পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য ২৭৫ থুৰিয়াই পিন্ধিলে ধলপাটৰ চুৰিয়া মৃত ডাউৰ্কীয়া পাগ। পিন্ধি উৰি পেলাই গোপীচন ওলালে যেনে পূৰ্ণিমাৰে চান্দ॥ হাতী খোজে কাড়ে লুপুৰে-বুপুৰে ঘোবা খোজে কাঢ়ে লবি। শিৰে আলিতে জনাই খোজে কাঢ়ে হস্তী-গমনে ধৰি॥ অতিকৈ জিলিকে বালিত বালিচন্দা, অতিকৈ জিলিকে সোণ। তাতোকৈ জিলিকে জা যে গণ্ডি যেনে পূৰ্ণিমাৰে জোন॥” জনা গাভৰ গীতৰ কাহিনী বিমান আগৰে হওক, ই গঢ় লোৱা কাল এই যুগৰ পাছলৈ নিশ্চয় নাযায়। এই যুগতে গঢ় লোৱা আৰু কেইবাটিও গীত-কাব্য আছে; বাথৰ বৰ গীত তাৰ অন্যতম। নগাঁও জিলাৰ বাখৰ বৰ বোলা এজন লোকক ৰাজদ্ৰোহত অন্যায়কৈ অভিযুক্ত বি গৌৰীনাথ সিংহ (১৭৮৯-৯৪) কালত এওঁক হত্যা কৰা হয়। এই কাহিনী লৈ লিখা এই গীত-কাব্যৰ দুই এফাকি - “আঠিয়া কলৰে পাত সৰু সৰু, জাতি কলৰে পাত। গা ধুই উঠি বাখৰৰ টেমেকাই খাবলৈ নাপালে ভাত।” “লুইতৰ ৰাঙলী গড়া। ভৰলী মুখতে ঘৰ-বাৰী সাজিড়ে, পালেহি বাখৰ গৌৰীনাথ আৰু কমলেশ্বৰ সিংহৰ (১৭৯৫-১৮১০) ৰাজত্বৰ মাজত হোৱা কামৰূপ জিলাৰ হৃদন্ত ৰাৰু বীৰ বিখাত দন্দুৱা দ্ৰোহৰ কাহিনী লৈ বেজবৰুৱা আৰু বৰদলৈৰ দুখনি প্ৰসিদ্ধ উপন্যাস আছে; এই কাহিৰি বিষয়ে চা পদুম কুঁৱৰীৰ গীতৰ দুফাকি- হশদৰ জীয়ৰী (বেজাৰত) নাখালে ভাত। গমন বালে হাতত ধৰি নিলে পদুম বিচাৰি গাত॥ ক'ত বীকদত্ত, ক' খাওঁ খাওঁ ৰা। শানে শাপ হব-বীৰদত্ত সুয়ে হল ভেটি মাথা॥ তেজীমলা, পাণেশৈ আৰু কমলা কুঁৱৰী আদি সাধুৰ ঐতিহাসিকতা থিৰ কৰা কঠিন; কিন্তু সেই সাধুবোৰৰ লগৰ গীতবোৰ অতীব কৰুণ আৰু সৌন্দৰ্য্যপূৰ্ণ যে তাত সন্দেহ নাই- “হাতে নেমেলিবি, কৰে নাৱৰীয়া তই। মানুহে ফুলৰ কি জানে আদৰ, তেজীমলাহে মই॥” “পাণেশৈ, পাণশৈ, মোৰ ভনী পাণেশৈ, মেধ ঘটে চপাই দে না। দুহাতে দুমুঠি, দি যাম চাৰি মুঠি, ডিঙিতো পিন্ধামে হব॥" পদুম ফুৰী ফুলো নিছিঙিবি,