পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৬
নতুন পোহৰত অসমীয়া সাহিত্য


সেইসকল বন্ধুসৱ যুদ্ধক ইচ্ছাই সম্মুখে থাকিবাৰ দেখি পৰম কৃপায়ে ব্যাপ্ত হুয়া মহাদুঃখ পায়া কুন্তিপুত্ৰ অৰ্জ্জুনে শ্ৰীকৃষ্ণক এই বাক বুলিলা, হে কৃষ্ণ, এই জ্ঞাতিসৱ যুঝিৱে ইচ্ছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰ-চৰণাদি ভাগি যাই, মুখে শুখাই শৰীৰো কাম্পে , ৰোমো সিহঁৰে, গাণ্ডীৱ ধনু হাতৰ খসি পড়ে , চৰ্ম্মো তাপ কৰে। আছোক যুঝিম, আগত থাকিতে নপাৰোঁ, মনে মহাভ্ৰম হয়, বিমঙ্গলসৱো দেখোঁ, উপৰত শগুণ ফুৰে, শৃগালে আৰাৱ কৰে। যুদ্ধত স্বজনক বধি কিছো ফল নেদেখো, বিজয়কো, আকাঙ্খা নকৰোঁ, ৰাদ্যকো ইচ্ছা নকৰোঁ , সুখকো নবাঞ্ছো। হে গোবিন্দ, আমাৰ ৰাজ্যভোগত জীৱনত কি প্ৰয়োজন। যি বন্ধুসৱৰ অৰ্থে আমাৰা ৰাজ্যভোগ সুখক ইচ্ছা কৰি , সি বন্ধুসৱ প্ৰাণ-ধন ত্যাগক অঙ্গীকাৰ কৰি যুদ্ধত উপিস্থত হুয়া আছে, তাক শুনা - মঞি অন্ত্ৰ নধৰি মৌনে ৰহো, তেৱে যদি দুৰ্যোধনাদি অস্ত্ৰ ধৰি মোকে বধে, তেৱে মোৰ মহাপ্ৰিয় হয়, যাতো পাপ নিসিজিব। সঞ্জয়ে কহন্ত, জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি। ধনু-শৰ এড়ি শোকে কম্পিত হৈয়া ৰথৰ উপৰতে বসিলা।"

 কথা-গীতাৰ পাতনিত হেমচন্দ্ৰ গোস্বামীয়ে বৈকুণ্ঠনাথৰ কাল ১৫৫৮-১৬৩৮ খৃঃ আৰু দামোদৰদেৱৰ কাল ১৪৮৮–১৫৯৮ খৃঃ বুলি থিৰ কৰিছে বুৰঞ্জীৰ লগত যে এই কাল অন্ততঃ দহ বছৰৰ অমিল হয়, তাক আগতে উনুকিয়াই। অহা হৈছে। গোস্বামীয়ে ১৫৯৭ খৃষ্টাব্দত কথা-ভাগৱত ৰচা শেষ হোৱা বুলিব খোজে ইফালে নীলকণ্ঠৰ মতে দামোদৰে কথা-গীতাখনি চাবলৈ পাইছিল; তেতিয়া হলে কথা-ভাগৱত ৰচনালৈ চাৰি বছৰ কাল দিলে কথা-গিতা ৰচনালৈ এবছৰ কালো নাথাকে। সি যি হওক, কথা গীতাৰ গদ্য স্বভাৱতে এতিয়া বৈকুণ্ঠনাথৰ পৈণত হাতৰ, আৰু সৰহ নহলেও কথা-'ভাগৱত ৰচনাতকৈ অধিক নিমজ৷ যেনেকৈয়ে হওক, আন আন বিষয়ৰ দৰেই শঙ্কৰদেৱই অসমীয়া গদ্যৰো জনক- জননী যে সন্দেহ নাই, বৈকুণ্ঠনাথৰ অৱদান এয়ে যে , তেওঁ জয়ে জয়ে তাক নাটকৰ চাৰি বেৰৰ ভিতৰৰ পৰা উলিয়াই আনি স্বাধীন দাৰ্শনিক গ্ৰন্থ আৰু মুকলি ৰচনাৰ বাহন ৰূপে ব্যৱহাৰ কৰি আৰু নানা কাৰ্য্যৰ উপযোগীকে ভবিষ্যত অসমীয়া সাহিত্যৰ বাবে এৰি গৈছে। স্ৰজনমূলক প্ৰতিভাৰ কলাকাৰ ৰূপেও বৈকুণ্ঠনাথেই বৈষ্ণৱ যুগৰ অন্তিম জ্যোতিষ্ক নিশ্চয়।

 নৱ-জন্মৰ বৈষ্ণৱ সাহিত্যৰ জোৱাৰৰ সামৰণি।” অসমীয়া বৈষ্ণৱ