পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪২
নতুন পোহৰত অসমীয়া সাহিত্য


ৰজা ৰামসিংহৰ সেনা-নায়কত্বত এক বিপুল সৈন্যবাহিনী পঠায়; ১৬৬৯ৰ এপ্ৰিলতে অৱশ্যে সেই সৈন্যবাহিনীকো পৰা কৰি ওলটাই পঠোৱা হয়। তাৰ পাছত আহোম ৰাজপাটত আন আন ৰজা বহে; মোগলৰ সপ্তদশ বা শেষ আক্ৰমণ ১৬৮২ খৃঃত গদাধৰ সিংহৰ ৰাজত্বত (১৬৮১-৯৬) একেবাৰে নিৰ্মূল কৰা হয়। সপ্তদশ শতিকাৰ সামৰণি আৰু অষ্টাদশৰ দোকমোকালিত নৰক বংশীয় ৰজাসকলে ৰাজত্ব কৰা বিশাল কামৰূপ ৰাজ্যৰ সৰহ ছোৱাত শ্ৰেষ্ঠতম আহোম ৰজা ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪) ৰজা হয়। এওঁ কছাৰী আৰু জয়ন্তীয়া ৰজা- সকলক আকৌ নিজ অধীনলৈ আনি, ৰূপ আৰু সোণৰ খুটাৰে তম্বু তৰি , এখন ডাঙৰ দৰ্বাৰ পাতে। কোচ সেনাপতি চিলাৰায়ৰ দৰে ৰুদ্ৰসিংহয়ো মোগলৰ হাতৰ পৰা বঙ্গদেশ পুনৰধিকাৰ কৰিবলৈ দিহা কৰোঁতেই ১৭ ১৪ আগষ্টত গুৱাহাটীত হঠাৎ তেওঁৰ মৃত্যু হয়। এওঁৰ পাছত শিৱসিংহ আদি কেইবা গৰাকিও দুৰ্বল ৰজা আহোমৰ ৰাজপাটত উঠি পৰাক্ৰমী আহোম ৰাজ্য পতনৰ ঠিয় গড়াত পেলাই দিয়ে; আৰু মায়ামৰা আন্দোলন আদি অন্তৰ্বিপ্লৱ আৰু মানৰ মাৰণ আদি বাহিৰৰ আক্ৰমণ মতি আনি দেশ চাৰখাৰ কৰায়। ১৮২৬ ২৪ ফেব্ৰুৱাৰীত ইংৰাজ আৰু মানৰ ভিতৰত হোৱা য়াণ্ডাবু সন্ধিতেই অসমৰ স্বাধীনতাত শেযৰ চল পানী দি অসমে যাউতি-যুগীয়া খিলঞ্জীয়া স্বাধীনতা হেৰুৱায়৷

 (খ) মায়ামৰা আন্দোলন। অসমত নৱ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম্মৰ অগ্ৰগতি যে ধৰ্ম সম্পৰ্কীয় গৰাকিসকলে ভাল চকুৰে চাব নোৱাৰিছিল তাক আগতে উনুকিয়াই অহা হৈছে; আৰু এই পুৰোহিত শ্ৰেণীয়ে যে নিজ ক্ষুদ্ৰ স্বাৰ্থৰ প্ৰতিকূলে যোৱা এই ধৰ্মৰ বিৰুদ্ধে বৈষয়িক অধিকাৰীসকলক মিছা কথা লগাই তাক পুলিতে উঘালিবলৈ যত্ন কৰিছিল তাকে আগতে উল্লেখ কৰি অহা হৈছে। কিন্তু সিমানৰ সত্ত্বেও এই পুলি যে উঘাল খাবলৈ গজা নাছিল সিও প্ৰমাণিত হল; তথাপি শঙ্কৰদেৱ-মাধৱদেৱ আদি সকলে এই ৰাজ্যৰ পৰা খেদা খাই কোচ ৰজা নৰনাৰায়ণৰ আশ্ৰয় লবগৈ লগা হৈছিল ইও ঠিক। কিন্তু গদাধৰ সিংহৰ ৰাজত্বত বৈষ্ণৱসকলৰ ওপৰত যে এই নিৰ্য্যাতনে সীমা পাৰ হৈ গৈছিল তাক গেইটে স্পষ্টভাৱে দেখুৱাইছে; তেওঁৰ পৰবৰ্তী ৰুদ্ৰসিংহক যদিও এফালৰ পৰা শ্ৰেষ্ঠতম আহোম ৰজা বোলা হৈছে , আন ফালৰ পৰা তেওঁ আওপাকে হলেও বৈষ্ণৱ ধৰ্মৰ তথা অসমীয়া জাতীয়ত্বৰ যি অনিষ্ট সাধন কৰি গল তাৰ