পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ নতুন পোৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী সূৰ্যখড়ি বলদেৱ দৈৱৰ ১৭৯৮ৰ দক্ষ-ৰাজবংশাৱলী আৰু ৰতিকান্ত দ্বিজৰ ১৮০২ ৰ ৰাজবংশাৱলী এই যুগৰ ব্যক্তিগত চৰিত আৰু জাতিগত বুৰঞ্জী সাহিত্যৰ মাজৰ এক সোণালী গাকেল আৰু অসমীয়া সাহিত্যলৈ এক বিশিষ্ট বৰঙনি। অন্ততঃ কোঢ় বেংশৰ উৎপত্তি প্ৰসঙ্গত পুৰাণ আৰু ইতিহাসৰ জোৰা লগাবৰ যি চেষ্টা সূখড়িয়ে দেখুৱাইছে সি আমোদজনক। “ৰেণুকা বোলয় বাপু শুনিয়ে বচন। মহাদুষ্ট সহস্ৰাৰ্জুনৰ পুত্ৰগণ॥ তঘু পিতৃ বসি আছে চিন্তিয়া হবিক। সেছি বেলা কাটলেক তোমাৰ পিত্বক। শিব গেট লৈ গৈলা আপুন ভবনে॥ হেনা শুনি ক্ৰোধিলন্ত ৰামনাৰায়ণে॥ প্ৰলয়ৰ মেছো যেন সদনে গৰ্জেন্তু। সেহি মতে ৰামে ক্ৰোধে গৰ্জিয়া বোল॥ শুনা মাতৃ ত আগে কৰোঁ অঙ্গীকাৰ। সত্যে সত্যে মতে মফ্ৰি বোলো বাৰম্বাৰ॥ যত ক্ষত্ৰীগণ আছে পৃথিবী ভৰি। নিক্ষত্ৰীয় কবিৰো সকলে বসুন্ধৰী॥ তাৰে বাৰ জন ৰাজপুত্ৰ পাই গৈলা। চিকণাবাৰীত গৈয়া সোমাই ৰহিলা॥ সহস্ৰানৰ পুত্ৰ যিটো ৰাৰ জন। ৰাম ভয়ে মন ভাত কৰিলা ভোন॥ ভয়তে থাকিয়া মেদনীত দিলা জাত। ভান বীৰ্যে পুত্ৰ জন্ম ভৈলা অসংখ্যাত। কতো দিন অনশুৰে অৰাজক হৈলা। হৈহৈব সতি ৰাৰ ঘৰ মেচ ভৈলা॥ পানাৰণ ফেদেলা আৱৰ গুৱাবৰ। ফেফেদা বহ্নিা মেঢ় শ্ৰেষ্ঠতৰ॥ কাঠি বৈহাঃ মেধা যুদ্ধাবস নাম। পড়াটা জগাই ডোখৰা অনুপাম॥ এহি নাৰ না মেট পৰিম প্ৰবল। সৱৰ উপৰি শ্ৰেষ্ঠ হাবিয়া মণ্ডল॥ তান ভাৰ্যা নামে হীৰা পৰমা সুন্দৰী। সাক্ষাতে দেখিয়ে যেন মত বিদ্যাধৰী॥ এক দিন মহেশ্বৰ দেৱ ত্ৰিনয়ণে। অৰা ভৈঃ দেশি পিলন্ত মনে॥ কৈলাসৰ হন্তে ব পৃথিবী আসি। হাৰিয়া মণ্ডল ৰূপে থাকিলা প্ৰকাশি॥ হাৰিয়াক লাগিয়া হীৰাই নে, ভাত। দেখিলন্ত বমি আছে আৱক জোৰাত॥ কি কাৰ্যে বমিছা বুলি পুছিলা হীৰাই। হৰি মণ্ডলে বোলে ভোকে প্ৰাণ যায়॥ হেন শুনি হীৰা আথে বেথে পানী আনি। থানক পবিত্ৰ কৰি দিলা মনে জানি॥ টোপোল মেলিয়া দিলা ফড়স অল্প। পৰম আনন্দে শিৰে কালা ভোজন॥ মনোঙ্গে সদাশিৰে হসি কৌতূহলে। ইবাক হৰিলা সেই শিলিখাৰ তলে। হীৰাৰ জন্মৰ কথা শুনিও সম্প্ৰতি। পূৰ্ব্ব জন্মে হীৰা আছিল ভগৱৰ্তী॥ তান বীৰ্যে পুত্ৰ এক ভৈলা অনুপম। দয়াত থাকিন্তা ভাত থৈলা শিশু নাম॥" এই বিশুৱেই অৱশ্যে বিশ্বসিংহ।