পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৩
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


বিৰোধ কেৱল কাৰোবাৰ হিংসামূলক অপপ্ৰচাৰ। অনিৰুদ্ধ-চৰিতত মাধৱে শঙ্কৰৰ পৰা অনিৰুদ্ধই মাধৱৰ পৰা কল্পতৰু শাস্ত্ৰ এখন পোৱা বুলি আছে; দুষ্ট “আদি-চৰিতে’’ তাকে শঙ্কৰদেৱৰ পৰা “ধাতু-তাম্ৰক্ষৰী" পুথি অনিৰুদ্ধই চুৰ কৰা বুলিব পাৰে।

 বৈকুণ্ঠনাথ (১৫৫৮–১৬৩৮ খৃঃ) অসমৰ বৈষ্ণৱ আকাশৰ এই শাৰদী দীপাৱলীৰ শেষত জ্বলা অন্যতম উজ্জ্বল নক্ষত্ৰ। এওঁ কবি সৰস্বতীৰ দ্বিতীয় পুতেক আৰু চন্দ্ৰ ভাৰতীৰ নাতিয়েক; ঘৰ বৰনগৰৰ ভেৰা গাঁৱত। ভট্টদেৱ, কবিৰত্ন, ভাগৱত ভট্টাচাৰ্য আদি এওঁৰ উপাধি। ৰামচৰণে লিখিছে “বৈকুণ্ঠনাথ নামে ব্ৰাহ্মণ একজন। আছিলন্ত নগৰত পৰম গহন॥ বিখ্যাত পণ্ডিত হন্ত তান্ত্ৰিক ব্ৰাহ্মণ। দেশ মধ্যে গণ্য-মান্য মানে সৰ্ব্বজন।৩১১১৷” বামুণ হৈ শঙ্কৰদেৱৰ ধৰ্ম ধৰাৰ বিৰুদ্ধে, মাধৱে শঙ্কৰৰ লগত তৰ্ক কৰা দৰে, এওঁ দামোদৰৰ লগত তৰ্ক কৰে আৰু তৰ্কত পৰাস্ত কৰিব নোৱাৰি গায়াপানিয়ে মাধৱক নিয়া দৰে দামোদৰে বৈকুণ্ঠক শঙ্কৰদেৱৰ ওচৰলৈ নিয়ে আকৌ মাধৱৰ দৰেই বৈকুণ্ঠৰো শঙ্কৰদেৱক দেখা মাত্ৰই মন্ত্ৰ- মুগ্ধ সাপৰ দৰে মূৰ দোঁ খালে : “মিনতি মাতেৰে বিপ্ৰে মাতিলন্ত পাছে। বহু অপৰাধ মই নজানি কৰিলো। নিন্দাবাদ কৰি মই অধোগামী হৈলো। ৩১৩১। দেখিলোঁ সাক্ষাতে আৱে মহা ভাগৱত৷ দিয়াঁ উপদেশ মোক মজিলোঁ গৰ্ব্বত। এহি বুলি কৰযোৰে শৰণ মাগিল। হেন দেখি গুৰু হাসি সমিধান দিল॥ ৩১৩২। এহি বুলি দামোদৰে আদেশ কৰিল। শৰণ দিয়াঁহা বুলি বাক্যক বুলিল॥ ৩১৩৩। শুনি ভট্টদেৱে বোলে দুখ মন কৰি। কৃতাৰ্থ হঁবোহোঁ ধৰ্ম্ম তযু পাশে ধৰি॥ দিয়া বাপ নিজে তুমি শৰণ আমাক। এহি বুলি কৰযোৰে বুলিলন্ত বাক॥ ৩১৩৪। গুৰু বোলে আত কিছু নকৰাঁ সন্দেহ। মোৰে দামোদৰে ভিন্ন নাহি মাত্ৰ লেশ ৩১৩৫। গুৰু আজ্ঞা পাই দামোদৰ মহামানী। ভট্ৰদেৱে দিলা ধৰ্ম্ম মহাজ্ঞানী জানি। ৩১৩৬।”

 যেনেকৈয়ে হওক, বৈকুণ্ঠনাথৰ কথা-ভাগৱতৰ ৰচনাৰ বাবে যে আমি দামোদৰদেৱৰ ওচৰত বিশেষ ঋণী, সেই কথা স্বীকাৰ কৰিবই লাগিব। চিলা- ৰায়ৰ পুতেক ৰঘুদেৱ (১৫৮১-১৬০৩ খৃঃ) ঢুকোৱাত সোণকোষৰ পূব পাৰৰ কোচ ৰাজ্যত এওঁৰ পুতেক পৰীক্ষিত নাৰায়ণ (১৬০৩-১৩খৃঃ) ৰজা হয়। ৰাজ- পাটত উঠিয়েই তেওঁ বৈষ্ণৱসৱক উৎপীড়ন কৰিবলৈ আৰম্ভ কৰে আৰু বলি-বিধান