পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


তেওঁৰ নামে (১৭৬৯ খৃঃ) মোহৰ মৰায়। এইদৰে শেষত ইংৰাজৰ শৰণাপন্ন হৈহে গৌৰীসিংহ (১৭৮০-৯৪) ৰজাই কোনোমতে এই বিদ্ৰোহ দমোৱায়, আৰু তাৰ লগে লগেই ১৭৯৪ ৰ ১৯ দিশেম্বৰত গোৰীসিংহ ঢুকায়।

 (গ) সাহিত্যিক বিশিষ্টতা। ইংলণ্ডৰ ৰেষ্টৰেস্যন (১৬৬০-১৭০০) আৰু অষ্টাদশ শতিকাৰ সাহিত্যৰ লগত এই যুগ কাণ-সমনীয়া। সেই বেষ্টৰেস্যন্ সাহিত্যৰ দৰেই অসমীয়া সাহিত্যত ই ৰেণেছেঞ্ছৰ শৌৰ্য্য-বীৰ্য্য আৰু উৎফুল্লতাৰ পৰা গতানুগতিক আৰু আটোমটোকাৰি সাহিত্যলৈ ক্ৰমপৰিবৰ্ত্তনৰ মুগ। ইংৰাজী ৰেষ্টৰেস্যন সাহিত্য যেনেকৈ এলিজাবেথীয় সাহিত্যৰ (১৫৫০-১৬২০) প্ৰাণ- স্পন্দন, জাতীয় প্ৰেম, নৱন্যাস-প্ৰীতি আৰু সুজনীমূলক প্ৰতিভা, আৰু সৰহ নালাগে পিউৰিটান যুগৰ (১৬২০-৬০) নৈতিক আগ্ৰহৰ পৰাও সম্পূৰ্ণ বৰ্জিত বুলিব পাৰি, উত্তৰ-বৈষ্ণৱ অসমীয়া সাহিত্যও সেইদৰে ঘাই বৈষ্ণৱ যুগৰ সকলো বিশেষ গুণৰ পৰা হীন হৈ পৰিল। শঙ্কৰদেৱ, মাধৱদেৱ, ৰামসৰস্বতী, অনন্ত কন্দলী আৰু ভট্টদেৱ আদি প্ৰথম শ্ৰেণীৰ লেখকসকল যোৱাৰ লগে লগেই সাহিত্যৰ বাসন্তী পুৰ্ণিমাৰ জোৱাৰ আঁতৰ হল, আৰু এতিয়া অকল দ্বিতীয় শ্ৰেণীৰ লেখকসকল এই ভাতাৰ ৰখীয়া হৈ থাকিল। বিপুল শস্যৰ ভৰ পক দাই- চপাই নিয়াৰ পাছত ক্ষেত্ৰৰ যি সাৰ-শূন্যতা বা বিৰাট উৎসৱৰ পাছত যি মানসিক অৱসাদ, উত্তৰ-বৈষ্ণৱ যুগত সেই শূন্যতা আৰু অৱসাদ সহজে উপলব্ধি কৰিব পৰি; গীত, কাব্য, অঙ্ক আদিত এই মহাপুৰুষসকলে যি গগন-স্পৰ্শী পতাকা উৰুৱাই থৈ গল, তাৰ পাছত সেই ফালে আগবাঢ়োঁতা কেও নোলোৱাটো স্বাভাবিক; কেৱল হৰিবংশ, ভাগৱত আদিৰ দুই এখনি সৰু-সুৰা ভাঙনিৰ বাহিৰে চৰিত-পুথি আৰু বংশাৱলী কেখনমানেই এই যুগৰ পদ্য-সাহিত্যৰ ঘাই সম্বল। গদ্যসাহিত্যত এই যুগৰ অৱদান অৱশ্যে লেখত লব লগা; কিয়নো শঙ্কৰদেৱ-মাধৱদেৱসকলৰ অঙ্কৰ আৰু ভট্টদেৱৰ গীতা-ভাগৱতৰ গদ্যৰ বাহিৰে বৈষ্ণৰ যুগত কথা-সাহিত্যৰ বিশেষ উৎকৰ্ষ ঘাই বৈষ্ণৱ যুগত দেখা পোৱা নহয়। তদুপৰি অঙ্কীয় গদ্যত মৈথিলী আৰু গীতা-ভাগৱতৰ গদ্যত “কন্ত” “খাৱন্ত” আদি বিদেশী গঢ় মিহলি থকাৰ উপৰিও, তত জতুৱা অসমীয়াৰ চানেকি বিৰল; কিন্তু এই যুগৰ কথা-ৰামায়ণ আৰু কথা-ঘোষা ভট্টদেৱৰ কথা-ভাগৱত আৰু কথা- গীতাৰ বংশধৰ হলেও ঘাইকৈ বুৰঞ্জী বিজ্ঞান আদিৰ বিভিন্ন গদ্যত অসমীয়া সেই জতুৱা গঢ় দেখিবলৈ পোৱা হয়। বৈষ্ণৱ গদ্যৰ জন্মস্থান সত্ৰ-সভাত, বুৰঞ্জীৰ