পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭৬ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী “কমলা কুঁৱৰী মোণে প্ৰাণেশ্বৰী পানী কিমান হল। বৰ দেৱতা, মোৰে প্ৰাণপতি, পানী এবুকু হল॥” “কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে কুটুম কুটুমক খালে॥” কুটুমৰ তেজেৰে বন্তি জ্বলালে; মজিয়া ভকভকালে॥" এইবোৰৰ বাহিৰে চিকণ সৰিয়হৰ গীত আদি আৰু তুলনাত বৰ্তমান মণিৰাম দেৱানৰ গীত, পৃথু বৰকাকতীৰ গীত আদি 'সৰবৰহী; জনা গাভৰুৰ গীতৰ দৰে বদন বৰফুকনৰ গীত সম্পূৰ্ণভাৱে সংগৃহীত হৈছে; কিন্তু আন আটাইবোৰ এতিয়াও সুসম্পাদিত হৈ ওলোৱা নাই। প্ৰকাশিত গীত-কাব্য- কেইটিৰ সৰস্বৰ্তীৰ বন্দনা আৰু জোৰা দিয়া কথাবিলাক প্ৰায় একে, আৰু তাৰ ভালেখিনি গৰখীয়া নামতো সোমাইছে। ৰাজনৈতিক গীতকাব্যবোৰত জন- গণৰ মত স্পষ্টকৈ প্ৰকাশ পাইছেঃ “স] ত্ৰেতা দ্বাপণ বলি তিনি চাৰি যুগ গ'ল। অসম দেশ মন্ত্ৰী নাইকিয়া বুঢ়াগোঁহাইৰ অৱতাৰ হ’ল॥ চাৰি দিশে চাই। দেখে বুঢ়াগোহাঁই শতু নাই॥ কি কম পাৰে। শতু আছে॥ প্ৰজাই মাৰে হাই। ফুনে নামৰিলে মাৰোতা নাই॥” ৰূপৰ ধোৱাখোৱাত সোণৰ ধোঁৱাত খালি। ৰাইজৰ দোৰোহ্নত পধিলি, মণিৰাম, ডিঙিত কঁচিকাঠ ললি॥" পীতকাব্যবিলাকৰ বাহিৰে অসমীয়া জন-সাহিত্যৰ বিভিন্ন ঠেঙুলি- সাধুকথা; ধাইনাম, নিচুকনি, বা লৰা-ওমলোৱা নাম; গৰখীয়া নাম বা গাঁৱলীয়া নাম। আই নাম বা শীতল আদি নাম; বিয়া নাম : এইবিলাক বিষয়ে আমাৰ বিভিন্ন সংগ্ৰহৰ পাতনি বা শলাগনিত বিশদভাৱে আলোচনা কৰা হৈছে (অসমীয়া সাহিত্যৰ অধ্যয়ন” ৫-৫২ পিঠি)। ভাটিৰ ফুবন