পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


পৰা বুজিব পাৰি বৈষ্ণৱ যুগত অসমীয়া কাব্যৰ উৎকৰ্ষই যি চূড়ান্ত লাভ কৰিছিল, অনুজ স্বৰূপ উত্তৰ-বৈষ্ণৱ যুগৰ অসমীয়া গদ্যৰ উৎকৰ্ষ কোনো প্ৰকাৰে তাৰ অনুপযুক্ত নাছিল। মন্ত্ৰণাকুশল (ডিপ্লমেটিক) সাহিত্য ৰূপে উদ্ধৃত প্ৰথম কেখন পত্ৰৰ যি মূল্য অভিনৱ, বিষয় ৰূপে তামৰ ফলি বা সিদ্ধান্ত পত্ৰৰ বাহিৰেও পেড়াকাকত আৰু ঘাইকৈ মানুহ-বেচা কাকতৰ গদ্য তাতকৈ হীনমূল্যৰ নহয়। বিদেশী বা বিজাতীয় ৰজালৈ লিখিব লগা হেতুক মন্ত্ৰণাকুশল পত্ৰৰ ভাষা অসমীয়া-বঙলা-হিন্দী মিহলি ঠায়ে ঠায়ে অৱশ্যে হব লগা হলেও, তাত, অসমীয়া কথা-ৰীতিৰ গঢ় সম্পূৰ্ণ সংৰক্ষিত হৈছে সন্দেহ নাই। দিলালখালৈ দিয়া ফুকনৰ মন্ত্ৰণাকুশল পূৰ্ণ পত্ৰত : “আৰ ইমানো কি নিমিত্তে দিবঙ্গ হৈছে, যাতো সমস্তে লোক উজাৰ এই কাৰণেহে দিবঙ্গ। আমি মৰি দিবাক পাৰো তেৱে আমাৰহে ভাৰ গুচে।'’ সপ্তদশ শতিকাৰ ভাষাৰ খোলা আৰু শাহ উভয়েই এনে অসমীয়া জাতীয় আৰু জতুৱা যে আজিৰ অসমীয়া লিখিত গদ্যতো এনে উদাহৰণ অতি বিৰল। প্ৰকাশ ভঙ্গীৰ ফালৰ পৰাও ইয়াৰ ভাষা জতুৱা, প্ৰাঞ্জল আৰু সুৱলা; বাক্য দুটি সৰল আৰু সবল; তৎসম শব্দৰ প্ৰাধান্য শূণ্য বুলিব পাৰি, অথচ বিষয় অনুসৰি ৰচনাৰ গাম্ভীৰ্য্যৰ খতি-খূণ হোৱা নাই। নৰনাৰায়ণে খোৰা ৰজা চুখামফালৈ দিয়া পত্ৰখন বঙলা সাহিত্যৰ বুৰঞ্জী লেখক দীনেশচন্দ্ৰ সেনে পোনতে বঙলা গদ্যৰ আৰ্হি ৰূপে ব্যৱহাৰ কৰিছিল, কিন্তু ইয়াত প্ৰথম পুৰুষত ব্যৱহাৰ কৰা “আছি” “কৰি” আদিৰ বাবেই যদি ইয়াক বঙলা বুলিব পাৰি, তেন্তে জয়ধ্বজে দিল্লীৰ বাদশ্বাহলৈ লিখা পত্ৰৰ “দেউল কৰকে আসামে নিয়থা,” “মোৰ আপোনাৰ বেটী আৱৰ ৰাজা তিপামকা বেটী”, “তোমৰা পাস” আদি ব্যাকৰণমূলক গঢ়ৰ বাবে হিন্দী বুলিব লাগিব। মূল কথা, সাহিত্যৰ সামগ্ৰী হব বুলি এইবোৰ পত্ৰ কেতিয়াও লিখা নাছিল; যিদৰে লিখিলে উভয় পক্ষৰ কথা পৰিপাটিকৈ আৰু নিৰ্ভুলকৈ বুজিব পাৰিব তেনে ভাষাতেই তেওঁলোকে লিখিবলৈ বাধ্য হৈছিল। তাম্ৰ- লিপিৰ গদ্যত : “যদি কোনো কালত আন পৰগণাৰ জমাৰ কমি বেচি হই, এই পৰগণাৰ জমিৰ কমি কৰিব নাপাই ভগা পৰগণা আনো ওপৰঞ্চি বাবে ধৰিব নাপাই।” এনে কথা-ৰীতি যেনে প্ৰাঞ্জল, তেনে শক্তিধৰ। মুঠতে সপ্তদশ অষ্টাদশ আদি শতিকাৰ অসমীয়া গদ্য ক্ৰমবিকাশৰ বাটত যেনে দৃঢ়ভাৱে আগ বাঢ়িছিল, কুৰি শতিকাৰ বৰ্ত্তমান গদ্য ঠিক তেনেভাৱে আগ বাঢ়িব পৰা