পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৫
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


মন প্ৰসন্ন নভৈল; পৰম খেদত শ্ৰীনাৰদৰ উপদেশে শ্ৰীভাগৱত কৰিতে শাস্ত্ৰৰ প্ৰতিপাদ্য পৰমেশ্বৰক চিন্তন্ত, যাহাতে মিছা প্ৰপঞ্চ প্ৰকাশে, যাত হন্তে জগতৰ সৃষ্টি স্থিতি সংহাৰ হয়। প্ৰকৃতি-পুৰুষত পৰ ব্ৰহ্মাৰো জ্ঞানদাতা সত্য সৰ্ব্বজ্ঞ তাহাযঙ্ক চিন্তঞো। সকল শাস্ত্ৰত বৰ শ্ৰীভাগৱত শ্ৰেষ্ঠ, যাক শ্ৰীনাৰায়ণে কহিছা, যাত কহে পৰম ধৰ্ম্ম কেৱল হৰি ভজন, মোক্ষতো কৰি শ্ৰেষ্ঠ, ব্ৰহ্মজ্ঞান অযত্নে হয়, পৰম সুখ দেই, তিনি তাপ হৰে।...... হেন জানি সামাজিকসৱ, শ্ৰীভাগৱত সাৱধান মনে নিত্য শ্ৰৱণ-কীৰ্ত্তন কৰাঁ , প্ৰথমে ডাকি হৰি বোল হৰি।"

 এই গদ্য শঙ্কৰদেৱ-মাধৱদেৱৰ গদ্যৰ অন্ততঃ পাঁচকুৰি বছৰৰ পিছত, কিন্তু ইয়াত অকল কীৰ্ত্তন নামঘোষাৰ ভাবৰ প্ৰতিধ্বনিকেহে যে শুনা হয় এনে নহয়, সেইসকলৰ অঙ্ককেখনৰ ভাষা আৰু লালিত্যৰ প্ৰতিধ্বনিও সুন্দৰকৈ শুনিবলৈ পোৱা হয়। ৰামৰায়ৰ গুৰু-লীলামতে “প্ৰভুৰ আজ্ঞায়ে বাহ্ৰ স্কন্ধ ভাঙ্গি কথা ৰূপ কৰিলন্ত॥ গীতা-ৰত্নাৱলী কথা ৰূপে তাকো কৰিলন্ত বিৰচন। স্ত্ৰী-শূদ্ৰ শিশু সমস্তে বুঝয়, পঢ়ন্তে নাহি দূষণ॥৯২৭।” কথা ৰত্নাৱলীৰ উল্লেখ বিশেষ নাই; কিন্তু কথা-গীতাৰ বিষয়ে নীলকণ্ঠই লিখিছে, “কবিৰত্নদেৱে গীত শাস্ত্ৰক বাখানি কথা-বন্ধে নিবন্ধিলা পুস্তকক আনি॥ অৰিহণা কথা ভক্ত হাতে দিলা। দামোদৰদেৱৰ কাৰ্য্যক পঠাইলা॥ ৬১৯। পাটবাউসীৰ ভক্ত বেহাৰক যায়। প্ৰণমি সন্দেশ দিলা দামোদৰ ঠাই॥ ধনৰ টুপলি পুস্তকক দেখিলন্ত। হাসি দামোদৰে পুথি মেলি চাইলন্ত॥ ৬২০। দেখস্ত গীতাৰ কথা পৰম শোভন।

যত মূঢ়গণ৷৷৬২১৷৷ কথ-সাত্বত তন্ত্ৰ এখনিও বৈকুণ্ঠনাথে লিখিছিল বুলি কয়,

তাৰ উল্লেখো চৰিতত পোৱা নাই৷ কিন্তু ভক্তিসাৰ, ভক্তিবিবেক আৰু শৰণ-সংগ্ৰহ নামৰ সংস্কৃতত লিখা তিনিখন পুথি পোৱা গৈছে৷ প্ৰসঙ্গমালা আৰু গুৰু-বংশাৱলী বুলি অসমীয়াত দুখন পদ-পুথিও বৈকুণ্ঠনাথে লিখে, কিন্তু এনে লেখৰ নহয়৷

 “কথা-গীতা। প্ৰথম-অধ্যায়। ধৃতৰাষ্ট্ৰে সঞ্জয়ত প্ৰশ্ন কৰন্ত। হে সঞ্জয়, মোৰ পুত্ৰসৱ পাণ্ডুপুত্ৰসবো ধৰ্ম্মভূমি কুৰুক্ষেত্ৰত যুদ্ধত মিলিত হুয়া কি কৰ্ম্ম কৰিলা মোত কহা৷--- সঞ্জয়ে বোলন্ত, বোলা ৰাজা, অৰ্জ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণে সকল ৰাজাৰ মাঝত ভীষ্ম দ্ৰোণ সম্মুখত দুই সেনাৰ মধ্যত উত্তম ৰথ ৰাখি বুলিলাঃ- হে পাৰ্থ, কুৰু বীৰসৱক চক্ষু মেলি দেখাঁ৷ তাত অৰ্জ্জুনে পিতৃব্য-পিতামহ আচাৰ্য্য-মাতুল ভাতৃ-ভাতৃপুত্ৰ পৌত্ৰ-সখী শশুৰ-সুহৃদ সৱ দুয়ো সেনাত দেখিলা৷