কিন্তু এই ৰিজনি বাহ্যিক মাত্ৰ; ইয়াতকৈ চাব লগা কথা হৈছে, বৈষ্ণৱ আৰু
বুৰঞ্জী গদ্যৰ আন্তৰিক দৃষ্টিকোণ। বৈষ্ণব পদ্যৰ দৃষ্টিভঙ্গী সদৌ ভাৰতীয় বৈষ্ণৱ
সাহিত্যৰ দৃষ্টিভঙ্গীৰ দৰেই অধ্যাত্ম আৰু অন্তৰ্মুখী; আৰু বুৰঞ্জী গদ্য সকলো
বৈষয়িক সাহিত্যৰ দৰেই বাহ্যদৃষ্টিমূলক। ইয়াৰ পিছৰ যুগৰ অসমৰ পদা-বুৰঞ্জীৰ দৰেই
এই যুগৰ বহুত কথা-ইতিহাসতে বৈষ্ণৱ গলদ্যৰ অধ্যাত্ম আদৰ্শই বুৰঞ্জীৰ
বৈষয়িক ৰাজ্য আক্ৰমণ কৰা ভালকৈয়ে মন কৰিব পাৰি; কিন্তু বৈষয়িক
আদৰ্শই ঘূৰি বৈষ্ণৰ ভাৱ-ৰাজ্যত প্ৰতি-আক্ৰমণ কৰা নাই আৰু কৰিব
নোৱাৰেও। বাহ্যিক গঢ়তো বুৰঞ্জীৰ সাধাৰণ গদ্যৰ ৰীতিৰ ওপৰত বৈষ্ণৱ গদ্যৰ
প্ৰভাৱ হাড়ে-হিমজুৱে আছে বুলিব পাৰি; গধুৰ ৰচনা-ৰীতিৰ বুৰঞ্জীবোৰতে
ইয়াক জল জল-পটপটকে দেখিবলৈ পোৱা হয়। ইফালে আকৌ, জোনাক
জেউতি লাহে লাহে পমি ক্ৰমে উষাৰ কিৰণ আৰু বেলিৰ পোহৰত মিলি যোৱাৰ
দৰে এই বুৰঞ্জী আৰু হস্তীবিদ্যাৰ্ণৱ আৰু ঘোৰা নিদান আদি বিজ্ঞানৰ গণ্য
আধুনিক গদ্যত ক্ৰমে মিলিলহি। কিন্তু এই কথা অকল “অৰুণোদই" যুগলৈকেহে
বিশেষভাৱে খাটে; আৰু আচহুৱা প্ৰভাৱৰ সত্ত্বেও সেই কালৰ অসমীয়া গদ্য
বিশেষভাৱে কেতিয়াও ভজুৱা হোৱা নাছিল। কিন্তু পৰৱৰ্ত্তী যুগত ইংৰাজী
আৰু বঙলা ভাষাৰ প্ৰভাৱে যেনেকৈয়ে হওক অসমীয়া কথা-ৰীতিৰ খাজ লৰালে
যে তাত সন্দেহ নাই। অন্ততঃ অষ্টাদশ শতিকাৰ পৰা বুৰঞ্জী গদ্যৰ ৰীতি আদৰ্শ
অসমীয়া কথা-ৰীতি অসমীয়া জন-গণৰ কথা কোৱাৰ যি গঢ়, তাত সম্পূৰ্ণ
প্ৰতিফলিত হৈছে। “অৰুণোদই” কাকতৰ সৰ্বসাধাৰণ ভায়াত অসমীয়া কথা-
কোৱাৰ এই সাঁচ ভালকৈয়ে মানি চলা হৈছিল; কিন্তু ঢেকিয়াল ফুকন,
হেমচন্দ্ৰ বৰুৱা আদিত ইংৰাজী আৰু বঙলাৰ ভাঁজ সৰহ-তাকৰকৈ যেনে-
তেনে সোমাল আৰু বৰ্ত্তমান সেয়ে সীমা অতিক্ৰম কৰি যাবলৈ ধৰিছে। ইয়াৰ
প্ৰতিষেধকৰূপে এই বুৰঞ্জী গদ্যৰ আদৰ্শই বিশেষ কাম কৰিব বুলি আশা
কৰিব পাৰি।
ৰজকীয় পত্ৰ, পেড়াকাকত, মানুহবেচা কাকতৰ গদ্য
আমাৰ অসমীয়া সাহিতৰ অধ্যয়ন"ত (১৮৭-৯৪ পিঠি) এই বিষয়ৰ শিতানৰ বিভিন্ন মৌলিক উদ্ধৃতি দি আলোচনা কৰা হৈছে। বুৰঞ্জী সাহিত্যৰ উপৰিও এনে বিভিন্ন ক্ষেত্ৰৰ অসমীয়া গদ্যৰ যিমানবোৰ পৰীক্ষা দেখিবলৈ পোৱা হয়, ভাৰতীয় কোনো সাহিত্যত ইয়াৰ তুলনা দেখিবলৈ পোৱা নহয়। ইয়াৰ