পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য ২৫৫ শক (১৭১৫ খৃঃ) লিখা আছে; ইয়াক লিপিৰ কাল বুলি ধৰিলেও মূল ৰচনা ইয়াৰ ৫০০ বছৰৰ আগৰ হব পাৰে। (অধ্যয়ন, ১৮০ পিঃ ) গতিকে ই মাধৱ- দেৱৰ সমালোচনামূলক কথা-পুথি বুলিহে বুজিব পাৰি; এই বৈষ্ণৰ লেখক- সক্লব এই তুলনামূলক আলোচনা বীতি অতি মনোম। ৰামচন্দ্ৰ বৰপাত্ৰই মহাপুৰুষৰ কীৰ্ত্তন-ঘোষাৰ অনুকৰণত হয়ঞ্জীৱ মাধৱ পদ পুথি ৰচে; উৰ্ব কষিয়ে হয়াসুৰ বধৰ বাবে বিষ্ণুক আৰাধনা কৰা, বিষ্ণুৱে হয়গ্ৰীৱ ৰূপেৰে হসুৰক বধাৰ পাছত উড়িষ্যাৰ ৰাজা ইন্দ্ৰদ্যুম্নই সাগৰত উটি অহা দাৰু কাঠৰ পৰা কেনেকৈ শ্ৰীক্ষেত্ৰত জগন্নাথ মূৰ্ত্তি থাপিলে, আৰু শেয়ত সেই দাৰুৰে এটি অংশ আনি উৰ্বই হাজোৰ মনিকুট পৰ্বতৰ ওপৰত হয়ঞ্জীৱ মাধৱৰ মুত্তি থপিলে, ইয়াত সকলো বৰ্ণাইছে। ভণিতাত লিখিছে- “কেন্দুগুৰি নামে গ্ৰাম। শস্যে মথমে অনুপাম॥ বহে নদী অবিশ্ৰাম। দিলীহ যাহাৰ নাম॥ তাৰ তীৰে কৰি ঘৰ। আছিলন্ত পাত্ৰবৰ॥ বৰ-পাত্ৰ নাম লৈ। অনেক পুৰ্ণয় গৈলা॥ অধিকাৰী পদ পাই। গৈল লোক প্ৰবৰ্তাই॥ সেহি বংশে ভৈল জাত। ৰাম নামে খ্যাত॥ বৰপাত্ৰ নমি ধৰি। আছে। ৰাজসেৱা ৰ॥" এওঁ যোগিনী-তন্ত্ৰ বুলি আৰু এখন পদ-পুথি লিখে; তাৰ ভণিতাত লিখিছে- “সৌমাৰ পীঠৰ গড়গ্ৰাম নাম যাব। সেহি স্থানে থাকি মই ৰঢ়িলোঁ পয়াৰ॥ নামত যোগিনী তন্ত্ৰ মহেশৰ বাণী। পৰম সাদৰে যাক শুনিল গোসানী॥ এক কথা কওঁ মই শুনিয়ে সম্প্ৰতি। যি কালত পুস্তুক ভৈলন্ত সমাপতি॥ প্ৰপঞ্চঃ কৰিয় আৰ ৰচিবো পয়াৰ। তিথি মাস বাৰ অব্দ কৰিৰো প্ৰচাৰ॥ নক্ষত্ৰাদি যোগফল সকলো বৰ্ণিবো। ইসৱক দিয়া পদ ৰচনা ৰবে॥ বসুগণ প্ৰথমে মিলিয়া যেৰে আছে। তাৰ বাম পাশে মহা আকাশ প্ৰকাশে॥ তা পাছে ঋতুসৱ যায় কালমে। তাত অনন্তৰ চন্দ্ৰ চলে শশা সমে॥ উওৰ ফান্ধুনী কন্যা সমে দিবাকৰ। তাৰ লগে হভা সমে আছে শশধৰ॥” ৰামচন্দ্ৰ যে পাণ্ডিত্য আৰু কবিত্ব উভয়ত গুণী আছিল এই ভণিতায়ো তাৰ প্ৰমাণ দিয়ে। যি হওক, ১৬০৮ শকৰ (১৬৮৬ খৃঃ ) আহিত এওঁ এই পুথি সমাপ্ত কৰে