিত্যৰ জন্মৰ আশা বাতুলতা মাত্ৰ। উভয়ৰ মাজত এই যোগ-সুত্ৰৰ স্থাপনেই বৰ্তমান অসমীয়া সাহিত্যৰ অবিলম্বে কৰিব লগা কাম; প্ৰকৃততে প্ৰবল জাতীয় ভাব এটি তাৰ বাবে অতি আৱশ্যকীয়। বৈষ্ণৱ সাহিত্যই যোৱা পাঁচ শত বছৰে যেনেকৈ অসমীয়াৰ প্ৰাণত ধ্বনিত-প্ৰতিধ্বনিত হৈ আছে, বৰ্ত্তমান অসমীয়া সাহিত্যও কাঠ-ফুলাৰ দৰে নহৈ তেনে হব লাগিব; আজিও অসমীয়া মানুহৰ দৰে অসমীয়া সাহিত্য আছে, কিন্তু সেয়ে নহয় : দুয়ো জীয়াই থাকিব লাগিব।

 ১। খৃষ্টীয় অসমীয়া সাহিত্যৰ থাপনা— ইংলণ্ডৰ সিংহাসনত চতুৰ্থ ৱিলিয়ম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিনায়কত্বত এন্ড্ৰুজেকছন থকা কালত ইষ্ট ইণ্ডিয়া গৱৰ্ণমেণ্টৰ ছেক্ৰেটৰী ডি, ই (পাছত চাৰ্লছ) ট্ৰেভেলিয়ানৰ যোগে অসমৰ কমিশ্যনাৰ জেনেৰেল মেজৰ জেনকিন্সে কলিকতাৰ পাত্ৰীসকলক উত্তৰ- পূব সীমান্ত প্ৰদেশত ঘাইকে শ্যান আৰু খামতি জাতিৰ কাৰণে এটি মিস্যন স্থাপিত কৰিবলৈ দিহা দিয়ে। এই পাদ্ৰীসকলে আকৌ ব্ৰহ্ম দেশৰ লগত অসমক সংলগ্ন কৰি খৃষ্ট ধৰ্ম প্ৰচাৰৰ বাবে এডোখৰ আহল-বহল ঠাই উলিয়াবৰ ইঙ্গিতেৰে তেতিয়া ব্ৰহ্মদেশত থকা আমেৰিকাৰ বেপটিষ্ট মিস্যন বিদেশী সমাজলৈ সেই নিৰ্দেশ পঠিয়ায়। পছিম ফালৰ পৰা চীন দেশ সোমাবলৈ আৰু তিব্বতলৈ আহিবলৈ অসম দেশ অতি সুবিধাৰ ঠাই হব বুলিয়ে আমেৰিকাৰ বেপাটিষ্ট মিস্যন বিদেশী সমাজে এই ছেগ সাবটি লোৱা যুগুত ভাবিলে।

 এই অনুসাৰেই ১৮৩৫ৰ ২০ নৱেম্বৰত ৰেভাৰেণ্ড, নেথন ব্ৰাউন আৰু অলিবৰ টি কট্টৰ নিজ নিজ লৰা তিৰুতা আৰু এটি আখৰ-চেপা কল লগত লৈ কলিকতাৰ পৰা যাত্ৰা কৰে। অসমত ভাপনাও, ভাপগাড়ী মানুহ কাঢ়িওৱা বাহন স্বৰূপে তেতিয়া নালাগে তাৰো ভালেমান দিনৰ পাছলৈকে চলা নাছিল; দেশী নাৱেৰে ৮০০ মাইল উজাই আহি ১৮৩৯ৰ ২৩ মাৰ্চত তেওঁলোক সদিয়া পায়হি; আহোঁতে অকল গুৱালপাৰতহে এওঁলোক লগ ধৰিবলৈ মেজৰ জেনকিন্সে এজন শ্যান শিক্ষক পঠাইছিল। সদিয়া পায়ে এওঁলোকে ছপা আৰু প্ৰচাৰ কাম আৰম্ভ কৰে; আৰু আঢ়ৈ মাহৰ মূৰতে ৭ জুনত ব্ৰাউনৰ মেমে লৰাৰ আৰু কট্টৰৰ মেমে ছোৱালীৰ পঢ়াশালি দুটি পাতে। এওঁলোকৰ পিছত