308 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী বৰকটকীয়ে এওঁক পাতনিত নৰনাৰায়ণৰ সভাকবি বুলিছে, ই নিশ্চয় তেওঁৰ ভ্ৰম, কিয়নো সেই চৰিততে আছে, শ্ৰীমন্ত পুৰুষোত্তম শ্ৰীশ্ৰীচতুৰ্ভূজ। শৰীৰত ভিন্ন দুইৰ আত্মা একানুজ ৯০০।", “ঠাকুৰৰ বাক্য শুনি সৱে ভয় ভৈলা। ধৰ্মক প্ৰখ্যাত কৰি আমাত কহিলা।৯০২।" শঙ্কৰদেৱৰ দুই নাতি পুৰুযোম আৰু চতুৰ্ভুজৰ মুখৰ পৰা শুনি এই চৰিত লিখা ভূষণ দ্বিজ নিশ্চয় নৰনাৰায়ণৰ (১৫৪০-৮৪) ৰাজকবি হব নোৱাৰে। সি যি হওক, অজামিল উপাখ্যান নামৰ অঙ্কৰৰ এওঁ ৰচয়িতা; তাৰ গদ্য বিতোপন (অধ্যয়ন, ১৮০ পিঃ)। অজ্ঞাত কেইবাজনো লেখকৰ এই যুগৰ কেইবাখনো কথা পুথি পোৱা হৈছে। “কথা-পদ্ম পুৰাণৰ নিচিনাকৈ “ কথা-সাত্বত তন্ত্ৰ ও সম্ভৱ সপ্তদশ শতিকাৰ মাজ- ভাগত লিখা হৈছিল; ই সংস্কৃতৰ এই নামৰ বা নাৰদীয় পঞ্চৰাত্ৰ তন্ত্ৰৰ কথা-ভাঙনি। (অধ্যয়ন, ১৮০ পিঃ) ইয়াৰ পূৰ্ববৰ্তী পদ-ভাগুনিত ভাগৱত- মিশ্ৰই, এই বিষয়ত বিতং বিৱৰণ দিছে :- 'নাস বনতি দেৰ প্ৰভু মহেশ্বৰ। শুনিক ইচ্ছ। মোৰ কথা গোবিন্দৰ॥ যি কাৰণে কুঝে বিবা স্বল্প ধৰন্ত। যি কালত জাত হোন্ত প্ৰভু ভগৱন্ত॥ যি মতে কৰম্ভ লীলা বান্ধব মুখাবি। কহিকে তাক পুছে প্ৰভু ত্ৰিপুৰাৰ্থী॥” এই অনুক্ৰমে আকৌ নাৰদৰ প্ৰশ্ন “একখানি সংশয় মিলিছে মনোৰম॥ বেদৰ বিহিত হিংসা যজ্ঞ কৰিলে। কিছে বধ নাহি হেন বেদবাদী বলে॥ হিংসাৰ নিষেধ ভূমি কৰিলা ইহাত। শুতি স্মৃতি কেনে ৰহে কহিয়ো আমাত। শিৱ নিগদতি মুনি শুনিয়ে নিশ্চয়। প্ৰবৃত্তি নিবৃত্তি কৰ্ম্ম দুই বিধ হয়॥ প্ৰবৃত্তি কৰ্মৰ স্বৰ্গলোকে চলি চায়। পুণ্য শেষে পৃথিবীত ওপজে দুনাই॥ হিংসা পুনু কাপি বেদৰ মত নুই। যদি শুনা গন্ধক অনুজ্ঞাসে তুই॥ অহিংসা পৰম ধৰ্ম্ম বেদৰ বচন। বেদৰ নিবৃত্তি মৰ্ম জানিবা শোভন॥ তন্ত্ৰ বুলি আক নকৰিবা অৱহেলা। ভত সুখন জানা আছে আত মেলা॥” এই কথা-পুথিখনি নৱটি অধ্যায়ত সমাপ্ত; কিন্তু কামৰূপ অনুসন্ধান সমিতি সংৰক্ষিত পুথিখনিৰ প্ৰথমটি আংশিকভাৱে নষ্ট হৈছে অৱতাৰৱাদ, অংশকলা, তিনি ভক্তি, যুগধৰ্ম, হাজাৰ-মহিমা, বত্ৰিশ পাপ, সেৱাধৰ্ম , তন্ত্ৰ-জন্ম আদিয়েই বাকী আঠ অধ্যায়ৰ বিষয়। আৰু এক অত লেখকৰ এখন কথা -নামঘোষা" কামৰূপ অনুসন্ধান সমিতিত সংৰক্ষিত হৈছে; লেখকৰ নাম আদি নাথাকিলেও পুথিৰ শেষত ১৬৩৭
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫৬
অৱয়ব