সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


বুলি সঠিক জনা হল। ইয়াৰ পাঁচ বছৰ মানৰ আগত এওঁ হয়গ্ৰীৱ-মাধৱ পুথি ৰচে বুলি অনুমান কৰা হয়।

 ভৱানন্দ নামে এজনে হৰিবংশৰ পদ কৰে; ভণিতাত লিখিছে, “নানা কথা নানা ধৰ্ম এহি সৱে অংশ। পুণ্যাৰ্থীৰ পুণ্য হোৱে শুনি হৰিবংশ॥ মনোহৰ শ্লোক ভাঙি ৰচি পদ বন্ধে। শিৱানন্দ সুতে কহে দীন ভৱানন্দে।" গোবিন্দ চৰিত নামৰ পুথিৰ ভণিতাৰ এঠাইত "শুনিয়োক সৱে নৰ, নাম ভৱানন্দ মোৰ’’ আৰু আন ঠাইত “কতো পীৰ বহিগই, চন্দ্ৰনাৰা’ণ নৃপ হই, পশিলন্ত থানক সম্প্ৰতি" বুলিছে। চন্দ্ৰনাৰায়ণৰ কাল ১৬৪৩-৬৫ খৃঃ; গতিকে এই পুথি সপ্তদশ শতিকাৰ মাজ-ভাগৰ বুলি সহজে ধৰিব পাৰি। কামৰূপৰ লেচাকুছি গাঁৱৰ গোবিন্দ ঠাকুৰৰ চৰিতত, শঙ্কৰদেৱৰ আদেশত মাধৱদেৱৰ কাষত এওঁ কেনেকৈ শৰণ লৈ দেৱ-দেৱীৰ মূৰ্ত্তিবোৰ দলিয়াই পেলাইছিল সকলো বিতংকৈ ইয়াত বৰ্ণোৱা আছে। তদুপৰি দামোদৰদেৱে শঙ্কৰদেৱৰ পৰা শৰণ লোৱা কথাও ইয়াত এই বুলি লিখিছে-~-“শঙ্কৰৰ পাশে (তেৱে) গৈলেক ব্ৰাহ্মণ। মহা বিবেকিত বিপ্ৰ নাম দামোদৰ॥ মলিন বসন আতি সুকোমল কায়া। দেখি তাঙ্ক শঙ্কৰৰ জন্মিলেক মায়া। ভাগৱতৰ-তত্ত্ব দিলা ধৰ্ম্ম পালিবাক। দিলন্ত শিক্ষাৰ মন্ত্ৰ দামোদৰদেৱক।”

 নীলকণ্ঠৰ ৰচিত দামোদৰ-চৰিতৰ এখন হাতে-লিখা পুথি কামৰূপ অনুসন্ধান সমিতিত আছে, অসম সাহিত্য সভাৰ পৰাও ১৯২৭ ত প্ৰকাশিত হোৱা এই পুথিয়ে যি চাঞ্চল্যৰ সৃষ্টি কৰিছিল, সি এতিয়াও একেবাৰে মাৰ যোৱা নাই। এই চাঞ্চল্যৰ মূল কাৰণ নিজ স্বীকাৰোক্তি মতেই সম্পাদকে মূল পুথিখন নাচাই বা নিবিচাৰি দুজন লোকৰ হাতে-লিখা সংগ্ৰহৰ পৰা কিতাপখন অবৈজ্ঞানিকভাৱে ছপাই উলিয়ালে। কোনোবা দুখন পুথিৰ পৰা সেই সংগ্ৰহাট যুগুত কৰা বোলা হৈছে; আৰু বৰপেটাত পোৱা এখন পুথিৰ পাঠান্তৰ তাত দিছে। কিন্তু স্বৰূপতে শঙ্কৰদেৱ, মাধৱদেৱ, দামোদৰ আদিৰ ঘাই ক্ৰীড়াভূমি বৰপেটাৰ পুথি মূল কৰি লোৱা স্বাভাবিক হলহেতেন, আৰু তেতিয়া হলে বহুত বেমেজালি পাতলিলহেতেন বুলি বুজিব পাৰি। পুথিৰ আৰম্ভণ : ‘শঙ্কৰ-মাধৱ দামোদৰ এক কায়। তিনিও মূৰ্ত্তিৰ একো ভিন-পৰ নাই॥ একৈক স্মৰণে হৌক তিনিৰো স্মৰণ। তিনি মূৰ্ত্তি দামোদৰ চৰণে শৰণ॥" ৰামচৰণ আৰু দৈত্যাৰি ঠাকুৰ আদিৰ দৰেই, দামোদৰদেৱে নিজ পিতাক সতানন্দৰ লগত পোনৰ বাৰ