পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৩
উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য


তুলনা দিবলৈ নাই; আৰু গেইটেই ইয়াৰ ভাল নিৰ্ণয় কৰিছে। ভাটি বয়সত হিন্দু ধৰ্মত তেওঁৰ শৰণ লবলৈ মন গল; কিন্তু নিম্ন প্ৰজা মহন্ত এজনৰ ওচৰত মূৰ দোৱাবলৈ টান পাই তেওঁ বঙ্গদেশৰ শাক্ত মহন্ত এক কৃষ্ণৰাম ভট্টাচাৰ্য্যক মতাই অনিলে, আৰু তেওঁ আহি পোৱাত ৰজাই তেওঁতো শৰণ নলৈ তেওঁক বঙ্গদেশলৈ ঘূৰাই পঠালে। তাৰ পাছত অসমত এটা ভূমিকম্প হৈ অসমৰ মঠ- মন্দিৰ বহুত ভাঙিলে; এই প্ৰাকৃতিক দুৰ্য্যোগ সেই বঙ্গদেশীয় শাক্ত মহন্তৰ খঙত হৈছে বুলি কোনোবাই বুজাই দিয়াত ৰজাই আৰু কিবা বিপদ হব পাৰে বুলি ভয় কৰি দ্বিতীয় বাৰ তেওঁক মতাই পঠালে। এইবাৰো তেওঁ বঙালী শাক্ত মহন্তত শৰণ লবলৈ মন নকৰি তেওঁৰ পুতেক শিৱসিংহ আৰু বামুণ বিষয়া- বিলাকক শৰণ লবলৈ আদেশ দিয়াত সেই সকলোবোৰ তেওঁৰ শৰণীয়া হল। শিৱসিংহ (১৭১৪-৪৪) ৰজা হৈয়েই তেওঁৰ বঙালী শাক্ত গুৰু কৃষ্ণৰামক গুৱাহাটীৰ নীলাচলৰ কামাখ্যা মন্দিৰ চলাবলৈ দিয়ে ক্ষান্ত নহল, অসমৰ বিভিন্ন ঠাইত খাত-পাম দি তেওঁক পাতিলে আৰু আদিতে নীলাচলত থকা বাবে পৰ্বতীয়া গোসাই নামেৰে সেইবোৰ তেওঁৰ পুত্ৰ-পৌত্ৰাদিয়ে আজিলৈকে ভোগ কৰিছে। আকৌ গেইটৰ কথাৰে, শিৱসিংহ তেনেই বামুণ পুৰোহিত আৰু জ্যোতিষীবিলাকৰ তলতীয়া আছিল, ১৭২২ত ৰজাৰ ছত্ৰভঙ্গ যোগ পৰিছে বুলি তেওঁলোকে উলিয়াই দিয়া কথাৰ ওপৰতে তেওঁ ৰাণী ফুলেশ্বৰীক “বৰ ৰজা’ পাতিলে, আৰু “বৰ ৰজা হৈয়ে ফুলেশ্বৰী " উঠি ৰজা" “বহি ৰজা" সকলো হল। এওঁ শিৱসিংহতকৈও বামুণৰহে তলতীয়া আছিল, আৰু তেওঁলোকৰ প্ৰৰোচনাত এনে এটা অবিবেচনাৰ কাৰ্য্য কৰিলে যে তাৰ পৰিণাম গোটেই জাতিটোৰ বাবে চিৰকাললৈ অতি বিষময় হৈ পৰিল। নটৰ জীয়ৰী ফুলমতী “উঠি ৰজা" “বহিৰজা’’ আৰু বঙালী শাক্ত মহন্তৰ নতুন শিষ্যা; তেওঁক পায় কোনে? তেওঁ মায়ামৰা মহন্তক ধৰাই আনি কপালত বলিকটা ছাগলিৰ তেজৰ ফোঁট-ৰেঘা অঁকাই দিয়ালে। তুঁহ জুইৰ দৰে উমাই উমাই প্ৰায় আঢ়ৈ কুৰি বছৰৰ পাছতো এই অপমানৰ প্ৰতিশোধ দপদপকৈ জ্বলি উঠিল। বৈষ্ণৱ ধৰ্ম- প্ৰচাৰ যেনেকৈ জন-গণৰ হকে কৰা একমাত্ৰ জন-গণৰ মানসিক আন্দোলন, অসম-বুৰঞ্জীত জন-গণৰ হকে আৰু জন-গণৰ দ্বাৰা হোৱা একোটি সামাজিক- ৰাজনৈতিক আন্দোলন মায়ামৰা বিদ্ৰোহ। তাৰ ফলত লক্ষ্মীসিংহ (১৭৬৯-৮০) সিংহাসনচ্যুত হয় আৰু তেওঁৰ ঠাইত বিদ্ৰোহী দলৰ পৰা ৰমাকান্ত ৰজা হৈ